Rnewsindia24

আধুনিক চিন্তাৰ অসমীয়া সমাজৰ অন্যতম পথ-প্ৰদৰ্শক গুণাভিৰাম বৰুৱাৰ স্মৃতিত।

Spread the love

Rnewsindia24.com

আধুনিক ধাৰাৰ প্ৰথমখন অসমীয়া নাট হৈছে – ‘ৰাম-নৱমী’ । নাটৰ প্ৰণেতা – গুণাভিৰাম বৰুৱা , ৰচনাকাল – ১৮৫৭ চন ।

মূল পুৰুষ আৰু নাৰী চৰিত্ৰ ‘ৰামচন্দ্ৰ’ আৰু ‘নৱমী’ৰ জীৱনক লৈ ৰচিত এই নাটখনিৰ উপজীৱ্য ‘বিধৱা বিবাহ’ ; যিটো নেকি আধাফাল আধুনিক সংস্কাৰৰ পোহৰেৰে আলোকিত ; আনটো ফাল এলান্ধুকলীয়া কিছু নীতি-নিয়মেৰে আন্ধাৰ তেতিয়াৰ সমসাময়িক অসমীয়া সম্ভ্ৰান্ত সমাজখনৰ বাবে এক বিতৰ্কিত বিষয়েই আছিল ।

সেই সময়ত পৰাধীন ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমতো এনে কিছু স্পৰ্শকাতৰ বিষয়ক লৈ মানৱতাকেন্দ্ৰিক সংস্কাৰ আৰু নৱ-চিন্তাৰ উন্বেষ ঘটিছিল ।

Mising Autonomous Council
Mising Autonomous Council

পাছে , একাধাৰে সাহিত্যিক, নাট্যকাৰ,প্ৰৱন্ধকাৰ তথা বুৰঞ্জীবিদ গুণাভিৰাম বৰুৱাই তেওঁ‌ৰ আদৰ্শ কেৱল সাহিত্যকৰ্মতেই থাপি থ’বলৈ বিচাৰিছিলনে ? নহয় ।হাতে-কামেই তেখেত আছিল এজন সমাজ সংস্কাৰক ;কেৱল সাহিত্যৰ ক্ষেত্ৰতেই নহয় – আছিল ঊণবিংশ শতিকাৰ আধুনিক অসমীয়া সমাজখনৰো এগৰাকী পথ প্ৰদৰ্শক ।

১৮৩৭ চনত জন্মগ্ৰহণ কৰা গুণাভিৰাম বৰুৱাই ছাত্ৰাৱস্থাত আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে শিক্ষকৰ সান্নিধ্য লাভ কৰে ।

তেখেতে কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা উচ্চশিক্ষা লাভ কৰাৰ পাছত আইনৰ শিক্ষাও গ্ৰহণ কৰে ।

কলিকতাত থাকোঁ‌তেই তেখেতে মহান ভাৰতীয় সমাজ সংস্কাৰক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যত অণুপ্ৰাণিত হৈ ‘ব্ৰাহ্ম সমাজ’ত যোগদান কৰি সমাজখন সংস্কাৰ কৰাৰ দিশে খোজ দিয়ে ।

এই সংস্কাৰ কেৱল কথা আৰু কিতাপৰ পাতত নাছিল ; আছিল মানুহৰ অন্তৰত উদিত হৈ সমাজমুখী হোৱা জ্বলন্ত সবিতা যেন সঁ‌চা সংস্কাৰ ! ব্যক্তিগত জীৱনতো তেতিয়াৰ ব্ৰাহ্মণ সমাজৰ ৰক্ষণশীলতাক ভেদি তেখেতে প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত এগৰাকী বিধৱা ব্ৰাহ্মণ নাৰী বিষ্ণুপ্ৰিয়া দেৱীক বিবাহ কৰাইছিল ।

স্ত্ৰীশিক্ষাৰ বাবে সমাজক উদগণি দি আগবঢ়াই নিয়াৰ চেষ্টাত নিজ জী স্বৰ্ণলতাকো সেই আদৰ্শৰে প্ৰতিভূৰূপে তেতিয়াৰ দিনতে কলিকতালৈ উচ্চশিক্ষাৰ বাবে পঠিয়াইছিল ; যি সময়ত নাৰীসমাজত শিক্ষাৰ ৰ’দকাঁ‌চলিয়েই ভালকৈ পৰা নাছিল !

প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ৰ পাতত গুণাভিৰাম বৰুৱাদেৱে সমাজ সংস্কাৰৰ লক্ষ্যেৰে ৰচনা কৰা নাৰীৰ শিক্ষা, বিবাহ সংস্কাৰ বিষয়ক কিছু প্ৰৱন্ধ প্ৰকাশ পায় ।

তাৰোপৰি, জোনাকী আলোচনীৰ পাততো তেখেতে বুৰঞ্জীমূলক তথা অন্যান্য বিষয়ক ভিন্ন প্ৰৱন্ধ ৰচনা কৰে । তেখেতে ‘১৮৮৫-‘৮৬’ চনত প্ৰথম প্ৰকাশ পোৱা ‘আসাম বন্ধু’ আলোচনীৰো প্ৰকাশ আৰু সন্মাদনা কৰে ।

প্ৰথম অসমীয়া জীৱনী ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’ৰ ৰচোঁ‌তা গুণাভিৰাম বৰুৱাৰ আন এক উল্লেখযোগ্য অৱদান হ’ল বুৰঞ্জীমূলক গ্ৰন্থ ‘আসাম বুৰঞ্জী’ৰ প্ৰণয়ন ।

গুণাভিৰাম বৰুৱা কেৱল এজন পুৰোধা ব্যক্তিয়েই নাছিল, আছিল এজন সফল পিতৃও ।

তেখেতৰ জী স্বৰ্ণলতা বৰুৱাই পিতৃৰ আদৰ্শকে শিৰোগত কৰি যিদৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ লগতে এলানি সমাজমুখী, প্ৰগতিশীল চিন্তাৰ সাহিত্য সৃষ্টি কৰি গ’ল ; সিদৰে দুই সুপুত্ৰ , প্ৰথম অসমীয়া শিশু আলোচনী ‘ল’ৰা বন্ধু’ৰ সম্পাদক কৰুণাভিৰাম বৰুৱা আৰু অসম সাহিত্য সভাৰ চতুৰ্দশগৰাকী সভাপতি,প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিধ, আইনজ্ঞ জ্ঞানদাভিৰাম বৰুৱা – দুয়োগৰাকীয়েই অসমীয়া সমাজৰ চিৰকালৰ চিৰনমনস্য ব্যক্তি হৈ ৰ’ল ।

১৮৯৪ চনৰ ২৬ আগষ্টত গুণাভিৰাম বৰুৱাৰ উপন্যাসোপম জীৱন নাটৰ যৱনিকা পৰে । স্মৃতিদিৱসত এইজনা মহানলৈ RnewsIndia24ৰ তৰফৰ পৰা প্ৰণিপাত জনাইছোঁ‌ ।

Rituparna Sarma

 

By : Rituparna Sarma

Leave a Reply

Your email address will not be published. Required fields are marked *