৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। 

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam August 31/2023:- 

1. জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ অনুষ্ঠান।
৮খন ফৰেনছিক লেবৰেটৰি বাহন উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
অপৰাধজনীত ঘটনা ৰোধ আৰু অপৰাধীক চিনাক্ত কৰাৰ বাবে এই বাহন উলিওৱা হয়।

2. ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা ঘোষণা।
ৰবি কান্নান আৰলৈ ২০২৩ বৰ্ষৰ ৰমন মেগছেছে বঁটা।
তেখেত কাছাৰ কেন্সাৰ কেয়াৰ হাস্পতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক।
কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে ৰমন মেগছেছে বঁটা আগবঢ়োৱা হৈছে।

3. পানীগাওঁ ওম প্ৰকাশ দিনোদীয়া মহাবিদ্যালয়ৰ দৰ্শন বিভাগত নৱাগত আদৰণি সভা সম্পন্ন।
উক্ত সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ দত্তই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।
সভাত উপস্থিত থাকে দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা পিঞ্জু মৰল, মাধুৰীমা দুৱৰা, ড° নিজৰা শইকীয়া, প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে ধৰি বিভাগটোৰ সমূহ ছাত্ৰ ছাত্ৰী।

4. সংখ্যালঘু মন্ত্ৰালয়ৰ সচিবৰ অভিযোগৰ ভিত্তিত ৰুজু কৰিছে CBI-এ গোচৰ।
১৮খন ৰাজ্যৰ ১৫৭২খন মহাবিদ্যালয়ত সংঘটিত হৈছে কেলেংকাৰি।

5. মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় কন্টেইনাৰৰ চালক।
গুৰুতৰভাৱে আহত হয় ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন।

6. বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।
বৰপেটা জিলাৰ পৰা বৰপেটাৰোড, হাউলী, সৰভোগ কৰ্তনক লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

7. দুদিনৰ বাবে গুৱাহাটীত বন্ধ থাকিব পানী যোগান।
এই জাননী GMC ৰ।
পাইপ মেৰামতিৰ বাবে বন্ধ থাকিব পানী যোগান৷

8. যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
আঠমাইল গণেশ মন্দিৰৰ সমীপত আটক কৰে ড্ৰাগছ সৰবৰাহকাৰীক।
ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে ১৯ গ্ৰাম হেৰ’ইন।
তিনিটা চাবোনৰ বাকচত মেঘালয়ৰ পৰা সৰবৰাহ কৰিছিল মহানগৰীলৈ।

9. ছিপাঝাৰৰ বিজুলী ধাবাত অগ্নিকাণ্ড।
এটা চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয়।
অগ্নিকাণ্ড ফলত ধাবাখনৰ বিস্তৰ ক্ষতিসাধন হয়।

10. মহানগৰীত ধনদাবী কৰি আৰক্ষীৰ জালত হিন্দুত্ববাদী সংগঠনৰ নেতা।
ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰে, পলাতক আন ৩জন।
গ্ৰেপ্তাৰ হোৱা যুৱকজন গীতানগৰৰ বিদ্যুৎ চৌধুৰী।

11. বিশ্বকাপৰ গুৱাহাটীৰ ৱাৰ্মআপ মেচৰ টিকট মুকলি।
BOOKMYSHOWত উপলব্ধ ৱাৰ্মআপৰ টিকট।
২০০, ৩০০, ৫০০, ৭০০ টকাত উপলব্ধ হ’ব টিকট।
চাৰিখন ৱাৰ্মআপ মেচৰ বাবে টিকট ক্ৰয় কৰিব লাগিব।
৩০ ছেপ্টেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰত অৱতীৰ্ণ হ’ব অনুশীলন মেচত।
বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান অৱতীৰ্ণ হ’ব ৱাৰ্মআপ মেচত।

12. মালিগাঁও উৰণসেতুত অঘটন।
এখন ট্ৰাকে মহটিয়ালে GMCৰ চাফাইকৰ্মীৰ ঠেলা।
ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় এগৰাকী চাফাইকৰ্মী।
আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন।

13. দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ এটা সু-উচ্চ অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত ৭৩ জন লোকৰ মৃত্যু হয়।

14. ‘২০২৪ৰ ৩১ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা৷
কাইলৈৰ পৰা প্ৰথম পৰ্যায়ৰ EVMৰ পুনৰীক্ষণ’৷
সংবাদমেল সম্বোধন কৰি এই ঘোষণা CEO অনুৰাগ গোৱেলৰ৷

15. মঙলদৈৰ জলজলী কুমাৰপাৰা গাঁৱত অঘটন।
মাহ-প্ৰসাদ খাই অসুস্থ হয় প্ৰায় ২৫জনকৈ লোক।
বুধবাৰে কুমাৰগাঁৱৰ এঘৰত অনুষ্ঠিত হৈছিল সত্যনাৰায়ণ পূজা।
পেটৰ বিষ, মূৰ ঘূৰণি, বমি আদিত আক্ৰান্ত হয় লোকসকল।
আক্ৰান্তসকলক জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

16. বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলী আহমেদ হাইস্কুলত অঘটন।
বিনামূলীয়া ঔষধ সেৱনৰ ফলত অচেতন হয় ২৫ গৰাকীকৈ শিক্ষাৰ্থী।
স্বাস্থ্য বিভাগে প্ৰদান কৰিছিল ফাইলেৰিয়া ৰোগ নিৰ্মূলৰ ঔষধ।
বিদ্যালয়ে বিদ্যালয়ে যোগান ধৰা হৈছিল ডি.ই.চি, এলবেণ্ডাজল টেবলেট।

17. তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ৱাজিদ হুছেইনক নিলম্বন।
এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ ৱাজেদৰ বিৰুদ্ধে।

18. কলকাতাত ছাইন‌ এণ্ড তাজ স্পাৰ্কলিং স্কাই শীৰ্ষক ফেশ্বন প্ৰতিযোগিতা।
৯টাকৈ শিতানত আয়োজন কৰা হয় বিভিন্ন প্ৰতিযোগিতা।
সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্টৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৭০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

19. হাজো আৰক্ষীৰ জালত চাৰিটাকৈ গভাইত চোৰ।
ধৃত ৪ চোৰক লৈ হাজোৰ বিভিন্ন ঠাইত আৰক্ষীৰ অভিযান ।
মিলপাৰাৰ এটা ডেম্পৰ পৰা বহু চুৰি সামগ্ৰী জব্দ কৰে।

20. ‘প্ৰতিমাহৰ ১-৯ তাৰিখৰ ভিতৰত সুলভ মূল্যৰ দোকানে পাব চাউল৷
১০-১৬ তাৰিখৰ ভিতৰত হিতাধিকাৰীৰ মাজত বিতৰণ কৰিব লাগিব চাউল৷
সমবায় সমিতিসমূহে এই নিৰ্দিষ্ট সময়ত দোকানসমূহলৈ প্ৰেৰণ কৰিব লাগিব চাউল’৷
১০১ সংখ্যক ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত এই ঘোষণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ৷

 

Sangita Dutta

By: Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *