৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

1. আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস।
লালকিল্লাত ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

2. খানাপাৰাত আয়োজন কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু পশ্চিম বংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

3. ডিব্ৰুগড়ত আয়োজন কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে, কামৰূপত মন্ত্ৰী বিমল বৰাই, নলবাৰীত মন্ত্ৰী সঞ্জয় কিষাণে, নগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাই, গোলাঘাটত মন্ত্ৰী অতুল বৰাই, তেজপুৰত মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে, তিনিচুকীয়াত মন্ত্ৰী নন্দিতা গাৰ্লোচাই, বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

4. অসম বিধানসভাৰ চৌহদত আয়োজন কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

5. অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰা ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে লুৰিণজ্যোতি গগৈয়ে , ৰাজীৱ ভৱনত ভূপেন বৰাই উত্তোলন কৰে।

6. অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হৈ ভোগেশ্বৰ বৰুৱাক সাক্ষাৎ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

7. গহপুৰত স্থাপন হ’ব অসমৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয়৷
খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত এই ঘোষণা মুখ্যমন্ত্ৰীৰ৷

8. জনীয়াৰ প্ৰাক্তন বিধায়ক শ্বেখ এছাহাক আলীৰ দেহাৱসান৷
দীৰ্ঘদিনে বেমাৰত আক্ৰান্ত হৈ আছিল প্ৰাক্তন বিধায়কগৰাকী৷

9. বাক্সাৰ মুছলপুৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে অঘটন৷
পেৰেডৰ সময়ত হঠাৎ ঢলি পৰে ২২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী৷

10. কাজিৰঙা ফুটবল একাডেমী, ইউনাইটেড ব্রাদার্চ ক্লাবৰ সহযোগত স্বাধীনতা দিৱস উদযাপন৷
৪৫ উৰ্ধৰ অসম-মেঘালয়ৰ শ্ৰেষ্ঠ ৬টা দলৰ জ্যেষ্ঠ খেলুৱৈসকলৰ মাজত স্বাধীনতা দিৱস উপলক্ষ্যে আয়োজন কৰা হয় ফুটবল প্রতিযোগিতা৷

11. লংকাৰ কাকীত ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰীক।
নাম দিলু মজুমদাৰ।
কাকী আৰক্ষীয়ে নিশা ১নং কাকীৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভাৰাঘৰত অভিযান চলাই আটক কৰে দিলু মজুমদাৰক।
ধৃত দিলু মজুমদাৰৰ ঘৰ লামডিঙত।

12. ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে বলীউডৰ অভিনেতা অক্ষয় কুমাৰে।
কানাডাৰ নাগৰিক আছিল অক্ষয় কুমাৰ
অভিনেতাগৰাকীয়ে ভাৰতত ৱৰ্কিং ভিছাৰে বলীউডত কাম কৰি আহিছিল।

13. ‘অহংকাৰী মানুহবোৰ BJPত সোমাই গ’ল।
দেশ আৰু ৰাইজক সেৱা কৰা মানুহবোৰ কংগ্রেছত থাকি গল’- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

14. বিশ্বনাথৰ জপৌবাৰীত হৃদয়বিদাৰক ঘটনা।
মাতৃসহ দুই শিশুৰ সলিল সমাধি।
কালিৰে পৰা সন্ধানহীন হৈ আছিল দুই সন্তান আৰু মাতৃ।
আজি পুৱা ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ কৰে তিনিওৰে মৃতদেহ।

15. স্বাধীনতা দিৱসৰ দিনাই চামগুৰিত অঘটন।
জলপ্ৰপাতত গা ধুবলৈ গৈ ৩ যুৱক সন্ধানহীন হয়।
চামগুৰিৰ হদহদি জলপ্ৰপাতত এই ঘটনা সংঘটিত হৈছে।

16. বঙাইগাঁৱৰ পাতিলাদাহাত ৰে’ল দুৰ্ঘটনা।
ৰে’লৰ খুন্দাত নিহত হয় এজন ব্যক্তি।
পাতিলাদাহা ৰে’লগেটৰ সমীপত সংঘটিত হয় দুৰ্ঘটনা।

17. স্বাধীনতা দিৱসৰ দিনটোত নামৰূপত আছুৰ প্ৰতিবাদ।
নামৰূপ সাৰকাৰখানা বন্ধক লৈ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীৰে আছুৰ ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী।

18. দু-খবৰ।
ভাৰতীয় মল্লযোদ্ধা বিনেশ ফ’গাটে এছিয়ান গেমছত অংশগ্ৰহন কৰিব নোৱাৰিব।
জানিব পৰা মতে ১৩ আগষ্টত আঘাত প্ৰাপ্ত হৈছিল বিনেশ ফ’গাট।

19. এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ টিকটক লৈ ICCৰ ঘোষণা।
২৫ আগষ্টৰ পৰা মুকলি হ’ব বিশ্বকাপৰ টিকট।
৩০ আগষ্টত মুকলি হ’ব ভাৰতৰ ৱাৰ্ম আপ মেচৰ টিকট ।
৩১ আগষ্টত ভাৰতৰ ৩খন মূল মেচৰ টিকট মুকলিৰ ঘোষণা ICCৰ।
১ ছেপ্টেম্বৰত মুকলি হ’ব ভাৰতৰ ধৰ্মশালা, লক্ষ্ণৌ, মুম্বাইৰ মেচৰ টিকট ।
২ ছেপ্টেম্বৰত মুকলি হ’ব বাংগালুৰু আৰু কলকাতাৰ ভাৰত মেচৰ টিকট ।
৩ ছেপ্টেম্বৰত মুকলি হ’ব ভাৰতৰ আহমেদাবাদৰ মেচৰ টিকট ।
১৪ অক্টোবৰত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম হ’ব ভাৰত-পাকিস্তানৰ মেচ।
১৫ ছেপ্টেম্বৰত মুকলি হ’ব ছেমি ফাইনেল আৰু ফাইনেলৰ টিকট ।

20. ৰূপহীহাটত এক মহিলাসহ ৪ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
৪টাকৈ চাবোনৰ বাকচত ২০টাকৈ কণ্টেইনাৰভৰ্তি হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে।

 

By : Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *