Mising Autonomous Council
Rnewsindia24.com Assam Sept 1/2023:-
1. ‘Mera Bill Mera Adhikar’ শীৰ্ষক এপ মুকলি।
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে এপটো।
2. সলনি হ’ল নেহৰু মেম’ৰিয়েল মিউজিয়ামৰ নাম।
PM সংগ্ৰহালয় নামেৰে নামকৰণ কৰা হয়।
নতুন নামত অনুমোদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ।
3. CIDৰ জালত বজালী আৰক্ষীৰ ৭জনকৈ বিষয়া-জোৱান।
বলপূৰ্বক ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে জোৱান কেইজন।
DGP জিপি সিঙৰ টুইটযোগে উল্লেখ কৰে এই তথ্য।
4. আজিৰে পৰা ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হয়।
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত পাঠদানৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত আৰু বহু গণ্যমান্য ব্যক্তি।
5. চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্ত হ’ল চৰাইদেউ জিলাত৷
ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে মন্ত্ৰী যোগেন মহনে ।
পূৰ্বে নাজিৰা মহকুমাত আছিল মৈদাম ক্ষেত্ৰ৷
6. “বিৰোধী একত্ৰিত হ’লে আগন্তুক নিৰ্বাচনত বিজেপি জয়ী হোৱাটো অসম্ভৱ”- এই মন্তব্য ৰাহুল গান্ধীৰ৷
7. মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ গোচৰৰ শুনানি হ’ব অসমত ।
গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত দিলে প্ৰয়োজনীয় নিৰ্দেশনা।
8. চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত দেশৰ ভিতৰতে অসমৰ সৰ্বাধিক নিযুক্তি প্ৰাপ্ত অন্তৰ্ভুক্ত হৈছে EMPLOYMENT PROVIDENT FUND পেৰোল ডাটাত।
টুইটযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
9. নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।
10. বিলাসীপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় চাৰিজন ব্যক্তি।
11. জাগুনৰ লেখাপানীত ভয়ংকৰ অগ্নিকাণ্ড৷
খাৰাংকং চেতিয়াবস্তিৰ টবজে লামাৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
চৰ্টশ্বাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
12. ৩ ছেপ্টেম্বৰত ৪০ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস৷
নেহৰু ষ্টেডিয়ামত অভিৰুচি ক্ৰীড়া দিৱসক লৈ বিশেষ প্ৰস্তুতি৷
এই সন্দৰ্ভত নেহৰু ষ্টেডিয়ামত সংবাদমেলযোগে বিশেষ ঘোষণা অভিৰুচি আলোচনীৰ প্ৰকাশক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ৷
13. দেশৰ মুঠ ঘৰুৱা উৎপাদন ৭.৮ শতাংশলৈ বৃদ্ধি হৈছে।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰত বৃদ্ধি GDP ৰ হাৰ।
কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই বিশেষ তথ্য।
14. “বিশ্বৰ য’লৈকে নাযাওঁক কিয় INDIA নহয় সদায়ে ভাৰতে নাম হৈ থাকিব লাগে।
প্ৰাচীন যুগৰে পৰা ভাৰত নামটোহে প্ৰযোজ্য”- মন্তব্য মোহন ভাগৱতৰ।
15. বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি৷
16. গোৱালপাৰাৰ ধূপধৰা যাত্ৰীবাহী বাছত অগ্নিকাণ্ড।
ৰাজপথত দপদপাই জ্বলি উঠে বাছখন।
কথমপি প্ৰাণৰক্ষা পৰে যাত্ৰীসকলৰ।
17. হাতীগাঁও আৰক্ষীৰ জালত পৰে ৫ টাকৈ চোৰ।
হাতীগাঁও পাঁচআলিৰ পৰা গ্ৰেপ্তাৰ কৰে চোৰকেইটা। নিৰ্মীয়মান ফ্লেটৰ সামগ্ৰী চুৰি কৰি ডেম্পৰ মালিকক বিক্ৰী কৰিছিল চোৰকেইটাই।
18. কাছাৰত চাঞ্চল্যকৰ ঘটনা।
জন্মদাত্ৰী মাতৃয়ে হত্যা কৰে দুই কন্যা সন্তানক।
পুখুৰীৰ পানীত বুৰাই হত্যা কৰে সন্তান দুটিক।
হত্যাকাৰী মাতৃ আজমিৰা বেগমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
স্বামীৰে সৈতে হোৱা কাজিয়াৰ ফলতেই দুই সন্তানক হত্যা কৰে বুলি জানিব পৰা গৈছে।
19. পুনৰ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম।
বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৭ টকাকৈ হ্ৰাস।
এতিয়াৰে পৰা ১৫২২.৫০ টকাত উপলব্ধ হ’ব বাণিজ্যিক চিলিণ্ডাৰ।
20. পুনৰ শিলসাঁকোত উচ্ছেদ।
প্ৰশাসনৰ উচ্ছেদত বাধা প্ৰদান কৰে স্থানীয় মহিলাই।
অৰ্ধউলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে মহিলাই।
আৰক্ষীয়ে টানি-আঁজুৰি আটক কৰে প্ৰতিবাদকাৰীক।
By: Sangita Dutta News Editor Rnewsindia24.com.