৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 12/2023:- 

1. ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ
বাসন্তী শৰ্মাৰ মৃত্যুৰ খবৰ ল’বলৈ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীক সংগ দিছে মন্ত্ৰী অশোক সিংঘালে।

2. ৰাছিয়ালৈ ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বন্দৰ চহৰ ভ্লাডিভষ্টকত পূব অৰ্থনৈতিক সন্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশ ল’ব সোণোৱালে।
সন্মিলনত ইষ্টাৰ্ন মেৰিটাইম কৰিডৰৰ কথা উল্লেখ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

3. দুৰ্নীতি নিৰ্বাৰকৰ জালত পৰে মঙলদৈৰ জিলা কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ।
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী।

4. আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিন।
প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় সদনৰ কাম-কাজ, উত্থাপন হয় কেইবাখনো নতুন বিধেয়ক।
খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমাৰ লগতে মহিলা আৰু শিশু উন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদি বিষয়য়েও আলোচনা হয়।

5. ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান।
আমিনগাঁৱত জব্দ কৰে ১৮ কোটি টকা মূল্যৰ আঢ়ৈ কেজি নিষিদ্ধ হেৰ’ইন।

6. অসম চৰকাৰৰ
হেলিকপ্টাৰ আৰু চাৰ্টাড ফ্লাইটৰ বাবদ ২০২২-২৩ বিত্তীয় বৰ্ষত ৩৪,১৩,৪২,৩০৩ কোটি ব্যয় হয়।
অৰ্থাৎ গড়ে প্ৰতিদিনে হেলিকপ্টাৰ আৰু চাৰ্টাড ফ্লাইটৰ বাবদ ব্যয় হয় ৯,৫৮,৮২৬.৬৯ ।
সদনত এই তথ্য দাখিল কৰে মন্ত্ৰী ৰঞ্জিত দাসে

7. ডবকাত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু।
মৃত লোকজন ডবকাৰ চন্দানপুৰৰ কলিম উদ্দিন।
ঘৰত বিদ্যুতৰ কাম কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় লোকজন।

8. চচলত স্বাস্থ্যকৰ্মীৰ ব্যতিক্ৰমী প্ৰতিবাদ।
চাকৰি নিয়মীয়াকৰণৰ দাবীৰে PPE KIT পৰিধান কৰি কোভিড যোদ্ধাৰ প্ৰতিবাদ সাব্যস্ত কৰে।

9. কাছাৰৰ ধলাইত মৰেল পুলিচিঙৰ ঘটনা।
গৰু চুৰিৰ অভিযোগত যুৱকক প্ৰহাৰ।
এখন দোকানৰ খুঁটাত ৰচিৰে হাত-ভৰি বান্ধি নিৰ্মম আক্ৰমণ একাংশৰ।
ঘটনাৰ সৈতে জড়িত ৫জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

10. উত্তৰ আফ্ৰিকাৰ লিবিয়াত প্ৰকৃতিৰ মহাপ্ৰলয়।
প্ৰচণ্ড ধুমুহা-বানত ২,০০০ৰো অধিক লোকৰ মৃত্যু হয়।
সন্ধানহীন ৫,০০০ৰো অধিক লোক।
লিবিয়াত জৰুৰীকালীন অৱস্থা ঘোষণা দেশখনৰ প্ৰধানমন্ত্ৰীৰ।
দেশখনত ৩ দিনৰ বাবে ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা।

11. আলফাৰ নামত ব্যৱসায়ীক ধন দাবী।
মঙলদৈত সংঘটিত হয় এই ঘটনা।
ফোনযোগে ধন দাবী ব্যৱসায়ী সুদীপ মণ্ডলক।
তৎকালীনভাবে পইচা পঠিওৱাৰ আহ্বান, অন্যথা মৃত্যুৰ ভাবুকি।

12. হোটেল ভিভান্তাত অসম গুনৱত্ত সংকল্প উদ্বোধনী অনুষ্ঠান।
অনুষ্ঠানৰ উদ্বোধন কৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য বিভাগৰ সচিব ড’ লক্ষ্মনন এছে।
অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰে এই অনুষ্ঠান।

13. ৰূপহীহাটত চোৰাং গৰুভৰ্তি বাহন জব্দ।
উদ্ধাৰ কৰে ৫৩টাকৈ চোৰাং গৰু।
গোনাবাৰিৰ ফুলতলাৰ পৰা ৰূপহীহাট আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি বাহনখন।

14. চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান।
অভিযানত উচ্ছেদ খাৰদাঙৰ এটা অবৈধ কাঠফলা মিল।
জব্দ কৰে শাল-চেগুণ গছৰ কুণ্ডা।

15. বঙাইগাঁৱত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে একাংশ স্থানীয় ৰাইজে। সৰবৰাহকাৰী বিশ্বজিৎ বৰ্মনৰ পৰা জব্দ কৰে ১৫ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

16. লিডুৰ ব্রহ্মাকেম্পত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রেলাৰ-টেম্প’ৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় আৰু আন এজন নিহত হয়।

17. গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত অঘটন।
ছাদৰ পৰা পৰি ভাস্কৰ নামৰ এজন যুৱকৰ মৃত্যু হয়।
পাঞ্জাবাৰী উইলিং ৱে’ ৱেলনেছ ছ’চাইটি নামৰ কেন্দ্ৰটোত সংঘটিত হয় এই ঘটনা।
দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু হয় যুৱকজন।

18. বশিষ্ঠ মন্দিৰৰ সমীপত বশিষ্ঠ আৰক্ষীৰ গাঞ্জাবিৰোধী অভিযান।
অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে এগৰাকী মহিলা গাঞ্জা ব্যৱসায়ীক।

19. আগন্তুক নিৰ্বাচনত নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত প্ৰাৰ্থিত্ব আগবঢ়াব AIUDF-এ। I.N.D.I.A., অসম প্ৰদেশ কংগ্ৰেছক প্ৰত্যাহ্বান জনাই বদৰুদ্দিন আজমলৰ ঘোষণা।

20. ”চোৰে লৈ গৈছিল ঐতিহাসিক শ্ৰীশ্ৰী মইনবড়ী সত্ৰত ৫০০ বছৰীয়া ৰাধা-শ্ৰীকৃষ্ণৰ সোণৰ মূৰ্ত্তি, সাঁচিপতীয়া পুথি, গুণমালা, গুৰুজনাৰ দিনত ব্যৱহৃত শৰাই, মন্দিৰাতাল, শংখ-ঘণ্টা।
অৱশেষত হাউলী আৰক্ষীৰ প্ৰচেষ্টাত মুল্যৱান সেৱাৰ সামগ্ৰী খিনি দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰি সত্ৰাধিকাৰক অৰ্পণ কৰে আৰক্ষীয়ে।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *