৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 27/2023:-
1. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ দিছপুৰৰ বিধায়ক অতুল বৰাই ৩ পৃষ্ঠাযোৰা অভিযোগ-পত্ৰ প্ৰেৰণ কৰে।
অসমৰ শিক্ষা প্ৰতিষ্ঠানত বহিঃৰাজ্যৰ শিক্ষাৰ্থীয়ে ধনৰ বিনিময় লয় B.ed ডিগ্ৰী।
ডিমৰীয়াস্থিত National institute of teacher’s education ত চলে শিক্ষাৰ বেপাৰ।
সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামচৰণ ভৰালীৰ বিৰুদ্ধে এই অভিযোগ বিধায়ক গৰাকীৰ।
2. ২০২৩ বৰ্ষৰ কৃতী শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা ঘোষণা।
উত্তৰ-পূবৰ ৬গৰাকী শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা।
অসমৰ বজালীৰ শিক্ষক কুমুদ কলিতালৈ ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা।
3. ৪৫০টকাতেই পাব চিলিণ্ডাৰ, মহিলাসকলে প্ৰতিমাহে লাভ কৰিব ২৫০টকা।
ৰাখী পূৰ্ণীমা উপলক্ষ্যে মহিলাসকললৈ বিশেষ উপহাৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানৰ।
4. ‘২৪ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী হ’ব কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী।
বিৰোধী মিত্ৰজোঁটৰ সকলো দলৰ আলোচনা আৰু বিবেচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ।
এই কথা প্ৰকাশ কৰে কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।
5. তিতাবৰ টাইৰুণ চাহ বাগিচাৰ মেচিনত সোমাই চিকিৎসাধীন হৈ থকা শ্ৰমিক ভাস্কৰ মহান্তিৰ ঘৰত মন্ত্ৰী সঞ্জয় কিষাণ।
বাসগৃহত উপস্থিত হৈ শ্ৰমিকজনৰ পৰিয়ালক সাক্ষাৎ কৰে মন্ত্ৰীগৰাকীয়ে।
বাগিচাখনৰ কলঘৰ পৰিদৰ্শন কৰি উক্ত ঘটনাৰো বুজ লয় সঞ্জয় কিষাণে ।
6. অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা।
বিপদসীমাৰ ওপৰেৰে বৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সাময়িকভাৱে বন্ধ কৰিছে ফেৰী সেৱা।
7. পুনৰ পৃথক ৰাজ্যৰ দাবী KLOৰ সেনাধ্যক্ষ জীৱন সিংহৰ।
২৮ আগষ্টৰ দিনটো শোক দিৱস হিচাপে পালন কৰিবলৈ আহ্বান।
১৯৪৯ৰ ২৮ আগষ্টত ভাৰত চৰকাৰৰে কোচ বিহাৰ ৰাজ্যৰ হৈছিল চুক্তি।
আজি পৰ্যন্ত ভাৰত চৰকাৰে কাৰ্যকৰী নকৰিলে চুক্তি।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা জীৱন সিংহৰ।
সংবাদ মাধ্যমলৈ KLOৰ সেনাধ্যক্ষ জীৱন সিংহই ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে।
8. মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।
9. জাগীৰোডৰ নেলীত চোৰাং গৰুসহ ট্ৰাক জব্দ কৰে।
স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।
জব্দকৃত ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে ৫০টা গৰু।
ট্ৰাকখনৰ চালকক আটক কৰে আৰক্ষীয়ে।
নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰাকখন।
10. বৰপেটাৰ নসত্ৰত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা।
কৃষ্ণগুৰু স্প’ৰ্টচ ক্লাবৰ সৌজন্যত সদৌ অসম ভিত্তিত আয়োজন কৰে বিষ্ণুজ্যোতি ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।
ফাইনেল খেলত উপস্থিত থাকে বিধায়ক নৱ কুমাৰ দলে।
11. কাজিৰঙাৰ পাণবাৰীত শীঘ্ৰেই মুকলি হ’ব ‘কাজিৰঙা ডিস্ক’ভাৰি পাৰ্ক’।
ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত এই প্ৰকল্প।
12. দুলীয়াজানৰ অইল ইণ্ডিয়াৰ CENTRAL GAS GATHERING STATIONত অগ্নিকাণ্ড।
গেছ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত গেছ জ্বলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপণ কৰে জুই।
13. তামাৰহাটত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে বান্দৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিক দুলাল চন্দ্ৰ ৰায়।
14. মাজুলীৰ চেলেক চাপৰিত বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ যায় চাৰিটাকৈ বাসগৃহ।
অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়।
চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ কৰা হয়।
15. আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।
দেৰগাঁৱত মাৰোৱাড়ী যুৱ মঞ্চই আয়োজন কৰে চাইকেল ৰেলীৰ।
সুস্থ জীৱনশৈলীৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে এই ৰেলী।
16. দেৰগাঁৱৰ মিছামৰাত লালিগুৰ জব্দ।
এখন বলেৰৰ পৰা জব্দ কৰে লালিগুৰখিনি।
নগাঁৱৰ পৰা দেৰগাঁৱলৈ অনা হৈছিল লালিগুৰখিনি।
বাহনখনৰ পৰা দুজন লোকক আটক কৰে আৰক্ষীয়ে।
17. পশ্চিমবংগত ফটকা কাৰখানাত বিস্ফোৰণ।
দুৰ্ঘটনাত মৃত্যু হয় ৬গৰাকী ব্যক্তি।
পশ্চিমবংগৰ জগন্নাথপুৰত অৱস্থিত ফটকা কাৰখানাত হয় এই বিস্ফোৰণ।
18. আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে ৩৬/২০২৩ নম্বৰত গোচৰ ৰুজু।
শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বনকৰা মহিলাক নিৰ্যাতনৰ অভিযোগ।
গাত গৰম পানী ঢালি, বাথৰূমত ভৰাই নিৰ্যাতন চলায় বনকৰা মহিলাক।
19. গৌৰীপুৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
চাৰযোগীপাৰাত ড্ৰাগছসহ আটক কৰে ৩ সৰবৰাহকাৰীক।
জব্দ কৰে ৩৩টা সন্দেহজনক ব্ৰাউন চুগাৰৰ কন্টেইনাৰ।
20. G-20 সন্মিলনৰ বাবে বাতিল ১৫০খন ঘৰুৱা বিমানসেৱা।
৮ৰ পৰা ১০ ছেপ্টেম্বৰলৈ বাতিল কৰা হয় এই বিমানসেৱা।
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বাতিল কৰে বিমান।
By: Sangita Dutta