2. “শ্বিলঙত স্থাপন হ’ব নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল একাডেমী”।
জন আব্ৰাহন সৈতে আলোচনাত মিলিত হয় মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা।
3. কোকৰাঝাৰত ৰূপসী বিমান বন্দৰলৈ যোৱা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে।
4. আজিৰে পৰা ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীৰ BMI পৰীক্ষা।
জিলা সদৰসমূহত অনুষ্ঠিত হয় BMI পৰীক্ষা।
শৰীৰৰ মেদ কমাবলৈ ৩ মাহ ধৰি আৰক্ষীসকলে কৰা প্ৰচেষ্টাৰ অন্তত আজিৰে হয় BMI পৰীক্ষা।
BMI পৰীক্ষাত সফল নোহোৱা আৰক্ষীয়ে ল’ব লাগিব স্বেচ্ছামূলক অৱসৰ।
5. চৰকাৰী বন্ধৰ তাৰিখ সালসলনি ৰাজ্য চৰকাৰৰ।
শংকৰদেৱৰ তিথি ১৮ আগষ্টৰ পৰিৱৰ্তে বন্ধ থাকিব ১৬ ছেপ্টেম্বৰত।
কৰম পূজা ২৭ আগষ্টৰ পৰিৱৰ্তে বন্ধ থাকিব ২৫ ছেপ্টেম্বৰত।
6. ‘অসম আৰক্ষীৰ সুস্বাস্থ্যৰ বাবে এই পদক্ষেপ’।
পৰৱৰ্তী ৩-৫ বছৰত প্ৰতিগৰাকী আৰক্ষীক স্বাস্থ্যৱান কৰি তোলাৰ পৰিকল্পনাৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
কাহিলিপাৰাৰ 4TH APBnত BMI টেষ্ট সম্পন্ন কৰি এই মন্তব্য কৰে DGP জি পি সিঙে।
7. এতিয়াৰে পৰা GMCHতে লাভ কৰিব IVFৰ সুবিধা।
আইভিএফৰ জৰিয়তে প্ৰথম গৰ্ভধাৰণ সফলতাৰে সম্পন্নৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
8. ভাৰতীয় ফুটবল জগতৰ কিংবদন্তী মহম্মদ হাবিবৰ দেহাৱসান।
মঙলবাৰে ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ক্ৰীড়াবিদগৰাকীয়ে।
9. অসম-মেঘালয়ৰ সীমান্তৰ খান্দুলি অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই। অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বৈঠকত অংশ লয় মন্ত্ৰীগৰাকীয়ে।
উপস্থিতি থাকে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এচ. ধৰৰ লগতে ৰাজ্যখনৰ আন বিষয়াসকল।