Sangita Dutta R News India 24

“শিৰতে থাপিলোঁ শংকৰ শিৰোমণি, কণ্ঠতে থাপিলোঁ নাম । হৃদয়ত থাপিলোঁ দুয়ো জনা গুৰু, যেতিয়াই বিচাৰো পাম”।

Spread the love

“শিৰতে থাপিলোঁ শংকৰ শিৰোমণি,
কণ্ঠতে থাপিলোঁ নাম ।
হৃদয়ত থাপিলোঁ দুয়ো জনা গুৰু,
যেতিয়াই বিচাৰো পাম”।

শ্রীমন্ত শংকৰদেৱ,  শ্রীশ্রীমাধৱদেৱ

মনত পৰিছে আজি শৈশৱৰ দিনবোৰলৈ।
ভাদ মাহ আহিলে পঢ়া টেবুলত মন নবহে, অনবৰতে দিহানাম, নাগাৰা আৰু বাঁহীৰ শব্দই কাণত বাজি থাকে, স্কুলত শংকৰদেৱৰ তিথিত আয়োজন কৰা দিহানাম প্ৰতিযোগীতাৰ বাবে কিমান দিনৰ পৰা যে প্ৰস্তুতি চলোৱা,
পুৱা আইৰ লগত সাজি কাঁচি নামঘৰলৈ যোৱা।

কেতিয়াবা গধূলি আকৌ ককাৰ ভাগৱত, নামঘোষাৰ ভাঙনিবলৈ কঠ পাৰি বহি লওঁ।

উফ্ সেইদিনবোৰ সঁচাকৈয়ে নষ্টালজিক নাছিলনে বাৰু?

ভাদ মাহ অসমীয়া বছৰৰ পঞ্চমটো মাহ।
ভাদ মাহ শৰৎ ঋতুৰ অন্তৰ্গত।
ভাদ মাহ মানেই ভকত-বৈষ্ণৱৰ লগতে গায়ন-বায়ন সকলোৰে এক সীমাহীন ব্যস্ততা।
হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাদ মাহ পৱিত্ৰ মাহ ।
এই মাহতে ভগৱান শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছিল।

শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱৰ তিৰোভাৱ তিথি এই মাহতে পৰে।
লগতে, চহা খেতিয়ক সকলৰ খেতিৰ কামো শেষ হয়।

ভাদ মাহত নাম-কীৰ্তনৰ ধ্বনিত ধৰাতে সৃষ্টি হয় বৈকুন্ঠপুৰী।
হৰিনামৰ ধ্বনিৰে মুখৰিত পৰিৱেশে আমাৰ মনলৈ শান্তি, একাত্মতাবোধ আৰু সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনে।

অসমৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক জীৱনত পৱিত্ৰ ভাদ মাহৰ মাহাত্ম্য অপৰিসীম।

ৰাজ্যৰ প্ৰতিখন সত্ৰ ,নামঘৰ পুৱা-গধূলি নাম-কীৰ্তন, খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।
নামঘৰ, সত্ৰত জ্বলোৱা ধূপ-ধুনা, চন্দনৰ গোন্ধই মানুহৰ মনতো আধ্যাত্মিকতাৰ গভীৰতালৈ লৈ গৈছে।

য’ত থাকে ঈশ্বৰ চিন্তাৰ প্ৰাসংগিকতা।
ভাদ মাহত হৰি নামে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ আধ্যাত্মিকতা আনে, বৰগীতৰ ভক্তি ৰসে বোৱাই পেলায়, বাঁহীৰ সুৰে হৃদয়ত প্ৰেমৰ থাপনা গঢ়ে, এই থাপনাতে বাহ লয় আধ্যাত্মিকতাই।

ভাদ মাহত প্ৰতিজন অসমীয়াই জাতীয় সাজ-পাৰ পিন্ধি ঘৰখনৰ আপায় অমংগল দূৰ কৰাৰ হকে সত্ৰ বা নামঘৰত এগছি বন্তি জ্বলাই ভকত বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশীষ বিচাৰে।

ভাদমহীয়া নামৰ প্ৰসাদৰ সোৱাদেই সুকীয়া ।
ভাদ মাহটোত দোকান-বজাৰত বুট, মগু, কল, নাৰিকল, কুঁহিয়াৰ গ্ৰাহকৰ মাজত যথেষ্ট চাহিদা বৃদ্ধি পায়।
শাওন মাহৰ শেষৰ দিনা অৰ্থাৎ দুমাহি দিনৰ পৰা আৰম্ভ কৰি ভাদ আহিন মাহৰ সংক্ৰান্তিৰ দিনা ভাদ মাহৰ নাম সামৰণি মাৰে।

এই পবিত্ৰ ভাদ মাহে সমাজ খনক একতাৰ এনাজৰীৰে বান্ধি ৰাখক তাৰে কামনা কৰিছোঁ। আটায়ে কুশলে থাকক।

লিখনিটো পঢ়ি কেনে পালে আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।

ধন্যবাদ।

 

News Editor Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *