Mising Autonomous Council
’মোক সংঘৰ্ষ দিয়া ভগৱান, মই সুগম কৰো,
মোক এখন মৰুভুমি দিয়া, মই তাত ফুলৰ বাগিছা সজাওঁ,
তুমি সজোৱা পাহাৰত মই সুৰংগ সাজোঁ,
বজ্ৰপাত যিমানেই নাহক, মই ৰামধেনু হৈ উজ্বলো’
কেৱল মাত্ৰ এই শাৰী কেইটাই যথেষ্ট গৌৰী সাৱন্তৰ জীৱনৰ পৰিধি ব্যাখ্যা কৰাৰ বাবে।
কাৰোবাৰ বাবে ’মা’ কাৰোবাৰ বাবে ’দিদি’ গৌৰীৰ জীৱন কথাক অনবদ্য ৰূপত তুলি ধৰিছে অভিনেত্ৰী সুস্মিতা সেন অভিনীত ’তালি’ নামৰ ৱেব ছিৰিজ টোৱে।
অভিনয় জগত খনত তেওঁৰ পৰিপক্কতা আকৌ এবাৰ শক্তিশালী ৰূপত এই চৰিত্ৰ টোৰ মাজেৰে ফুটি উঠিছে।
‘গণেশ‘ ৰ পৰা ‘গৌৰী‘ লৈ ৰূপান্তৰিত হোৱাৰ সংঘৰ্ষ, পুলিচ অফিচাৰ দেউতাকৰ মানসিক দ্বন্দ, সমাজে বান্ধি দিয়া বাধাৰ মাজত থকা বায়েকৰ দ্বিধা, সকলোবোৰ ফুটাই তুলিবলৈ ৱেব ছিৰিজটো সক্ষম হৈছে।
মুম্বাই আন্ধেৰীত থকা পুলিচ বিষয়া দিনকৰ সাৱন্তৰ ঘৰত সেইদিনা উছাহে পাৰ ভাঙিছিল।
একমাত্ৰ কন্যা সন্তানটি জন্মৰ বহুদিন পাছত এক পুত্ৰ সন্তানৰ মুখ দেখিছিল ঘৰ খনে।
সকলোৰে মৰম চেনেহৰ মাজত একলা দুকলা কৈ বাঢ়ি আহিছিল গণেশ।
মাকৰ আঁচলত মৰমৰ উম বিছাৰি পোৱা গণেশেও সপোন দেখিছিল।
‘মা‘ হোৱাৰ।নিজৰ ইচ্ছা সকলোৰে আগত প্ৰকাশ কৰিবলৈ যাওঁতে বহু ককৰ্থনাৰো সন্মুখীন হৈছিল।
মাকৰ শাৰী- গহণা পিন্ধি, মাকৰ দৰে ওৰণি লৈ ভাল পোৱা গণেশৰ জীৱনত হঠাতে কি ধুমুহা আহিল ? কি কাৰণত ঘৰৰ পৰা ওলাই গ‘ল গণেশ ?
গৌৰী হোৱাৰ যাত্ৰাপথত কাক কাক লগ পালে গণেশে?গৌৰী কেনেকৈ সকলোৰে ‘আম্মা‘ হৈ পৰিল? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ আপুনি চাব লাগিব ’তালি’।
আমি যিমানেই নিজকে একবিংশ শতিকাৰ বুলি নাভাবো কিয়, আমাৰ মাজত শুই থকা মধ্যযুগীয় পৰম্পৰাই আত্মপ্ৰকাশ কৰিবলৈ চেলু বিছাৰি থাকে।
এই পৰম্পৰাক জীয়াই ৰাখিব খোজা মানুহ বোৰৰ মুখলৈ এপাট চৰৰ প্ৰতীক হিচাপে ৰাষ্ট্ৰীয় বঁটা বিজয়ী নিৰ্দেশক ৰবি যাদবে আগবঢ়াই দিছে ‘তালি‘।
তৃতীয় লিংগৰ ব্যক্তি সকলৰ মনোবেদনা, তেওঁলোকৰ ওপৰত হোৱা অত্যাচাৰ, হেয় দৃষ্টি সকলোবোৰ সামৰি নিৰ্মাণ হৈছে ৱেব ছিৰিজটো।
বৰ্তমানে জিঅ’ চিনেমা নামৰ অটিটি প্লেট্ফৰ্মত উপলব্ধ ৱেব ছিৰিজটো।
গৌৰী সাৱন্তক ভালদৰে বুজিবলৈ, তৃতীয় লৈংগিক ব্যক্তি সকলৰ অন্তৰ্মন উপলব্ধি কৰিবলৈ আপুনি ‘তালি‘ চোৱাটো প্ৰয়োজনীয়।

সুকন্যা শইকীয়া R News India 24