৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 6/2023:- 

1. ১৫ আগষ্টত ৰাজ্য চৰকাৰে পালন কৰিব ‘বীৰো কা বন্দন’ কাৰ্যসূচী।
পতাকা উত্তোলনৰ পাছতে আৰম্ভ হ’ব এই কাৰ্যসূচী।
ৰাজ্যৰ সকলো প্ৰান্তৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াক চৰকাৰী বিষয়াই ঘৰে ঘৰে জনাব সম্বৰ্ধনা।
সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।

2. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এ ভিডিঅ’ কনফাৰেন্স যোগে মহানগৰীৰ নাৰেংগী ৰেলৱে ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে।
শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু বহু গণ্যমান্য ব্যক্তি।

“উত্তৰ-পূবত ৰে’লৱেৰ সম্প্ৰসাৰণক আমি গুৰুত্ব দিছোঁ।
শীঘ্ৰেই উত্তৰ-পূবৰ প্ৰতিখন ৰাজধানী ৰে’লপথেৰে সংযুক্ত হ’ব”- মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

3. বিজনীত UPPLৰ বিশাল জনসভা।
জনসভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অতুল বৰা আৰু বহু গণ্যমান্য ব্যক্তি।

4. মঠঘৰীয়াস্থিত ৰাইজৰ দলত যোগদান কাৰ্যসূচী।
নতুন প্ৰজন্মৰ ২৫জন সাংস্কৃতিক কৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত৷
যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক অখিল গগৈৰ লগতে ৰাইজৰ দলৰ বিষয়ববীয়াসকল।

5. ৰহাৰ চাপৰমুখ প্ৰাথমিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
৩৫ বছৰে মুকলি নোহোৱা চিকিৎসালয়খন শীঘ্ৰে মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

6. পাকিস্তানত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷
লাইনচ্যুত ১০টাকৈ দবা৷
ৰে’ল দুৰ্ঘটনাত নিহত হয় ২০ জন, আহত হয় ৫০জনৰো অধিক লোক৷

7. শিশু শ্ৰমিকক শাৰীৰিক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শ জয়ন্ত বৰা।
জয়ন্ত বৰাৰ পত্নী বনশ্ৰী বৰা, বোৱাৰী দীপশিখা শইকীয়াকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

8. বিশ্বনাথৰ মোনাবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ।
ভাইৰেল কনজাংটিভাইটিছৰ সজাগতাৰ বাবে ছাইনিং গ্ৰীন আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে আয়োজন কৰে শিবিৰৰ।

9. মহানগৰীৰ হেলথ চিটীত হাস্পতালত চিকিৎসাধীন অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী।
ড° ভৱানন্দ দাসৰ নেতৃত্বত চলিছে চিকিৎসা।

10. নলবাৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিজেপি নেতাৰ মৃতদেহ৷
বিজেপিৰ বুথ সভাপতি কন্দৰ্প বৰ্মনৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য৷
শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল শুকেকুছিৰ কন্দৰ্প বৰ্মন৷

11. ৰাজ্যত বহুবিৱাহ সমাপ্ত কৰাৰ বাবে প্ৰতিবেদন দাখিল।
ৰাজ্যিক আইনসভাৰ আইনী দক্ষতা পৰীক্ষাৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰীক দাখিল কৰে প্ৰতিবেদন।

12. মহানগৰীৰ গীতানগৰত ফুটিল পানীৰ পাইপ।
পানীৰ পাইপ ফুটি জলমগ্ন হয় বিস্তীৰ্ণ অঞ্চল।

13. মহানগৰীৰ লখৰাত যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ৷
দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ৷
বৰ্তমানো পোহৰলৈ অহা নাই যুৱকজনৰ পৰিচয়।

14. জম্মু-শ্ৰীনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন।
ৰামবেন জিলাৰ কিলা ম’ৰত পাহাৰৰ শিল-মাটি খহি পৰাৰ ফলত ভয়ংকৰ পৰিস্থিতি।
বৰ্তমানে অব্যাহত পথছোৱাৰ মুকলিৰ কাম।

15. বাইহাটা চাৰিআলি তীৰৰ সাম্ৰাজ্য চলোৱা তাহজুল আলী ওৰফে লাডেনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষী চকুত ধূলি দি দীৰ্ঘদিনে উত্তৰ কামৰূপ অঞ্চলত চলাইছিল তীৰৰ সাম্ৰাজ্য।

16. গৌৰীপুৰত APDCLৰ কৰ্মচাৰীক আক্ৰমণৰ ঘটনা।
ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ।
বালাজন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আশ্রাফ আলীক।
৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

17. জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী-সেনাৰ মাজত সংঘৰ্ষ।
জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনাৰ গুলীত নিহত হয় ১টা সন্ত্ৰাসবাদী৷
বৰ্তমানেও সেনাই ঘেৰাও কৰি ৰাখিছে অঞ্চলটো।

18. ঝাৰখণ্ডৰ গিৰিডিহ জিলাত ভয়ংকৰ দুৰ্ঘটনা।
দলঙৰ পৰা বৰাকৰ নদীত পৰিল যাত্ৰীবাহী বাছ।
দুৰ্ঘটনাত ৪জনকৈ যাত্ৰীৰ কৰুণ মৃত্যু হয়, আহত হয় ২৪গৰাকী লোক।
কেইবাজনো লোক ডুবি যোৱাৰ আশংকা।

19. বাইহাটা চাৰিআলি আৰক্ষীৰ জালত বাল্যবিৱাহত আবদ্ধ দৰা।
বৰডাঙেৰীকুছিৰ পৰা দৰা আজমিৰ হুছেইনক আটক কৰে আৰক্ষীয়ে।
১৫ দিন পূৰ্বে অনানুষ্ঠানিকভাৱে অনুষ্ঠিত হৈছিল এই বিৱাহ।

20. দুৰ্ঘটনাত মঙলদৈৰ পুনিয়াত পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত এজন নিহত হয়।
নিহত যুৱকজন ছিপাঝাৰৰ পুখুৰীয়াপাৰাৰ ধীৰাজ ডেকা।
ঘাইপথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *