৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam August 2/2023:-
1. পুনেত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান।
উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক “লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটাৰে” সন্মানিত কৰা হয়।
2. কামৰূপৰ দকুৱাপাৰাত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
ছয়গাঁও আৰু পলাশবাৰীত নিৰ্মিত মথাউৰিৰ কামো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।
3. শিক্ষানুষ্ঠানত ৰেগিং সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ টুইট৷
‘Say NO to ragging!’ নৱাগত শিক্ষাৰ্থীক সন্মানসহকাৰে আদৰাৰ লগতে ভয়ৰ পৰা সকলো শিক্ষাৰ্থীক মুক্ত ৰাখিবলৈ আহ্বান জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
নৱাগত সকলৰ সপোনবোৰ উপলব্ধি কৰিবলৈ আহ্বান শিক্ষামন্ত্ৰী গৰাকীৰ।
4. নলবাৰীত দাম বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ৷
প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ মুখা পিন্ধি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ৷
দাম বৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰক গৰিহণা প্ৰতিবাদকাৰীৰ৷
5. মুখ্যমন্ত্ৰীৰ OSDৰ নামত ধন সংগ্ৰহ কৰি উধাও প্ৰৱঞ্চক।
নিজকে SI বুলি চিনাকি দিয়ে তেজপুৰৰ প্ৰৱঞ্চক মুনীন্দ্ৰ কোঁৱৰ।
সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰৰ নামত আত্মসাৎ কৰে কোটি কোটি টকা।
আৰক্ষীৰ পোছাকত থাকি প্ৰৱঞ্চনা কৰি আহিছে প্ৰৱঞ্চক মুনীন্দ্ৰ কোঁৱৰে।
6. অসমত মুঠ ৩১.৯৮ শতাংশ লোক অৰ্থাৎ ১.০১ কোটি জনসাধাৰণ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।
দেশৰ উন্নত ৰাজ্যৰ তালিকাত শেষৰ পৰা অষ্টম স্থানত আছে অসম।
এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ শীৰ্ষ-৫ ৰাজ্যলৈ উন্নীত কৰালৈ অপেক্ষা- মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ।
7. বঙাইগাঁৱৰ জিলা পৰিবহন প্ৰাধিকাৰীৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান।
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰী।
8. মহাৰাষ্ট্রৰ থানেত শোকাৱহ দুর্ঘটনা।
পথ নির্মাণৰ সময়তে কর্মৰত শ্রমিকৰ ওপৰত বাগৰি পৰিল বিশাল ক্রেন।
এই ঘটনাত ১৭জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে আন ৩জন গুৰুতৰভাৱে আহত হয়।
9. দুলীয়াজানৰ মাজমজিয়াত ভয়ংকৰ ঘটনা৷
অইলৰ গেছ পৰিবাহী পাইপলাইনত প্ৰচণ্ড শব্দৰে নিৰ্গমণ প্ৰাকৃতিক গেছ৷
গেছ নিৰ্গমণৰ পাছতে আতংকিত স্থানীয় ৰাইজ৷
10. চামগুৰিৰ সোণাৰিবালিত অঘটন৷
বিদ্যুৎস্পৃষ্ট হৈ খেল পৰিচালক ৰুহুল আমিনৰ মৃত্যু৷
বিদ্যুৎ ব্যাহত হোৱাত জেনেৰেটৰ চলাবলৈ গৈ বিদ্যুৎস্পৃষ্ট ৰুহুলৰ।
11. দেশ কঁপোৱা মণিপুৰ কাণ্ডৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ৷
৪ অভিযুক্তক তিনিদিনৰ বাবে CBIৰ জিম্মালৈ প্ৰেৰণ৷
ইতিমধ্যে এটা নাবালকসহ মুঠ ৭ জনক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে৷
12. গহপুৰ হেলেমৰ মিছামাৰীত পথ দুৰ্ঘটনা৷
ৰৈ থকা ট্ৰাকৰ তলত সোমাই যায় বলেৰো বাহন৷
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চালক-হেণ্ডিমেন৷
13. শোণিতপুৰ বালিপৰাৰ গুডামঘাটত আৰক্ষীৰ ওপৰত আক্ৰমণ৷
আক্ৰমণত আহত হয় দুজন আৰক্ষী বিষয়া৷
14. মহাৰাষ্ট্ৰৰ থানেৰ শ্বাহপুৰত ভয়ংকৰ দুৰ্ঘটনা৷
শ্লেব খহি পৰি ১৬জন লোকৰ মৃত্যু হয়।
15. ৰূপহীহাটত এনকেফ্লাইটিজত এটি শিশুৰ মৃত্যু হয়।
16. ডিমৌৰ ঔতলা গাঁৱত চাঞ্চল্যকৰ ঘটনা।
আলফা স্বাধীনৰ নাম লৈ ডকাইতি এটা দুৰ্বৃত্তৰ দলৰ।
শিক্ষক দম্পতীৰ বাসগৃহৰ পৰা লুটিলে নগদ ধনৰ লগতে সোণৰ গহনা।
17. নাগালেণ্ডৰ মন জিলাত NSCNৰ মাজত সংঘাত৷
NSCN(IM)য়ে হত্যা কৰিলে NSCN(R)ৰ সদস্যক৷
নিহত সদস্যজনৰ নাম টিনচাই কন্যাক৷
NSCN(IM)ৰ অঞ্চলত গৈ ধনদাবীৰ বাবেই টিনচাইক হত্যা৷
18. মহানগৰীৰ বৰাগাঁৱত শুল্ক বিভাগৰ চোৰাং সৰবৰাহ বিৰোধী শাখাৰ অভিযানত জব্দ কৰে ৫৩ লাখ ৬০ হাজাৰ টকাৰ বিদেশী চিগাৰেট।
19. পেঙেৰীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীৰ তালাচীত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে।
টেবলেট সৰবৰাহেৰে জড়িত ১২ জনক আটক কৰে।
20. গুৱাহাটীৰ ৰে’ল ষ্টেচনত পুনৰ জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা৷
তেজছ এক্সপ্ৰেছৰ পৰা ৰে’ল আৰক্ষীৰ সহযোগত জব্দ কৰে গাঞ্জাখিনি৷