বিশ্ব নাৰিকল দিৱস।
আজি ২ চেপ্টেম্বৰ অৰ্থাৎ বিশ্ব নাৰিকল দিৱস।
বিশ্ব নাৰিকল দিৱস ঘোষণা কৰিছিল ইউনাইটেড নেচন ইকনমিক এণ্ড চচিয়েল কমিচন ফৰ এচিয়া এণ্ড দ্য পেচিফিক (UN-ESCAP)য়ে।
নাৰিকলৰ প্ৰয়োজনীয়তা আৰু লাভালাভ সম্বন্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বজুৰি এই দিৱস পালন কৰা হয়।
এই দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশতে নাৰিকল উন্নয়ন বৰ্ডে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে।
এছিয়ান পেচিফিক নাৰিকল কমিউনিটিয়ে প্ৰথমবাৰৰ বাবে জাকাৰ্টাত বিশ্ব নাৰিকল দিৱস উদযাপন কৰিছিল।
বিশ্বৰ ভিতৰতে সৰ্বাধিক নাৰিকল উৎপাদনকাৰী দেশ হৈছে ইণ্ডোনেছিয়া।
দ্বিতীয় ফিলিপাইনছ আৰু ভাৰত তৃতীয় বৃহত্তম নাৰিকল উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত।
নাৰিকলৰ বহুতো ঔষধী গুণ আছে ৷
নাৰিকল খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।
নাৰিকলৰ প্ৰতিটো অংশ বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি।
গতিকে সকলোৱে নাৰিকল, খাই বিভিন্ন বেমাৰৰ পৰা বাচি কুশলে থাকক।
আটাইকে বিশ্ব নাৰিকল দিৱসৰ শুভকামনা🌼💐
সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com