৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 31/2023:- 

1. লখিমপুৰত অনুষ্ঠিত হয় দ্বিতীয়খন জল জীৱন সন্মিলন।
সন্মিলনত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা,বিধায়ক মানৱ ডেকা আৰু বহু গণ্যমান্য ব্যক্তি।
JJMৰ জৰিয়তে লখিমপুৰৰ দুয়োটা সংমণ্ডলত ১ হাজাৰ কোটিতকৈ অধিক ব্যয় সাপেক্ষে ১,৪৪৫খন আঁচনি ৰূপায়নৰ কাম আৰম্ভ হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

2. বিধায়ক প্ৰশান্ত ফুকন অসুস্থ।
মহানগৰীৰ হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
মধুমেহ, জ্বৰ-কাহ, ভাইৰেলত আক্ৰান্ত হয় বিধায়কগৰাকী।

3. সু- ভাল খবৰ৷
অ’স্কাৰলৈ মনোনীতৰ দিশে ছুটি ছবি ‘You Always, You Never’৷
পৰিচালক সৌৰভ ৰয়ৰ পৰিকল্পনা আৰু পৰিচালনাত নিৰ্মিত হৈছে ছবিখন৷

4. SP লীনা দলেক CBIৰ জেৰা।
গুৱাহাটীৰ গোপন স্থানত জেৰা চলিছে।
জোনমণিৰ মাতৃয়ে দিয়া এজাহাৰত মূল অভিযুক্ত আছিল লীনা দলে।

5. নলবাৰীত চিলনী চোৰক খেদি খেদি কৰায়ত্ত কৰিলে এগৰাকী সাহসী যুৱতীয়ে৷
যুৱতীৰ বেগ থপিয়াই নিয়া চোৰক স্কুটীসহ বাগৰালে যুৱতীগৰাকীয়ে৷
নলবাৰীৰ চ’ক বজাৰত সংঘটিত হয় এই ঘটনা৷

6. অৱশেষত ভকত-বৈষ্ণৱৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে ভূপেন বৰাই৷
নাওবৈচাৰ চিলনীবাৰী নামঘৰত শৰাই দিলে ভূপেন বৰাই৷
শ্ৰীকৃষ্ণ-ৰুক্মিণীৰ প্ৰেমক লাভ জেহাদেৰে তুলনা কৰি সমালোচিত হৈছিল বৰা৷

* ‘ভূপেন বৰাই নিজেই এটা মন্দিৰ সাজি তাত ঘোষা গাওক, কীৰ্তন কৰক।
সনাতনীক আৰু কষ্ট দিব নালাগে’৷
পুনৰ ভূপেন বৰাক কটাক্ষ কৰি এই মন্তব্য কৰিলে মন্ত্ৰী পীযূষ হাজৰিকাই৷

7. শিৱসাগৰ জিলা আয়ুক্ত হিচাপে দায়িত্বগ্ৰহণ দশম শ্ৰেণীৰ ছাত্ৰৰ।
এদিনৰ বাবে অসম চৰকাৰৰ ‘আৰোহণ’ আঁচনিৰ অধীনত DC হ’ল ভ্যগদ্বীপ ৰাজগড়।
ভাগ্যদ্বীপ ৰাজগড় মহখুটি চাহ বাগিচাৰ বাসিন্দা তথা ডিমৌৰ বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ।

8. কোকৰাঝাৰত এগৰাকী গৃহৰক্ষী জোৱানক হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ৷
গৃহৰক্ষী জোৱানজন বাসুদেৱ কিস্কু বুলি চিনাক্ত৷
আমগুৰিৰ দাবলেগাঁৱত সংঘটিত হয় এই হত্যাকাণ্ড৷

9. গণেশগুৰিৰ মানিকনগৰত অগ্নিকাণ্ড৷
মূলপথৰ কাষৰ বিদ্যুতৰ খুঁটাত লাগে জুই৷ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰে।

10. সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ।
শীঘ্ৰেই জনগোষ্ঠীটোক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে চৰাইদেউৰ জিলা আয়ুক্ত কার্যালয় ঘেৰাও কৰে।

11. বাইহাটা চাৰিআলিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷
অভিযানত আলিপূব গাঁৱৰ ধন শইকীয়া ওৰফে গুটিধনক আটক কৰে আৰক্ষীয়ে।
গুটিধনৰ পৰা ২৬ টা কণ্টেইনাৰসহ ৩৫ গ্ৰাম ড্ৰাগছ, নগদ ২২,৪৫০ টকা জব্দ কৰে।

12. তামুলপুৰৰ চলিকন্দাত অগ্নিকাণ্ড৷
অগ্নিকণ্ডত ৪খন দোকান, এজন লোকৰ বাসগৃহ ভস্মীভূত হয়৷

13. পুনৰ ২০ শতাংশ পৰ্যন্ত বৃদ্ধি হ’ল ঔষধৰ দাম৷
FDC, জনছন এণ্ড জনছন, গ্লেক্স’ আদি কোম্পানীৰ ঔষধৰ ব্যাপক হাৰত দাম বৃদ্ধি৷
জ্বৰ, চৰ্দি, কাহৰ লগতে মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিকৰ ঔষধৰো দাম বৃদ্ধি হয়।

14. মৰিগাঁৱৰ আৰক্ষী ছাউনীত পথ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰি পথত বাগৰিল ট্ৰাক৷
দুৰ্ঘটনাত আহত হয় চালক-হেণ্ডিমেন৷

15. মহাৰাষ্ট্ৰৰ পালঘৰত জয়পুৰ এক্সপ্ৰেছত RPF জোৱানৰ গুলীচালনা৷
গুলীচালনাত এজন ASI আৰু ৩ গৰাকী যাত্ৰীৰ মৃত্যু হয়।
গ্ৰেপ্তাৰ কৰে হত্যাকাৰী RPF জোৱানজনক৷

16. পাকিস্তানৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ৫০জনলৈ বৃদ্ধি।
বিস্ফোৰণত আহত হয় ২০০ জনৰো অধিক লোক।

17. কাছাৰৰ গুমৰাত গাওঁৰক্ষী বাহিনীৰ হাতত আটক কৰে ৪ অবৈধ বাংলাদেশী।
৩ মাহ পূৰ্বে অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত।

18. আৰক্ষী-CRPF ৰ যৌথ অভিযান।
অভিযানত আটক কৰে দুই UPFKLৰ সদস্য।
কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী আৰু CRPFএ অভিযান চলাই এখন এল্ট’ বাহনৰ পৰা জব্দ কৰে UPFKLৰ পেড, মাণাস্ত্ৰ, গোলা-বাৰুদ।

19. বহিঃৰাজ্যত দুৰ্বৃত্তৰ অস্ত্ৰাঘাটত মৃত্যু অসমৰ যুৱকৰ।
মৃত যুৱকজন কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম।
কৰ্মৰ সন্ধানত মেঘালয়লৈ গৈছিল ৰফিকুল ইছলাম।

20. নয়দাত অনুষ্ঠিত এছিয়ান য়ুথ এণ্ড জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বীপত অসমৰ বেদব্ৰত ভৰালীৰ পদক লাভ কৰে।
২টা সোণৰ পদক আৰু ১টা ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়াই খেলুৱৈগৰাকীয়ে।
নয়দাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ভাৰোত্তোলন চেম্পিয়নশ্বীপ।

Leave a Reply

Your email address will not be published. Required fields are marked *