“মনোৰঞ্জন”
[চাৰ্লি ৭৭৭, Forrest gump, গুৱাহাটী ডায়েৰীজ]
১: চাৰ্লি ৭৭৭: হৃদয় পৰিৱৰ্তনৰ এক অনন্য কাহিনী
মানুহক সততে জীৱশ্ৰেষ্ঠ আখ্যা দিয়া যায়।
যদিও বহু সময়ত মানুহতকৈ অমাত জীৱজন্তুৰ মাজত মানুহতকৈ বেছি গুণ দেখা পোৱা যায়।
তেনে এক কাহিনীয়েই বৰ্ণনা কৰা হৈছে “চাৰ্লি ৭৭৭” চিনেমাখনত।
চিনেমাখনৰ কাহিনী আৰম্ভ হৈছে ধৰ্মা নামৰ এজন লোকৰ পৰা।
জীৱনত ঘটি য়োৱা অনেক বিৰূপ ঘটনাৰ ফলস্বৰূপে ধৰ্মা সকলোৰে বাবে এক বিৰক্তিকৰ চৰিত্ৰ।
কিন্তু পৰিৱৰ্তন মানুহৰ জীৱনৰ এক এৰাব নোৱাৰা কাৰক।
তাৰেই ফলশ্ৰুতিত ধৰ্মাৰ জীৱনলৈ আহে চাৰ্লি।
অলপ অলপ কৈ তাৰ জীৱন সলোৱাত চাৰ্লিয়ে সহায় কৰে।
আগৰ খিংখিঙীয়া লোকজনৰ পৰিৱৰ্তে মানুহে এক নতুন ধৰ্মাক দেখিবলৈ পায়।
কিন্তু এই চাৰ্লি কোন?
চাৰ্লি হৈছে এটা মৰম লগা লাব্ৰাডৰ প্ৰজাতিৰ কুকুৰ।
প্ৰথমতে বিৰক্তি পোৱা কুকুৰটো লাহে লাহে ধৰ্মাৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ হৈ পৰে।
আৰু নিজৰ প্ৰিয় চৰিত্ৰ চাৰ্লি চেপলিনৰ নামৰ আধাৰত ধৰ্মাই তাৰ নাম দিয়ে চাৰ্লি।
ধৰ্মা আৰু চাৰ্লি এই মৰম লগা সম্পৰ্কটোৰ শেষ পৰিনতি কি হ’ল?
কেনেধৰণে দুয়োয়ে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হ’ল?
কেন্সাৰ হৈ জীৱনৰ শেষ পৰ্যায়ত থকা চাৰ্লিৰ মনৰ আশা পূৰণ হ’লনে?
যদিও চিনেমাখন মানুহ আৰু কুকুৰৰ সম্পৰ্কৰ আধাৰত নিৰ্মিত, তথাপি ভ্ৰমণ কাহিনীৰূপেও চিনেমাখন উপভোগ্য।
বহুকেইটা ভাষাত নিৰ্মিত চিনেমাখনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
ধৰ্মাৰ চৰিত্ৰত অভিনয় কৰা ৰক্ষিত শেট্টিৰ অভিনয় প্ৰতিভা অসামান্য।
চাৰ্লি ৰ চৰিত্ৰত অভিনয় কৰা কুকুৰটোৱেও অভিনেতা- অভিনেত্ৰী সকলৰ সমানে টক্কৰ দিবলৈ সক্ষম হৈছে।
নিৰ্দেশক কিৰণৰাজ কে ৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি “চাৰ্লি ৭৭৭”।
পৰিয়ালৰ সকলো লোক বহি উপভোগ কৰিব পৰা এখন সুন্দৰ চিনেমা।
____________________________
২: Forrest gump: মানসিক বাধাগ্ৰস্ততাক জয় কৰাৰ এক কাহিনী
মানসিক ভাৱে কম বুদ্ধিমান হ’লেও মানুহে জীৱনৰ প্ৰায় সকলো বাধাকেই অতিক্ৰম কৰিব পাৰে। তাৰ এক সুন্দৰ উদাহৰণ forrest gump ।
বহু লোকে আজিও মানসিক ভাৱে কম বুদ্ধিমত্তাৰ লোকক হেয় চকুৰে চায়।
তেওঁলোকক আনকি ঠাট্টা- মস্কৰা কৰিবলৈও পিছ নুহুঁহোকে।
এনে ক্ষেত্ৰত ১৯৫০ চনত জন্ম লোৱা forrest gump এ জীৱনত কিমান চাগৈ ঠাট্টাৰ সন্মুখীন হ’ব লগীয়া হৈছিল হিচাপ নাই।
কিন্তু সেই সময়ত তেওঁক সাহস দিয়া দুজন মানুহ আছিল- তেওঁৰ মাক আৰু সৰু কালৰ প্ৰেয়সী জেনী।
প্ৰেয়সী জেনীৰ লগত কিছু ডাঙৰ হোৱাৰ পাছত তেওঁৰ যোগাযোগ কমি আহে।
যদিও তেওঁ জেনীক পাহৰিব পৰা নাছিল।
মাকৰ সাহসত তেওঁ ভিয়েটনামিজ আৰ্মিত যোগদান কৰিলে।
নিজৰ কামৰ কাৰণে বহু সন্মান আৰু মেডেল অৰ্জন কৰাৰ পাছত তেওঁ আৰু বহু কাম কৰিলে যিবোৰ কাম আজিও মানুহে কম বুদ্ধিমত্তাৰ লোকে কৰিব নোৱাৰে বুলিয়েই ভাবে।
শেষত forrest gump ৰ কি হ’ল? তেওঁ নিজৰ প্ৰেয়সী জেনীক লগ পালেনে?
নিজৰ জীৱনত তেওঁ কি কি সফলতা অৰ্জন কৰিলে?
Forrest gump এ জীৱনত নিজকে কেতিয়াও মানসিক ভাৱে কম বুদ্ধিমত্তাৰ বুলি ভাবিবলৈ নিশিকিলে।
তেওঁৰ মাকে তেওঁক সেই কথা অনুভৱ কৰিবলৈ নিদিলে।
সেয়েহে এই কথা হয়তো আমাৰ সমাজত প্ৰচলিত- ” ঘৰখনেই হৈছে শিক্ষাৰ কঠীয়াতলি”।
নিৰ্দেশক Robert Zemeckis ৰ বহু কেইখন উল্লেখনীয় চিনেমাৰ ভিতৰত এইখনো এখন।
সকলো অভিনেতা – অভিনেত্ৰীয়ে চিনেমাখনত মন ঢালি অভিনয় কৰিছে।
মূল চৰিত্ৰত অভিনয় কৰিছে Tom Hanks এ।
১৯৯৪ চনতে মুক্তি পোৱা চিনেমাখন আজিও সকলো শ্ৰেণীৰ দৰ্শকৰ কাৰণে সমানেই উপভোগ্য আৰু শিক্ষণমূলক।
____________________________
৩: গুৱাহাটী ডায়েৰীজ: মহানগৰৰ কোনেও নেদেখা দিশ।
সকলো কথাৰে দুটা দিশ থাকে।
ঠিক তেনেকৈয়ে সকলো মহানগৰৰো দুটা দিশ।
সকলো মানুহক জীৱনৰ সন্ধান দিয়া মহানগৰখনে কিছু লোকৰ জীয়াই থকাৰ অৰ্থই কাঢ়ি লৈ যায়।
তেনে কিছু কথাৰে নিৰ্মিত হৈছে “গুৱাহাটী ডায়েৰীজ”।
বহু লোকৰ বাসস্হান এই গুৱাহাটী মহানগৰী।
কিছু সংখ্যক আহে জীৱিকাৰ তাড়নাত, কিছু আহে অধ্যয়নৰ খাতিৰত।
সকলো মহানগৰৰ দৰে ইয়াতো পদে পদে ঘূৰি ফুৰে লালসা আৰু উচ্চাকাংক্ষাৰ পৃথিৱী এখন।
এই সকলোবোৰ কথা সামৰি পৰিচালক প্ৰশান্ত শইকীয়াই নিৰ্মাণ কৰিছে ” গুৱাহাটী ডায়েৰীজ”।
চিনেমাখনৰ বহুকেইটা প্ৰমুখ চৰিত্ৰ আছে।
এগৰাকীয়ে নিজৰ বিয়া খন সুন্দৰকৈ হোৱাটো বিচাৰে। আন গৰাকীয়ে দিনে দিনে বাঢ়ি অহা ঘৰুৱা অশান্তিৰ বাবে নিজৰ সংসাৰখন ভাল হোৱাৰ আশা এৰি দিছে।
আনহাতে এগৰাকী অভিনেত্ৰী আৰু এজন সংগীতকাৰ- দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত সফলতা লাভৰ বাবে যুঁজ দি আছে।
এজন কলা নিৰ্দেশকে নিজৰ প্ৰথম খন চিনেমা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰি আছে।
এই সকলোবোৰ কথা সামৰি নিৰ্মাণ হৈছে “গুৱাহাটী ডায়েৰীজ”।
গুৱাহাটীৰ বহুতো সুন্দৰ ঠাইত দৃশ্যগ্ৰহণ হোৱা চিনেমাখনত অসমৰ বহু প্ৰখ্যাত চৰিত্ৰাভিনেতাই অভিনয় কৰিছে।
এনে ধৰণৰ চিনেমাৰ জৰিয়তে অসমীয়া চলচিত্ৰৰ ভাল দিন ঘূৰি আহিব বুলি আশা কৰিব পাৰি।
সুকন্যা শইকীয়াৰ প্ৰতিবেদন Rnewsindia24.com