সংগীতা দত্ত

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam August 26/2023:- 

1. মহানগৰীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত দশম সমাৱর্তন সমাৰোহ৷
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু বহু গণ্যমান্য ব্যক্তি।
অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ৰাজ্যপাল গৰাকীয়ে।

2. বিধায়ক পদ এৰিব মৃণাল শইকীয়াই।
সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰে বিধায়ক মৃণাল শইকীয়াই।
কংগ্ৰেছে ’২৪ত ৯খন আসন পালে এৰিব বিধায়ক পদ।
লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনটোতেই পদ ত্যাগ কৰাৰ কথা পত্ৰত উল্লেখ কৰে।

3. ISROৰ কাৰ্যালয়ত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে ISROৰ মুৰব্বী এছ সোমনাথ আৰু বিজ্ঞানীসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে।
চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-২ৰ ‘ফুটপ্ৰিণ্ট’ থকা স্থানক ‘তিৰংগা’ নামেৰে নামকৰণ।
ISROৰ কাৰ্যালয়ত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

4. গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৮সংখ্যক বাৰ্ষিক অধিৱেশন।
অধিৱেশনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংসদ পল্লৱলোচন দাস, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।

5. আৱাহন থিয়েটাৰৰ ৪৪সংখ্যক নাট্যবৰ্ষ
পাঠশালা ভাগৱতী ক্ষেত্ৰৰ পৰা আৰম্ভ হয়।
মঞ্চ মুকলি কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দাসে।

6. ধুবুৰী জিলা উপ পঞ্জীয়ক কাৰ্যালয়ৰ ৰেজিষ্টাৰ ডিট ৰাইটাৰক আৰু সুমন আহমেদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
মাটি ক্রয়-বিক্রয়ত হোৱা জালিয়াতিৰ অভিযোগত গ্রেপ্তাৰ হয়।
ভুৱা NOC দি মাটি কিনা-বেচাৰ চেষ্টা কৰিছিল সুমন আহমেদে।

7. উত্তৰ প্ৰদেশৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা৷
ইছলাম ধৰ্মালম্বী ছাত্ৰক শাৰীৰিক নিগ্ৰহৰ বাবে সতীৰ্থ হিন্দু ছাত্ৰক নিৰ্দেশ শিক্ষয়িত্ৰীৰ৷
শিক্ষয়িত্ৰী ত্ৰাপ্তি ত্যাগীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷
কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে সমগ্ৰ ঘটনাটোক গৰিহণা দিয়ে৷

8. বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন।
সোণাপুৰ টাৰ্নেলৰ সন্মুখত হোৱা ভূমিস্খলনৰ ফলত ৮ ঘণ্টা ধৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা।
ঘাইপথত আৱদ্ধ হয় শ শ বাহন।

9. কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰৈ থকা ট্ৰাকত খুন্দা আন এখন ট্ৰাকৰ।
গুৰুত্বৰভাৱে আহত হয় এখন ট্ৰাকৰ চালক গৰাকী।

11. চামগুৰিত ভয়ংকৰ ঘটনা।
গৰু চুৰিক কেন্দ্ৰ কৰি সোণাৰিবালিত লংকাকাণ্ড ।
গৰু চুৰিত জড়িত দুজনক গণপ্ৰহাৰ ।
গৰু সৰবৰাহ কৰা বাহন জ্বলাই দিয়ে একাংশ লোকে।

12. বিশ্বনাথত সমবায় সমিতিৰ গুদামৰ পৰা অন্তৰ্ধান চৰকাৰী চাউল।
সমবায়ৰ সম্পাদক মহেশ্বৰ ভূঞাৰ বিৰুদ্ধে উঠে অভিযোগ।
সম্প্ৰতি আত্মগোপন কৰে সম্পাদক মহেশ্বৰ ভূঞাই।

13. ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ ফাঁচী বজাৰত আৰক্ষীৰ অভিযান।
অভিযানত আৰক্ষীয়ে জব্দ কৰে ৩৪ গ্ৰাম ব্ৰাউন চুগাৰ।
আটক কৰে ২ সৰবৰাহকাৰীক।

14. সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উদ্ধাৰ হয় ১০ বছৰীয়া শিশুৰ মৃতদেহ।
শিলচৰৰ ৰাধা মাধৱ ৰোডৰ বাসগৃহত আৰক্ষীয়ে
মৃতদেহ উদ্ধাৰ কৰে।

15. মালিগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
ৰে’ল গেট বজাৰৰ সমীপত উদ্ধাৰ কৰে মৃতদেহটো।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।

16. তামিলনাডুৰ মাদুৰাইত এখন ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড।
ৰে’লখনৰ এটা ডবাত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ১০গৰাকীকৈ লোক নিহত হয়।

17. কাছাৰৰ দিগৰখালত জব্দ কৰে বুজন পৰিমাণৰ বিলাতী সুৰা।
দিগৰখাল আৰক্ষীৰ অভিযানত জব্দ হয় বাহনসহ বিলাতী সুৰা।

18. মহানগৰীৰ মালিগাঁৱৰ কামাখ্যা কলনীত ফুটিল পানীৰ পাইপ।
GMDAৰ অধীনস্থ পানী যোগানৰ পাইপৰ দুৰৱস্থা।
প্ৰায়ে পাইপ ফুটি জলমগ্ন হয় অঞ্চলটো।
বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ।

19. যোৰহাটৰ ৰৰৈয়াস্থিত বায়ু সেনা ছাউনীত কৰুণ ঘটনা।
দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু হয় এজন শ্ৰমিক।
অট্টালিকাৰ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে এই ঘটনা সংঘটিত হয়।
চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ধীৰেন বৰা নামৰ শ্ৰমিকজনৰ।
মৃত শ্ৰমিকজনৰ ঘৰ যোৰহাটৰ পকামূৰাত।

20. ‘সকলো বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচন খেলাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
ৱান বাই ৱান ফৰ্মূলাৰে যুঁজিলেহে বিজেপিক প্ৰতিৰোধ কৰিব পৰা যাব।
সকলোৰে লগত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ৰাজহুৱা কৰিম’- মন্তব্য লুৰিণজ্যোতি গগৈৰ।

 

 

    সংবাদ সম্পাদীকা সংগীতা দত্ত

Leave a Reply

Your email address will not be published. Required fields are marked *