ধেমাজি জিলা ঘোষণাৰ আজি ৩৪ বৰ্ষ সম্পূৰ্ণ।

Spread the love

অসমীয়া জনজীৱনক জীয়াই ৰখা স্ৰোত সদৃশ বৰলুইতৰ উত্তৰপাৰৰে শইচে-মৎস্যেূ ভৰা এখনি পলসুৱা , নৈসৰ্গিক শোভাৰে পৰিপূৰ্ণ সেউজীয়া ঠাই ।

Dhemaji

মাটিকালি – ১২৪৯.৮ বৰ্গ মাইল , উত্তৰ আৰু পূব দিশে – অৰুণাচল প্ৰদেশৰ সেউজ পাহাৰৰ লানি, দক্ষিণে ব্ৰহ্মপুত্ৰৰ গম্ভীৰ জলৰাশি আৰু পশ্চিমে লখিমপুৰ জিলা ।

প্ৰাচীন কালতে চুতীয়া ৰজাসকলে ৰাজত্ব কৰা এই ঠাইৰ নৃপতি বীৰপালে মধ্যযুগত ৰাজধানী পাতিছিল সোৱণশিৰিৰ পাৰৰ সোণাগিৰিত ।

তেতিয়াৰে পৰা বহুকেইজন চুতীয়া ৰজাই গৌৰৱেৰে এই ঠাইত ৰাজত্ব কৰাৰ লগতে ৰাজ্যৰ সম্প্ৰসাৰণ কৰি যায় ।

১২৪০ খ্ৰীষ্টাব্দৰ আশে পাশে প্ৰথম আহোম ৰজা চুকাফাই আজিৰ ধেমাজি জিলাৰ অন্তৰ্গত হাবুঙত খেতি-বাতি কৰিছিল যদিও পাছলৈ বাঢ়নি পানীৰ বাবে ৩ চন্দ্ৰবৰ্ষ (প্ৰায় ৪ বছৰ) থাকি চৰাইদেউত ৰাজধানী পাতে ।

১৫২৩ খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুং আৰু চুতীয়া ৰজা নীতিপালৰ তয়াময়া ৰণ হয় ।
ৰণৰ পাছত এই ঠাই পুনৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয় ।

ধেমাজি – নামটোৰ উৎপত্তিৰ আঁ‌ৰত বহুকেইটা মতান্তৰ দেখিবলৈ পোৱা যায় ।
ইতিহাসবিদসকলৰ মতে ‘ধেমাজি’ নামটো চুতীয়া ভাষাৰ ‘দেমা-জি’ৰ পৰা আহিছে, যাৰ অৰ্থ ‘অত্যাধিক পানী’ ।

জনবিশ্বাস মতে, নৈয়ে সঘনাই সুঁ‌তি সলাই বানৰ তাণ্ডৱ চলোৱা বাবেই এই ঠাইৰ নাম ধেমাজি ।
আকৌ, কিছুৰ মতে গাই আৰু জীয়াঢল নৈৰ বাঢ়নী পানীয়ে যেন অশুভ কোনো আত্মাৰ প্ৰভাৱত বিস্তীৰ্ণ অঞ্চলৰ বুৰাই ‘ধলে’ৰে ‘ধেমালি’ হে কৰে ; সেয়ে ‘ধল-ধেমালি’ নামৰ পৰাই এই ঠাইৰ নাম হ’ল – ধেমাজি ।

বৰ্তমানৰ ধেমাজি জিলাখন ১৯৭১ চনলৈকে পুৰণি লক্ষীমপুৰ জিলাৰ অংশ আছিল ।
সদৰ আছিল – ডিব্ৰুগড় ।
১৯৭১ চনত এই জিলাখনক দ্বি-বিভাজন কৰি ডিব্ৰুগড় আৰু লক্ষীমপুৰ দুখন নতুন জিলা গঠন কৰা হয় ।

ধেমাজিক লক্ষীমপুৰ জিলাৰ মহকুমা ঘোষণা কৰা হয় ।
১৯৮৯ চনৰ ১৪ আগষ্ট তাৰিখে পুনৰবাৰ লক্ষীমপুৰ জিলা ভাঙি,কিছু সা-সলনি ঘটাই ন-কৈ লখিমপুৰ আৰু ধেমাজি দুখন জিলা গঠনৰ ঘোষণা কৰা হয় ।

১৯৮৯ চনৰ ১ অক্টোবৰ ধেমাজি নগৰক ধেমাজি জিলাৰ সদৰ হিচাপে ঘোষণা কৰা হয় ।
বৰ্তমান এই জিলাক দুটা মহকুমাত ভাগ কৰা হৈছে – ধেমাজি আৰু জোনাই । প্ৰশাসনিক বিভাজন অনুসৰি ধেমাজি আৰু জোনাই – এই দুটা সমষ্টিত বিভক্ত ধেমাজি জিলাখনৰ দুয়োটা বিধানসভা সমষ্টিয়েই অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ।

জনগাঁ‌ঠনিৰ ফালৰ পৰা চাবলৈ গ’লে এই গ্ৰাম্যজিলাখনত মূলতঃ মিচিং,সোণোৱাল কছাৰী, চুতীয়া, বড়ো, দেউৰী,তিৱা, আহোম,ৰাভা, বড়ো, তাই-খামটি, কেওঁ‌ট, ব্ৰাহ্মণ, কায়স্থ, কলিতা, কোচ, হাজং,আদিবাসী সমুদায় – এই সকলো জাতি-জনজাতিৰ
লোকে বৰ সমিলমিলেৰে বাস কৰি আহিছে ।

হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ – সকলো ধৰ্মৰ লোক থকাৰ পাছতো এই জিলাত সাম্প্ৰদায়িক সংঘৰ্ষৰ তথ্য নাই বুলিব পাৰি ।

২০১১ চনৰ লোকপিয়ল অনুসৰি ৭২.৭০% সাক্ষৰ লোকে বসবাস কৰা এই জিলাখনে বৰ্তমান সময়ত শিক্ষা,সংস্কৃতি,অৰ্থনীতি আদিৰ ফালৰ পৰাও এখন অগ্ৰণী জিলা হিচাপে পৰিগণিত হৈছে ।

ৰে’লপথ,স্থলপথ,জলপথ -তিনিওপ্ৰকাৰৰ পৰিবহণেৰে সুচল এই জিলাৰ মাজেদি ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটি পাৰ হৈ গৈছে ।

ধেমাজি জিলালৈ যাতায়াতৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আজিও নিয়মীয়া ফেৰীসেৱা আছে যদিও, ২০১৮ চনৰ ২৫ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ পৰা ধেমাজি জিলা সংযুক্ত কৰি মুকলি হোৱা বগীবিল সেঁ‌তুৱে জিলাখনৰ ৰে’ল আৰু স্থলপথৰ সেৱা অধিক সুচল কৰি তুলিছে ।

সাহিত্য-সংস্কৃতি, বিজ্ঞান, কৃষি, ক্ৰীড়া তথা বিদ্যায়তনিক দিশকে ধৰি অন্যান্য বিভিন্ন ক্ষেত্ৰতো অসম তথা ভাৰতৰ নাম উজ্বল কৰা বহু পুৰোধা, স্বনামধন্য ব্যক্তিৰ গৃহজিলা ‘ধেমাজি’ গঠনৰ আজি ৩৪ বছৰ সম্পূৰ্ণ হ’ল ।

এই আপাহতে, সমূহ ধেমাজিবাসীলৈ সাদৰ-নমস্কাৰ আৰু শুভকামনা জ্ঞাপন কৰি Rnewsindia24 ৰ তৰফৰ পৰা জিলাখনৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰোত্তৰ উন্নতি আৰু সৰ্বাংগীণ বিকাশ কামনা কৰিলোঁ‌ ।

By : Rituparna Sarma

Leave a Reply

Your email address will not be published. Required fields are marked *