৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 6/2023:- 

1. আজি নলবাৰীত স্থাপন হ’ল PEPSICO কোম্পানী।
ভূমিপূজনেৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
৭৭৮ কোটি টকা ব্যয়ৰে নিৰ্মান হব প্ৰকল্পটো আৰু প্ৰত্যক্ষভাৱে সংস্থাপন হ’ব ৪৫০ৰো অধিক নিবনুৱা।

2. মাজুলীত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া।
নিমাতীৰ পৰা বিশেষ ফেৰীৰে কমলাবাৰী ঘাটত পাৰাপাৰ হয়।
মাজুলী জিলা প্ৰশাসনে উষ্ম আদৰণি জনাই ৰাজ্যপাল গৰাকীক।

3. সু-খবৰ।
এছিয়ান পেৰা গেমছ-২০২৩ লৈ যোগ্যতা অৰ্জন কৰে অসমৰ আনোৱাৰ শিকদাৰে।
অসমৰ প্ৰথমগৰাকী পেৰা এথলীট হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰিব আনোৱাৰে।

4. “ৰাজ্যত বিদ্যুতৰ যথেষ্ট অভাৱ হৈছে’।
এই বৰ্ষত অসমত ২,৫০০ মেগাৱাট পাৱাৰৰ প্ৰয়োজন হৈছে।
কেইটামান দিন আমি এনেকৈ চলিব লাগিব।
ৰাইজে সহযোগ নকৰিলে বঢ়াব লাগিব বিদ্যুৎ বিল”- মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

5. কাঠমাণ্ডুত অনুষ্ঠিত হোৱা ৫৫ সংখ্যক এছিয়ান বডিবিল্ডিং এণ্ড ফিজিক স্প’ৰ্টচ চেম্পিয়নশ্বীপত অসমৰ ধ্ৰুৱ তামুলীয়ে ৰূপৰ পদক লাভ কৰে।
ধ্ৰুৱ তামুলী অসম আৰক্ষীত কৰ্মৰত আছিল।

6. কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাপুৰাম টেৰণ
হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কার্যনির্বাহক সদস্য, কাৰ্বি কালচাৰেল চছাইটিৰ প্ৰাক্তন উপ-সভাপতি, হাওৰাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল বিশিষ্ট সাহিত্যিকগৰাকী।

7. গোলাঘাটত টাইপাৰ সপ্তম কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন।
লাইখুঁটা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে।
অহা ৫-৭ অক্টোবৰলৈকে অনুষ্ঠিত হ’ব এই অধিৱেশন।

8. কাকপথাৰৰ বৰডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৭জনকৈ লোক, গুৰুতৰভাৱে আহত হয় ১২জন।
কাকপথাৰৰ বৰডিৰাকত সংঘটিত দুৰ্ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে।

9. ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত হয় জোনাইৰ ২ যুৱক।

10. দক্ষিণ ব্ৰাজিলত ঘূৰ্ণি বতাহৰ কালৰূপ।
ঘূৰ্ণি বতাহত মৃত্যু হয় ২১জনকৈ লোক।

11. যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড।
প্লাষ্টিক আৰু কাৰ্টনৰ ডেম্পত সংঘটিত হয় এই ঘটনা।

12. সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত অঘটন।
তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক।
থিতাতে নিহত হয় এজন।
ঠিকাদাৰৰ অধীনত ৰে’লৰ চিৰি বহুওৱা কামত নিয়োজিত আছিল লোকজন।

13. ‘বিদ্যুতৰ সমস্যা শীঘ্ৰে সমাধান কৰক’।
চৰকাৰক আহ্বান বিধায়ক পদ্ম হাজৰিকাৰ।
ছ’চিয়েল মিডিয়া প’ষ্টযোগে বিদ্যুতৰ সমস্যাৰ কথা অৱগত কৰাৰ লগতে এই সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনায় বিধায়কগৰাকীয়ে।

14. ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।
খানাপাৰা খেলপথাৰত ইতিমধ্যে মজুত কৰা হৈছে গছপুলি।
বন বিভাগৰ উদ্যোগত ১৭ ছেপ্টেম্বৰত সম্পন্ন হ’ব এই বিশেষ পদক্ষেপ।

15. অসম চাহ মজদুৰ সংঘৰ উদ্যোগত নাজিৰাত প্ৰতিবাদী কাৰ্যসূচী।
বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকে।

16. শিলচৰ চন্দ্রনাথপুৰ ষ্টেচনৰ সমীপত ভয়ংকৰ ঘটনা।
নিৰ্মীয়মান বৈদ্যুতিক তাঁৰ ছিঙি লাগি ধৰে চলন্ত ৰে’লৰ চকাত।
ফলত বহুকেইটা বিদ্যুতৰ খুঁটা ভাগি ৰে’লখনৰ ওপৰতে পৰে।
শিলচৰ-কয়িম্বাতুৰ এক্সপ্রেছত সংঘটিত এই ঘটনা।

17. বাক্সাৰ ভাংৰীকুছিত বন্যহস্তীৰ আক্রমণ।
বনৰীয়া হাতীৰ আক্রমণত নিহত হয় এগৰাকী মহিলা।
নিহত মহিলাগৰাকীৰ নাম মৌনশ্রী বড়ো।

18. প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দায়িত্বত থকা SPGৰ নিৰ্দেশক অৰুণ কুমাৰ সিনহাৰ দেহাৱসান।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১ বছৰ।

19. খেৰণিত অস্ত্রসহ গৰু চোৰক আটক।
গৰু চোৰটোৰ হাতৰ পৰা এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰে আৰক্ষীয়ে।

20. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ নিহত হয় এজন লোক।
নিহত লোকজনৰ নাম সঞ্জয় পেগু।

 

Sangita Dutta

সংগীতা দত্তৰ প্ৰতিবেদন Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *