কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতিদিৱসত আমি যাচিছোঁ‌ সহস্ৰ প্ৰণিপাত।

Spread the love

আজি গীতাঞ্জলিৰ কবি, ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা , সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতিদিৱস।

ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু বাংলা সাহিত্যৰ দিক্-দৰ্শক ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুবাৰ্ষিকী ।

তেখেতৰ জন্ম হৈছিল ১৮৬১ চনৰ ৭ মে’ তাৰিখে ।
তেঁ‌ৱেই হৈছে বিশ্বৰ একমাত্ৰ কবি ; যি দুখনকৈ দেশৰ জাতীয় সংগীতৰ ৰচনা কৰিছিল ।

কোৱা হয় – বাংলা ভাষা, সাহিত্য, শিল্পকলা আৰু শিল্পচেতনাত ৰবীন্দ্ৰনাথ ঠাকুৰৰ হাতত নতুনকৈ নিৰ্মিত হৈছে ।
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনক প্ৰভাৱিত কৰা কেইজনমান ব্যক্তি হৈছে – ভী আৰ বেন্দ্ৰে, য়ছোনাৰী কাৱাবাটা,গ্ৰেবিয়ালা মিস্ত্ৰাল, পাবলো নেৰুদা ইত্যাদি ।

ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত ৰবীন্দ্ৰনাথে তেওঁ‌ৰ জীৱনৰ প্ৰথম কবিতা লিখিছিল মাত্ৰ ৮ বছৰ বয়সত ।

তেওঁ‌ ব্ৰিটিছ শাসনৰ প্ৰৱল বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বৰে পৰিচালিত ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰিছিল ।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ সকলোতকৈ প্ৰভাৱশালী সাহিত্য হৈছে তেখেতৰ গীত আৰু কবিতাবোৰ ।

চুটিগল্প,প্ৰৱন্ধ,ভ্ৰমণ কাহিনী আৰু নাটক ৰচনাতো তেখেত সিদ্ধহস্ত আছিল ।

তেখেতৰ কবিতাৰ পুথি ‘গীতাঞ্জলি’য়ে বিশ্ববিখ্যাত নোবেল বঁ‌টা পাবলৈ সক্ষম হৈছিল ।

গীত আৰু কবিতাৰ পাছতে তেখেতৰ আটাইতকৈ প্ৰভাৱশালী ৰচনা হ’ল চুটিগল্প আৰু উপন্যাসসমূহ।

তেখেতক বাংলা ভাষাৰ চুটিগল্পৰ প্ৰতিষ্ঠাতা বুলি গণ্য কৰা হয় । সাধাৰণ মানুহৰ জীৱনধাৰা আছিল তেখেতৰ ৰচনাৱলীৰ প্ৰধান উপজীৱ্য ।

আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্মৃতিদিৱসত আমি যাচিছোঁ‌ সহস্ৰ প্ৰণিপাত ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *