Rnewsindia24.com Assam
অপাৰ সাহস, দক্ষতা, নিষ্ঠা পৰায়ণতা, কৰ্ম তৎপৰতা, নিৰপেক্ষতা আৰু দেশ তথা দহৰ প্ৰতি দ্বায়িত্ববোধ থকা দ্বায়বদ্ধশীল ভাৰতীয় জোৱান সকল সদায়ে ইতিহাসৰ পাতত জিলিকি থাকিব।
ভাৰতীয় সৈন্যবাহিনীৰ অদম্য সাহস, বীৰত্ব, ত্যাগ আৰু দেশমাতৃৰ প্ৰতি থকা সমৰ্পণৰ ভাৱ আৰু অগাধ প্ৰেমৰ বাবে তেওঁলোক আমাৰ হৃদয়ত বাস কৰিব।
মৰিও অমৰ হৈ ৰব দেশমাতৃৰ বীৰ জোৱান সকল।
কাৰ্গিল যুদ্ধত ভাৰতীয় জোৱান সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বীৰত্বৰ অনন্য নিদৰ্শন দাঙি ধৰি প্ৰিয় মাতৃভূমিৰ সুৰক্ষাৰ স্বাৰ্থত হাঁহি হাঁহি নিজৰ জীৱন আহুতি দিয়া দেশমাতৃৰ সুযোগ্য সন্তানসকলক লাল চ্যেলুট।
আমাৰ গৌৰৱ ভাৰতীয় নিৰাপত্তা বাহিনীৰ ওচৰত আমি সকলো ভাৰতবাসী ঋণী হৈ থাকিম।
উল্লেখ্য যে ২৬ জুলাই, ‘কাৰ্গিল বিজয় দিৱস’ৰ গৌৰৱপূৰ্ণ ক্ষণত ভাৰতবৰ্ষৰ মান, ত্ৰিৰংগা স্বাভিমান ৰক্ষাৰ হেতু নিজৰ সৰ্বোচ্চ উৎসৰ্গা কৰা দেশৰ বীৰ যোদ্ধা, মহান সৈনিকসকলক গভীৰ শ্ৰদ্ধাৰ সহিতে সুঁৱৰিছো।
জয় হিন্দ, জয় জোৱান।
জুলহাছ আলী আহমেদৰ প্ৰতিবেদন R News India 24