অভিযন্তা ভাৰত ৰত্ন মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জীৱনযাত্ৰাঃ
বিখ্যাত অভিযন্তা মোক্ষগুণ্ডম বিশ্বেশ্বৰায়ৰ জন্ম হৈছিল ১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে বাংগালোৰৰ চিক্কাবাল্লাপূৰ জিলাৰ মুদ্দেনাহল্লী গাওঁত ।
তেওঁৰ পিতৃৰ নাম মোক্ষগুণ্ডম শ্ৰীনৱাস শাস্ত্ৰী আৰু মাতৃৰ নাম বেংকটলক্ষ্মম্মা।
১২ বছৰ বয়সত তেওঁ পিতৃক হেৰুৱাইছিল।
তেওঁ চিক্কাবাল্লাপূৰত প্ৰাথমিক শিক্ষা আৰু বাংগালোৰত উচ্চ মাধ্যমিক শিক্ষা লাভ কৰিছিল।
তাৰ পিছত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বাংগালোৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে।
পিছলৈ তেওঁ ১৮৮১ চনত পুনেৰ কলেজ অফ ইঞ্জিনীয়াৰিঙৰ পৰা চিভিল ইঞ্জিনীয়াৰিং অধ্যয়ন কৰে।
তেওঁ এটা স্বয়ংক্ৰিয় বান্ধৰ পানী নিয়ন্ত্ৰণ কৰি এখন চুইচ গেট নিৰ্মাণ কৰিছিল।
১৯০৩ চনত এই গেট পোন প্ৰথমে পুনেৰ ওচৰৰ খাডাকভচলা বান্ধৰ জলাশয়ত ব্যৱহাৰ কৰা হৈছিল।
জলাশয়ৰ পানীৰ যোগান সৰ্বোচ্চ অৱস্থাত যোগান ধৰিবলৈ আৰু কোনো ক্ষয় ক্ষতি নকৰাকৈ সংৰক্ষণ কৰিবলৈ এই গেট ব্যৱহাৰ কৰা হৈছিল।
অভূতপূৰ্ব সফলতাৰ পিছত এই গেট গোৱালীয়ৰৰ তিগৰা বান্ধ আৰু কৰ্ণাটকৰ কৃষ্ণ ৰাজা সাগৰ বান্ধত ব্যৱহাৰ কৰা হয়।
১৯০৬-০৭ চনত ভাৰত চৰকাৰে তেওঁক পানী যোগান আৰু জলনিৰ্গমণ ব্যৱস্থা অধ্যয়ন কৰিবলৈ ইডেনলৈ পঠিয়ায়।
তেওঁ প্ৰস্তুত কৰা প্ৰকল্প ইডেনত সফলভাবে প্ৰয়োগ কৰা হয়।
হায়দৰাবাদ নগৰৰ বানপানীৰ বাবে এটা জলনিৰ্গমণ ব্যৱস্থা প্ৰস্তুত কৰি বিশ্বেশ্বৰায় অতি জনপ্ৰিয় হৈ পৰে।
বিশাখাপত্তনম বন্দৰত সাগৰৰ পৰা হোৱা খহনীয়া ৰোধ কৰিবলৈ এটা ব্যৱস্থা হাতত লৈছিল ।
কাবেৰী নদীৰ ওপৰৰ কৃষ্ণ ৰাজা সাগৰ বান্ধৰ পৰিকল্পনাৰ পৰা উদ্বোধনৰ লৈকে সকলো কাৰ্য তেওঁ নিৰীক্ষণ কৰিছিল।
তেতিয়া এই বান্ধ এছিয়াৰ বৃহত্তম পানী সংৰক্ষণৰ জলাশয় আছিল।
১৯০৮ চনত তেওঁক মহীশূৰৰ দেৱান (প্ৰধানমন্ত্ৰী পদ) গ্ৰহণ কৰি সকলো উন্নয়নমূলক প্ৰকল্পৰ সম্পূৰ্ণ দায়িত্ব দিয়া হয় ।
তেওঁৰ কাৰ্যকালত মহীশূৰত কৃষি, জলসিঞ্চন, ঔদ্যোগীকৰণ, শিক্ষা, বেংকিং আৰু বাণিজ্য ক্ষেত্রত বৃহৎ পৰিৱর্তন ঘটে ।
মহীশূৰ ৰাজ্যৰ দেৱান পদত থকা সময়ত তেওঁক “আধুনিক মহীশূৰ (বৰ্তমান কৰ্ণাটক পিতৃ”) বুলি কোৱা হৈছিল।
মহীশূৰ চাবোন ফেক্টৰী, দা পেৰাচাইটঅইড লেবটৰী, দা মহীশূৰ আইৰণ এণ্ড ষ্টীল ৱৰ্কচ ( বৰ্তমান বিশ্বেশ্বৰায় আইৰণ এণ্ড ষ্টীল লিমিটেড) , শ্ৰী জয়চামৰাজেন্দ্ৰ পলিটেকনিক ইনষ্টিটিউট , বাংগালোৰ কৃষি বিশ্ববিদ্যালয়, ষ্টেট বেংক অফ মহীশূৰ, ছেনচুৰী ক্লাব, মহীশূৰ বাণিজ্য কোষ, বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় কলেজ অফ ইঞ্জিনীয়াৰিং ইত্যাদি আন বিহুটো অনুষ্ঠান তেওঁৰ কাৰ্যকালতে প্ৰতিষ্ঠা কৰা হৈছিল।
তেঁৱেই তিৰূমালাৰ পৰা তিৰূপতিলৈ যোৱা ৰাস্তা নিৰ্মাণ কৰাইছিল।
১৮৮৫ চনত তেখেতে মুম্বাইত সহকাৰী অভিযন্তা হিচাপে চাকৰিত যোগদান কৰে।
১৮৮৬ চনত চুৰতত কাৰ্যবাহী অভিযন্তা, পুনেত সহকাৰী নিৰীক্ষক অভিযন্তা,
জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, পুনে আৰু মুম্বাইত চেনিটেৰী অভিযন্তা, চেনিটেৰী বৰ্ডৰ সদস্য, চিমলাত জলসিঞ্চন আয়োগত বোম্বে চৰকাৰক প্ৰতিনিধিত্ব, ইজিপ্টত অভিযন্তাৰ নিৰীক্ষক , হায়দৰাবাদত
বিশেষ উপদেষ্টা অভিযন্তা,
মহীশূৰ চৰকাৰৰ মুখ্য অভিযন্তা আৰু সচিব,
টাটা ষ্টীলৰ সঞ্চালকৰ বৰ্ডৰ সদস্য ইত্যাদি বহু ঠাইত বিভিন্ন পদবীত কৰ্মৰত আছিল।
বিশ্বেশ্বৰায় ১৯১১ চনত “অৰ্ডাৰ অফ ইণ্ডিয়ান এম্পায়াৰ”ৰ বাবে নিৰ্বাচিত হৈছিল।
তেওঁৰ অৱদানৰ বাবে ১৯১৫ চনত তেওঁক নাইট কমাণ্ডাৰ অফ দা ইণ্ডিয়ান এম্পায়াৰ উপাধিৰে বিভূষিত কৰা হয়।
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” প্ৰদান কৰা হয়।
বিশ্বেশ্বৰায়ক লণ্ডনৰ ইনষ্টিটিউট অফ চিভিল ইঞ্জিনীয়াৰৰ সন্মানীয় সদস্য পদ আগবঢ়োৱা হৈছিল।
তেওঁক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ফেলশ্বিপ প্ৰদান কৰা হৈছিল।
ভাৰতৰ মুঠ আঠ খন বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰ অফ চাইন্স, ডক্টৰ অফ ল’, ডক্টৰ অফ লেটাৰ্ছ আদি ডিগ্ৰী প্ৰদান কৰে।
১৯২৩ চনৰ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল।
প্ৰজাবাণী বাতৰি কাকতৰ এক সমীক্ষা মতে তেওঁ কৰ্ণাটকৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি আছিল।
তেওঁৰ নামেৰে কৰ্ণাটকৰ বেলগৌমৰ বিশ্বেশ্বৰায় প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে।
কৰ্ণাটকৰ সৰহভাগ অভিযান্ত্ৰিক প্ৰতিষ্ঠান এই বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
যেনে – বিশ্বেশ্বৰায় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়(বাংগালোৰ), ছাৰ এম. বিশ্বেশ্বৰায় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বাংগালোৰ) আৰু বিশ্বেশ্বৰায় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(নাগপুৰ) তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে।
তেওঁ শিক্ষা গ্ৰহণ কৰা পুনেৰ কলেজ অফ ইঞ্জিনীয়াৰিঙত তেওঁৰ এটি আবক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে।
তেওঁৰ নামেৰে বাংগালোৰত বিশ্বেশ্বৰায় ঔদ্যোগিক আৰু প্ৰযুক্তিবিদ্যা সংগ্ৰাহালয় প্ৰতিষ্ঠা কৰা হৈছে।
তেখেতে কেইবাখনো গ্ৰন্থ লিখি থৈ গৈছে।
ভাৰতত প্ৰতি বছৰে তেওঁৰ জন্মদিন ১৫ ছেপ্টেম্বৰ অভিযন্তা দিৱস ৰূপে পালন কৰা হয়।
তেওঁৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজী সদায় ভাৰতবাসীয়ে স্মৰণ কৰিব।
ভাৰতবৰ্ষৰ পৰিকল্পনা, শিক্ষা, ‘উদ্যোগীকৰণ’ৰ আদি বহুদিশত তেওঁৰ অৱদান অতুলনীয়।
১৯৬২ চনৰ ১২ এপ্ৰিল তাৰিখে ১০০ বছৰ বয়সত
বাংগালোৰত এই গৰাকী অভিযন্তাৰ দেহাৱসান ঘটে ৷
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব rnewsindia24.com
লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক Rnewsindia24 ৰ ফেচবুক পেজ।
ধন্যবাদ।
Sangita Dutta News Editor Rnewsindia24.com