৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 24/2023:-
1. ৩০ আগষ্টত মালিগাঁও উৰণ সেতু মুকলি কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে সম্পূৰ্ণ হৈছে দলংখনৰ ৯০% নিৰ্মাণকাৰ্য।
2. বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱেন দত্তৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে পৰিয়ালৰ পৰা চিকিৎসাৰ খৰচৰ হিচাপ লয়।
3. মৰিগাঁৱত নৱনির্মিত মেডিকেল কলেজ পৰিদৰ্শন কৰে মন্ত্রী পীযূষ হাজৰিকাই
আঢ়ৈ বছৰৰ ভিতৰত কাম সম্পন্ন হ’ব বুলি মন্তব্য কৰে মন্ত্রীগৰাকীয়ে।
4. বৌদ্ধ সাহিত্যৰ শিৰোমণি, সাহিত্যিক পেঞ্চনাৰ, আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ দেহাৱসান।
৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।
5. জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ দেহাৱসান।
ডিব্ৰুগড় অসম মেডিকেল কলেজত মৃত্যু হয় শিল্পীগৰাকী।
6. NRL আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বুজাবুজি চুক্তি।
হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হয় বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,ৰামেশ্বৰ তেলী ,পৰিমল শুক্লবৈদ্য,বিমল বৰা ,NRL কৰ্তৃপক্ষ।
7. চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত ISROৰ বৈজ্ঞানীকসকলক সম্বৰ্ধনা জনাই কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে।
সাক্ষাৎ কৰে ISROৰ মুৰব্বী এছ সোমনাথক।
8. ৰাজগড় পথত পুনৰ ফুটিল জাইকাৰ পাইপ।
পাইপ ফুটি অহৰহ নিৰ্গত হয় পানী।
জাইকাৰ কৰ্মচাৰীয়ে কাম কৰি থকা অৱস্থাতে ফুটে পাইপ।
9. মঙলদৈত পুনৰ ছিঙিল নোৱা নদীৰ মথাউৰি।
নোৱা নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰিটো।
ছিগা মথাউৰিৰে সোমোৱা পানীত প্লাৱিত হয় বহুকেইখন গাঁও।
10. নলবাৰী সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি।
এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
ভুল চিকিৎসাৰ বাবে কিশোৰীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ।
11. হিমাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ।
ভূমিস্খলনৰ ফলত বহুমহলীয়া ৭ টাকৈ অট্টালিকা ভাঙি পৰে হিমাচলত।
12. ক্ষেত্ৰীত পুনৰ জব্দ কৰে গো-ধন ভৰ্তি বাহন।
ক্ষেত্ৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি চলোৱা এক অভিযানত জব্দ হয় অবৈধভাৱে সৰবৰাহ কৰা গো-ধন ভৰ্তি পাঁচখনকৈ বাহন।
বাহনকেইখনৰ পৰা উদ্ধাৰ কৰে ৫৩টা গো-ধন।
13. ধেমাজি বোমা বিস্ফোৰণৰ আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা।
২০০৪ৰ ১৫ আগষ্টত হোৱা বিস্ফোৰণত নিহত হৈছিল ১৪টি শিশু, আহত হৈছিল শিশুসহ অৰ্ধশতাধিক লোক।
14. ডিব্ৰুগড়ত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদ।
কেঁচা পাতৰ উচিত মূল্য, বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
15. গুজৰাটৰ ভাৰুচত ভয়ংকৰ ঘটনা।
কাৰখানাৰ পৰা গেছ নিৰ্গত হৈ অসুস্থ ২৮জনকৈ লোক।
শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হয় লোককেইজনে। অসুস্থসকলক হাস্পতালত ভৰ্তি কৰোৱা হয়।
16. নিশা গোলকগঞ্জৰ হালাকুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
মালবাহী ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত মৃত্যু হৈছে চাৰিচকীয়া বাহনখনৰ চালক গৰাকী।
17. আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়াত গুলীচালনাৰ ঘটনা।
গুলীচালনাত নিহত হয় ৫গৰাকী লোক।
কেলিফৰ্নিয়াৰ ট্ৰেবুকো কেনিয়ন অঞ্চলত সংঘটিত হয় এই ঘটনা।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে অভিযুক্তক।
18. নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা।
দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত হয়।
নিহতসকলৰ ৬গৰাকী লোক ভাৰতীয় নাগৰিক।
গুৰুতৰভাৱে আহত ১৯গৰাকী যাত্ৰী।
বাৰা জিলাৰ ছুৰীয়ামাই মন্দিৰৰ সমীপত এই দুৰ্ঘটনা।
19. মিজোৰামৰ ছাইৰাং অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত।
নিৰ্মীয়মাণ ৰে’লৱে দলং খহি গৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৬জনলৈ বৃদ্ধি হৈছে।
20. ‘অসমৰ ৰাইজে আমাৰ ঢাল-তৰোৱাল দিব আৰম্ভ কৰিছে।
নগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আজি আমাৰ দলত যোগদান কৰিছে।’
নগাঁৱত এই মন্তব্য ভূপেন বৰাৰ।
By : Sangita Dutta