Rajib Gandhi

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 20/2023:- 

1. আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্মজয়ন্তী।
লাডাখত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে।
আনহাতে দিল্লীৰ বীৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পত্নী ছোনিয়া গান্ধীয়ে।

2. নলবাৰীৰ MNC বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী সমাৰোহৰ শুভাৰম্ভণী।
পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
৫০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০খনকৈ পতাকা উত্তোলন কৰা হয়।

3. কামৰূপৰ দদৰাত নিৰ্মাণ পৃথিৱীৰ সৰ্ববৃহৎ বীজ সংৰক্ষণ প্ৰকল্প।
প্ৰকল্পৰ ভূমিপূজন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাই।
২ নং পূব বংশৰ সমবায় সমিতিৰ ভূমিত প্ৰকল্পৰ শুভাৰম্ভ কৰে।
প্ৰায় ১ কোটি ২৭ লাখ টকাৰে নিৰ্মাণ কৰা হ’ব প্ৰকল্পটো।

4. আজিৰে পৰা আগন্তুক ৪-৫ দিন ধৰি অসম তথা উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।
বৰষুণৰ আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ।

5. পুনৰ অশান্ত হৈছে মণিপুৰ।
২নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ‌‌ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰে Committee on Tribal Unity-এ ।

6. লাডাখৰ লেহৰ সমীপত পথ দুৰ্ঘটনাত ৯জন সেনা জোৱান ছহিদ।
শোকপ্ৰকাশ কৰে প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীয়ে।

7. বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান।
দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ নিশা ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
মৰণোত্তৰভাৱে দেহদান কৰি গৈছে শিল্পীগৰাকীয়ে।

8. মেৰাপানীৰ তেঁতেলীগুৰিত নৃশংস হত্যাকাণ্ড।
ৰাজীৱ গগৈ নামৰ এজন যুৱকক হানি-খুঁচি হত্যা কৰে।
হত্যাকাৰী তোলন বৰাক আটক কৰে মেৰাপানী আৰক্ষীয়ে।

9. তামাৰহাটত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত চাৰিটা জুৱাৰীক আটক কৰে আৰক্ষীয়ে।

10. কাছাৰত বিৰল প্ৰজাতিৰ বিদেশী চৰাই উদ্ধাৰ।
ধলাইখালৰ পৰা পিঞ্জৰাবদ্ধ অৱস্থাত উদ্ধাৰ কৰে চৰাইকেইটা।
উদ্ধাৰ হোৱা চৰাইকেইটা অষ্ট্ৰেলিয়ান Palm cockatoo।
চোৰাং চিকাৰীয়ে সৰবৰাহৰ উদ্দেশ্যে আনিছিল চৰাইকেইটা।
আন্তৰ্জাতিক বজাৰত চৰাইকেইটাৰ মূল্য প্ৰায় ১ কোটি টকা।

11. পাকিস্তানৰ ভাট্টিয়া চহৰত অগ্নিকাণ্ড।
চলন্ত বাছত সংঘটিত হয় অগ্নিকাণ্ড।
অগ্নিকাণ্ডত মৃত্যু হয় ২০গৰাকীৰ, আহত হয় ৭গৰাকী যাত্ৰী।
ৰাজধানী চহৰ ইছলামাবাদৰ পৰা কৰাচীলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাছখন।

12. গোসাঁইগাঁৱত যুৱতীক অপহৰণ কৰিবলৈ অহা ৩ যুৱকক আটক।
আলিপুৰদুৱাৰলৈ যুৱতীক নিয়াৰ চেষ্টা কৰোঁতেই আটক কৰে।
হিন্দু পৰিচয়েৰে ভুৱা একাউণ্ট খুলি যুৱতীৰ সৈতে স্থাপন কৰিছিল সম্পৰ্ক।

13. চলচ্চিত্ৰ প্ৰেমীলৈ সুখবৰ।
২২ ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব ৰীমা দাসৰ ‘তৰা’ছ হাছবেণ্ড’ ছবিখন।
আজি ছয়গাঁৱত মুকলি কৰা হয় চিনেমাখনৰ প’ষ্টাৰ।
উপস্থিত থাকে ছবি নিৰ্মাতা ৰীমা দাসৰ লগতে অভিনেতা-অভিনেত্ৰীসকল।

14. ‘বিজেপিত ন-পুৰণি বুলি কোনো নাই।
বিজেপিত আমি সকলো কাৰ্যকৰ্তা।
দলত কোনো সংঘাত নাই, সুন্দৰকৈ চলি আছে।
সন্তুষ্টি-অসন্তুষ্টি, পোৱা-নোপোৱাৰ বেদনা দলত থাকেই।
৯০ৰ দশকত থকাকেইজনে চৰকাৰ কৰিব নোৱাৰিলোঁ হয়’।
ন-পুৰণি বিজেপি সন্দৰ্ভত মন্তব্য ভৱেশ কলিতাৰ।

15. পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ।
সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় ১১জনকৈ শ্ৰমিক।
আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হয়।

16. ৰাছিয়াৰ অভিলাষী চন্দ্ৰ অভিযান লুনা-২৫ বিফল।
নিয়ন্ত্ৰণহীন হৈ চন্দ্ৰপৃষ্ঠত খুন্দা লুনা-২৫ৰ।
লগে লগে চন্দ্ৰ অভিযান বিফল বুলি ঘোষণা কৰে ৰাছিয়াৰ মহাকাশ সংস্থা ‘ৰস্কোছমছে’।
প্ৰি-লেণ্ডিং কক্ষপথত স্থাপন কৰাৰ পাছতে বিফলতাৰ সন্মুখীন হয় মহাকাশযানখন।

17. নৱগঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীত সাংসদ গৌৰৱ গগৈ।
CWCৰ ৩৯জনীয়া তালিকাত নাম অন্তৰ্ভুক্ত অসমৰ সাংসদগৰাকীৰ।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই নতুনকৈ গঠন কৰে কমিটীখন।

18. হাজোৰ ২নং ভেলকৰত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ।
ব্রহ্মপুত্র সুতিত উটি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
স্থানীয় ৰাইজে উদ্ধাৰ কৰি খবৰ দিয়ে আৰক্ষীক।

19. কৰিমগঞ্জত একেদিনাই দুটাকৈ পৃথক অভিযান।
অভিযানত ২৩ লাখ টকাৰ হেৰ’ইনসহ আটক কৰে দুই পুৰুষ সৰবৰাহকাৰী।

20. গহপুৰ আৰক্ষীৰ সফলতা।
এখন চেন্ট্র’ বাহনৰ পৰা উদ্ধাৰ কৰে নকল সোণৰ নাও।
নাও খনৰ ওজন ১.৫৫ কেজি।
লগতে গ্রেপ্তাৰ কৰে পাঞ্জাৱৰ দুটা নকল সোণ ব্যৱসায়ীক।

 

By: Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *