৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 13/2023:- 

1. অসম এথলেটিকছ সন্থাৰ নিৰ্বাচনত সভাপতি পদত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।
সাধাৰণ সম্পাদক পদত নিৰ্বাচিত গীতাৰ্থ গোস্বামী।
জ্যেষ্ঠ যুটীয়া সম্পাদক পদত নিৰ্বাচিত হয় নিপন দাস।

2. মা কামাখ্যা দেৱালয় প্ৰাংগণত বিশিষ্ট সাতোৰবিদ এলভিচ আলি হাজৰিকাক সম্বৰ্ধনা।
কামাখ্যা দেৱালয় পৰিচালনা সমিতি আৰু বৰদেউৰী সমাজৰ উদ্যোগত আয়োজন কৰে সম্বৰ্ধনা অনুষ্ঠান।

3. VIP বাহনৰ পৰা শীঘ্ৰেই আঁতৰিব চাইৰেণ।
চাইৰেণৰ পৰিৱৰ্তে বাজি উঠিব ভাৰতীয় বাদ্য-যন্ত্ৰৰ শব্দ।
পুনেত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

4. অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত জাতীয় মহিলা শক্তিৰ সংবাদমেল।
ৰাজ্য চৰকাৰে আৰ্টফ্ৰেড বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা জাতীয় মহিলা শক্তিৰ।

5. ‘তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী,
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে প্ৰগতিৰ চৰম শিখৰলৈ আগুৱাই গৈছে”- মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ।

6. বঙাইগাঁৱৰ অৰচিনি নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
কেন্দ্ৰটোৰ ওপৰত ভিন্ন প্ৰসংগত মন্তব্য ৰাখে মন্ত্ৰী গৰাকীয়ে।

7. মণিপুৰীবস্তীৰ ৰাধা কৃষ্ণ মন্দিৰত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ।
১৩২ সংখ্যক দেশপ্ৰেম দিৱসত ভাগ লয় গৌৰৱ গগৈয়ে।

8. বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
মুষলধাৰ বৰষুণৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দা মাৰে বাছখন।
দুৰ্ঘটনাত আহত হয় কেইবাজনো যাত্ৰী।

9. মৰিগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত।
নাম আশিকুৰ ৰহমান, ৰেকিবুদ্দিন।
দুয়োৰে পৰা উদ্ধাৰ কৰে চুৰি বেগ আৰু বহু নথি-পত্ৰ।

10. চাপৰৰ শেগুনঝাৰীত বহলপুৰৰ চম্পাৱতী নৈত গা ধুবলৈ গৈ দুটি শিশুৰ সলিল সমাধি।
নিহত শিশু দুটি নাম নজৰুল হুছেইন আৰু সহিদুল ইছলাম।

11. পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু।
মহানগৰীৰ জালুকবাৰী সদিলাপুৰৰ নিচামুক্তি কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে।
মৃত যুৱক জনৰ নাম দিপাংকৰ নমঃশূদ্ৰ।

12. বকোত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰাক আদৰণি।
বকো-ছয়গাঁও সমষ্টিক অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণ।
এই সন্দৰ্ভত ABSUকে ধৰি ৬ জাতীয় সংগঠনৰ নেতৃত্বৰ সংবাদমেল আয়োজন হয়।

13. কাছাৰৰ ধলাইত লোমহৰ্ষক হত্যাকাণ্ড।
মাদ্ৰাছাৰ হোষ্টেলত উদ্ধাৰ কৰে ছাত্ৰৰ মৃতদেহ।

14. গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ফুটবল খেলুৱৈ এলেন দেউৰী।
আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবে ফুটবলৰ উদীয়মান তাৰকা এলেনক প্ৰয়োজন হৈছে আৰ্থিক সাহায্যৰ।

15. পথ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে জু-ৰোডত ফুটিল পাইপ।
পাইপ ফুটি পথটোৰ একাংশত সৃষ্টি হয় বোকাময় পৰিস্থিতি।

16. জাগীৰোডত ৰে’লৰ খুন্দাত নিহত হয় চাইকেল আৰোহী।
নিহত লোকজনৰ নাম অনিল শ্বাহ।
ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

17. মৰিগাঁও আৰক্ষীৰ চাইবাৰ চক্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযান।
আৰক্ষীৰ জালত পৰে প’ৰ্টেলৰ সাংবাদিকসহ ৪ চাইবাৰ অপৰাধী।
টাইমছ-৩০ৰ সঞ্চালক জাভেদ খানক আটক কৰে।

18. বিলাহীৰ পাছত এইবাৰ দাম বৃদ্ধি পাইছে পিয়াঁজৰ দাম।
২৫-৩০ টকালৈ বৃদ্ধি হয় প্ৰতিকেজি পিয়াঁজৰ দাম।

19. লামডিং ৰে’লৱে ষ্টেচনত RPFৰ CIB দলৰ অভিযানত জব্দ কৰে ১২৫ পেকেট চিগাৰেট।
চিগাৰেটখিনিৰ বজাৰমূল্য প্ৰায় ২ লাখ টকা।

20. লংকাৰ বামুণগাঁৱত গণপ্ৰহাৰত মৃত্যু এজনৰ।
গৰু চোৰৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰে লোক জনক।
নিহত লোকজনৰ নাম হিপজুৰ ৰহমান।
গণপ্ৰহাৰৰ ঘটনাৰে জড়িত ৬ লোকক আটক কৰে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *