৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Asane August 21/2023:- 

1. তিনিদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰ আৰু ধুবুৰীলৈ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া।
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰত উপস্থিত হয় ৰাজ্যপালগৰাকী।

2. বিশিষ্ট চিকিৎসক ডাঃ আভাৰাণী বৰাৰ মৃত্যু।
৫৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসকগৰাকীয়ে।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ডাঃ আভাৰাণী বৰা।

3. ৰাজীৱ ভৱনত গৌৰৱ গগৈক সম্বৰ্ধনা।
CWCত সাংসদজন সদস্য হিচাপে অন্তৰ্ভুক্ত হোৱাৰ বাবে সম্বৰ্ধনা।
উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বহু গণ্য মান্য ব্যক্তি।
“AIUDF-এ প্ৰথমে নিজৰ দলৰ স্থিতি স্পষ্ট কৰক।
কেতিয়াবা আমাৰ লগত মিত্ৰতা, কেতিয়াবা তেওঁলোকৰ লগত ভাল।
এনেদৰে নহ’ব”- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

4. ‘শিক্ষকৰ সাজ-পোছাকক লৈ বিতৰ্ক হোৱাৰ বাবেই নিৰ্দেশনা উলিয়াব লগা হৈছে।
নিৰ্দিষ্ট দুই-এজনক শৃংখলিত কৰিবলৈ এনে নিৰ্দেশনাৰ প্ৰয়োজন।
নিৰ্দেশনাত ফৰ্মেল বা মাৰ্জিত পোছাক অন্তৰ্ভুক্ত আছে।
ধুতী-পাঞ্জাবী বা মেখেলা-চাদৰ পিন্ধি আহিব পাৰে’।
শিক্ষকৰ ড্ৰেছ ক’ড সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য।

5. দিল্লীৰ নিলোথি গাঁৱৰ এটা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড।
১০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা কৰে।

6. কানাডাত বনজুইৰ ভয়ংকৰ ৰূপ।
য়েল্লোনাইফ চহৰৰ পৰা ২০ হাজাৰ লোকক স্থানান্তৰ।
বনজুই নুমুৱাবলৈ গৈ মৃত্যু হয় ৪জনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীৰ।

7. ‘কংগ্ৰেছ দল শাসনলৈ আহিলেই ৫০০ টকাত দিয়া হ’ব গেছ চিলিণ্ডাৰ।
প্ৰতিমাহত বৃদ্ধ পেন্সনো বৃদ্ধি কৰা হ’ব ৬ হাজাৰ টকালৈ।
দলিত আৰু পিছপৰা শ্ৰেণীক দিয়া হ’ব বাসস্থানৰ ভূমি’।
হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুদাই কৰিলে এই ঘোষণা।

8. কৰ ফাঁকি দিয়া ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ GMC।
অনুজ্ঞা-পত্ৰবিহীন দোকান-পোহাৰ ছীল কৰিব GMC-এ।
অনুজ্ঞা-পত্ৰ নৱীকৰণ নকৰা প্ৰতিষ্ঠানে ভৰিব লাগিব জৰিমনা।
ম্যাদ উকলা অনুজ্ঞা-পত্ৰ নৱীকৰণ কৰিবলৈ ১০ দিনৰ সময়সীমা বান্ধি দিছে GMC কৰ্তৃপক্ষই।
এই পৰ্যন্ত মহানগৰীত ৫০ শতাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে নৱীকৰণ কৰা নাই অনুজ্ঞা-পত্ৰ।
এই তথ্য সদৰী কৰে GMCৰ মেয়ৰ মৃগেন শৰণীয়াই।

9. চিয়াং নৈৰ বুকুত সন্ধানহীন জোনাইৰ দুজন যুৱক।
সন্ধানহীন যুৱক দুজন কানয়া সাহানি, ৰবি সাহানি।
চিয়াং নৈত উটি গৈছিল উদয়পুৰৰ এটা পৰিয়ালৰ ৫ সদস্য।
খৰস্ৰোতা চিয়াং নৈৰ পৰা উদ্ধাৰ কৰে পৰিয়ালটোৰ ৩ সদস্যক।
কিন্তু এতিয়াও সন্ধান নাই ২ যুৱকৰ।
ব’ল ব’মৰ সময়তে নদীৰ পৰা পানী আনিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা।

10. কাছাৰৰ ধলাইৰ খুলিচৰাত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
৮০০ গ্ৰাম হেৰ’ইনসহ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
নম্বৰবিহীন বাহনৰ পৰা জব্দ কৰে ৮০০ গ্ৰাম হেৰ’ইন।
৬০টাকৈ চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি।

11. মহানগৰীত ব’লব’মৰ ভক্ত কঢ়িওৱা টেম্প’ দুৰ্ঘটনাগ্ৰস্ত।
নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে টেম্প’খন।
নতুন বিধান সভা চৌহদৰ সমীপত এই দুৰ্ঘটনা।
দুৰ্ঘটনাত বাহনখনত থকা আটাইকেইজন যাত্ৰী আহত হয় ।
বাহনখনত আছিল প্ৰায় ১২জনকৈ ভক্ত।
চালকৰ বিৰুদ্ধে সুৰাপান কৰি বাহন চলোৱাৰ অভিযোগ।

12. ধূপধৰাত পথ দুৰ্ঘটনা।
এল্ট’ আৰু ইক’ বাহনৰ মুখামুখি সংঘৰ্ষ।
সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় ৮জনকৈ লোক।
সংকটজনক অৱস্থাত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

13. ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ১০০টা কণ্টেইনাৰসহ ১৩ গ্ৰাম হেৰ’ইন।

14. ‘পাইকাৰী দাম বৃদ্ধি হোৱা নাই।
ভাৰতৰ অন্য বজাৰতকৈ অসমৰ পাইকাৰী দাম কম।
দাম বেছিকৈ লোৱা ব্যৱসায়ী যাব লাগিব জে’ললৈ।
‘ এনে ব্যৱসায়ীৰ বিৰুদ্ধে গ্ৰাহকক গোচৰ দিয়াৰ আহ্বান মন্ত্ৰী ৰণজিৎ দাসৰ।
সকলোকে CASH MEMO লোৱাৰো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

15. কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা৷
মোবাৰকপুৰ এলেকাত আৰক্ষীয়ে অভিযান চলাই ১৮টা চুৰি ম’বাইল, নগদ ১০হাজাৰ টকাসহ ৫টা চোৰক আৰক্ষীয়ে আটক কৰে৷

16. গোলাঘাট আৰক্ষীৰ জালত ৫টাকৈ চোৰ।
আৰক্ষীয়ে জব্দ কৰে ২ লক্ষাধিক টকাসহ বলেৰো বাহন।
বৰটিং তিনিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আটায়ে চলাইছিল লুট।
লুটি নিছিল ডেৰ লক্ষাধিক টকা, বহু সামগ্ৰী, বেংক পাছবুক, লেপটপ।
5 জনকে আটক কৰে কমাৰবন্ধা আৰক্ষীয়ে।

17. দুলীয়াজানৰ তৈলক্ষেত্রত চাঞ্চল্যকৰ ঘটনা।
অইলৰ তৈলক্ষেত্রত গ্রেণেড উদ্ধাৰ কৰে।
হাপজান OCS সমীপত উদ্ধাৰ কৰে গ্রেণেডটো।

18. মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেঁতুত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ ২ শ্রমিক গুৰুতৰভাৱে আহত হয়।
কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী।

19. এছিয়া কাপ-২০২৩ৰ বাবে ভাৰতীয় দল ঘোষণা।
মুখ্য নিৰ্বাচক আগাৰকাৰৰ সংবাদমেলযোগে ঘোষণা ভাৰতীয় দল।
ৰোহিত শৰ্মাৰ নেতৃত্বত ঘোষণা ১৭জনীয়া দলটো।

20. শিলচৰ-হাফলং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন।
বান্দৰখালত আজি পুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা।
পাহাৰৰ পৰা নামি অহা বোকা-পানীয়ে বিধ্বস্ত কৰে পথছোৱা।
বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা।

 

By: Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *