৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 30/2023:- 

1. অসম বিধান সভাৰ নতুন ভৱন মুকলি কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্য মান্য ব্যক্তি।

2. ২০হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে যোৰহাট সদৰ থানাৰ SI(UB) প্ৰণৱ নাথ৷

3. বৰপেটা সত্ৰ দৰ্শন কৰে ধিং এক্সপ্ৰেচ হিমা দাসে।
এখন কাৰাটে প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত হিমা দাস।

4. মাজুলীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ছাত্ৰৰ মৃত্যু।
নিহত ছাত্ৰগৰাকী গেজেৰাৰ ৰাহুল পেগু।
ধেমাজি কলেজৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ আছিল ৰাহুল পেগু।

5. সোণাৰিত ছালফা সদস্য যোগেন গগৈলৈ আৰক্ষীৰ গুলী।
সোঁ ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় ছালফা সদস্যজন।

6. লামডিঙৰ নতুন বস্তিৰ পৰা সন্ধানহীন ১৫ বছৰীয়া দুজন ছাত্ৰ।
৪দিন ধৰি সন্ধানহীন বিচিত্ৰ দাস, সাগৰ ছেত্ৰী নামৰ ছাত্ৰ দুজন।
গুৱাহাটীত কেটাৰিঙৰ কাম পোৱা বুলি ঘৰৰ পৰা ওলাই গৈছিল সাগৰ ছেত্ৰী।

7. লখৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক।
দুয়োকে সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হয়।

8. ড্ৰাগছ সৰবৰাহকাৰীৰ নতুন কৌশল।
মহানগৰীত এম্বুলেন্সৰ পৰা ড্ৰাগছ ভৰ্তি ৩টা কণ্টেইনাৰ জব্দ কৰে।
এম্বুলেন্সৰ চালক চনুক গ্ৰেপ্তাৰ কৰে ভঙাগড় আৰক্ষীৰ।

9. কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীৰ অভিযান।
অভিযানত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৪১৯ কেজি গাঞ্জা জব্দ কৰে।
জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ লাখ টকা।
ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন।

10. দৰং আৰক্ষীৰ বৃহৎ সফলতা।
ধূলাত আটক কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী।
ধৃত ড্ৰাগছ ব্যৱসায়ীটো ভেৰভেৰীঝাৰৰ মোবাৰক আলী ।
জব্দ কৰে ১৩২টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, ৩২.২গ্ৰাম হেৰ’ইন।

11. কাছাৰৰ ধলাইত জব্দ কৰে ইউৰিয়া সাৰভৰ্তি দুখন ট্ৰাক ।
উদ্ধাৰ কৰে ১০০০ বস্তা ইউৰিয়া সাৰ।
ট্ৰাক দুখনৰ ২ চালকসহ মুঠ ৪জনক গ্ৰেপ্তাৰ কৰে।

12. গৌৰীপুৰ বজাৰত বিধংসী অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় ৭খনকৈ কাপোৰৰ দোকান।
ভস্মীভূত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি।
অগ্নিনিৰ্বাপক বাহিনীৰ, স্থানীয় লোকৰ প্ৰচেষ্টাত নিৰ্বাপিত হয় জুই।
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হয়।

13. মহানগৰীৰ ভঙাগড়ত আৰক্ষীৰ অভিযান।
৪.১৩ গ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটো আমলুদ্দিন আহমেদ।

14. গুজৰাট আহমেদাবাদৰ চাহিবাগৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড।
২০-২৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণৰ চেষ্টা কৰে।

15. কাছাৰৰ লক্ষীপুৰত ভয়াৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন প্ৰাক্তন সেনাকৰ্মী।
নিহত প্ৰাক্তন সেনাকৰ্মীজন মণিধন সিংহ।

16. ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ আন এক সফলতা।
চন্দ্ৰযান-৩ৰ পাছত ৭টাকৈ নতুন ছেটেলাইট উৎক্ষেপণ ISROৰ।
শ্ৰীহৰিকোটাৰ পৰা PSLV-C56ৰ যোগেদি উৎক্ষেপণ ৭টা ছেটেলাইট।

17. বিশ্ব ক্ৰিকেটৰ বাবে দুঃখবৰ।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ইংলেণ্ডৰ তাৰকা পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এছেজৰ পঞ্চম টেষ্টেই হ’ব ষ্টুৱাৰ্ট ব্ৰডৰ কেৰিয়াৰৰ অন্তিমখন মেচ।
৩৭ বছৰ বয়সত অৱসৰ ঘোষণা ইংলিছ ক্ৰিকেটাৰগৰাকীৰ।
ইংলেণ্ডৰ হৈ ব্ৰডে ১৬৭খন টেষ্টত লাভ কৰিছে ৬০২টা উইকেট।
সংগ্ৰহ কৰিছে ৩৬৫৪ ৰাণ।

18. পাকিস্তানৰ খৈবৰ পখতুনখাত বোমা বিস্ফোৰণ।
বিস্ফোৰণত ২০জনকৈ লোক নিহত হয়।
গুৰুতৰভাৱে আহত হয় ৩০জনতকৈও অধিক লোক।

19. গুৱাহাটী জিলা কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত বিষয়ববীয়াৰ আদৰণি অনুষ্ঠান।
১৬৪জনীয়া কমিটিৰ সদস্যসকলক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ।
অনুষ্ঠানত অংশগ্ৰহন কৰে বহুকেইগৰাকী বিধায়কে।

20. তেজপুৰৰ কাৱৈমাৰীত শোকাৱহ ঘটনা৷
পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যু যুৱকৰ৷
নিহত যুৱকজন কাৱৈমাৰীৰ ভাস্কৰ নাথ৷
সমনীয়াৰ সৈতে পুখুৰীত সাঁতুৰিবলৈ গৈছিল ভাস্কৰ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *