Mising Autonomous Council
Rnewsindia24.com Assam Sept 18/2023:-
1. ভূপালত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
2. লখিমপুৰত দুৰ্ঘটনাত পতিত হয় অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাং।
SP আনন্দ মিশ্ৰৰ এছক’ৰ্টত খুন্দা মাৰে অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰীৰ বাহনে।
কথমপি প্ৰাণ ৰক্ষা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ।
পাচিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰ অভিমুখী আছিল মন্ত্ৰীগৰাকী।
3. বিহালী স্নাতক কলেজৰ অধ্যক্ষৰ মৃত্যু।
নিজ বাসভৱনৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যু হয় অধ্যক্ষ ড° জীৱনচন্দ্ৰ নাথৰ ।
4. ৰাজ্যৰ কম্পিউটাৰ শিক্ষকসকলৰ বাবে সু-খবৰ।
১৩২৪গৰাকী কম্পিউটাৰ শিক্ষকৰ চাকৰিকাল ২০২৬ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হয়।
5. আজিৰ পৰা সংসদৰ বিশেষ অধিৱেশন।
৫ দিনীয়াকৈ অনুষ্ঠিত হয় সংসদৰ বিশেষ অধিৱেশন।
অধিৱেশনত উত্থাপন হ’ব ৮খন বিধেয়ক, চৰ্চা হ’ব সংসদৰ ৭৫ বৰ্ষীয় পৰিক্ৰমাৰ।
নতুন সংসদ ভৱনলৈ স্থানান্তৰ কৰা হ’ব অধিৱেশন।
CECৰ নিযুক্তি সন্দৰ্ভত উত্থাপন হ’ব বিধেয়ক।
CECৰ নিৰ্বাচন পেনেলৰ পৰা CJIক বাদ দিয়াৰ বাবে এই বিধেয়ক।
জ্যেষ্ঠ নাগৰিক, অনুসূচিত জাতি-জনজাতি সম্পৰ্কীয় বিধেয়কো উত্থাপন হ’ব।
অধিৱেশনত উপস্থিত থাকিব লাগিব প্ৰতিগৰাকী সাংসদ।
6. প্ৰাক্তন সাংসদ ৰাণী নৰহলৈ CM ভিজিলেন্সৰ চমন।
কাইলৈ হাজিৰ হ’ব লাগিব CM ভিজিলেন্সত ।
ৰাণী নৰহৰ বিৰুদ্ধে সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ অভিযোগ।
7. আজিৰে পৰা আৰম্ভ হ’ল নতুন অসমীয়া চলচ্চিত্ৰ ৰাঘৱৰ প্ৰচাৰ ।
পল্টনবজাৰ ASTCৰ কাৰ্যালয়ৰ পৰা প্ৰচাৰ আৰম্ভ কৰে ৰাঘৱৰ টীমে।
২৭ অক্টোবৰত ছবিঘৰলৈ আহিব ৰাঘৱ।
8. ঢকুৱাখনাৰ ১নং ঠেকেৰাগুৰিত খাদ্যত বিষক্ৰিয়া।
ভাদমহীয়া নামৰ মাহ-প্ৰসাদ খাই অসুস্থ হয় অৰ্ধশতাধিক লোক।
অসুস্থ আটাইকে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
উন্নত চিকিৎসাৰ বাবে এজনক SMCHলৈ প্ৰেৰণ কৰা হয়।
9. নগৰবেৰাৰ বিদ্যানগৰত চাঞ্চল্যকৰ ঘটনা।
কিশোৰীক মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা একাংশৰ।
মুমূৰ্ষু অৱস্থাত কিশোৰীগৰাকীক পথাৰত পেলাই থৈ যায়।
ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীগৰাকীক চলাইছিল হত্যাৰ চেষ্টা।
সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে কিশোৰীগৰাকীক।
সম্প্ৰতি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসধীন হৈ আছে কিশোৰীগৰাকী।
10. সোণাপুৰৰ কমাৰকুছিত মৃতদেহ উদ্ধাৰ।
মৃত ব্যক্তি গৰাকী
শোণিতপুৰৰ ঢাৰিকুছিৰ ৰ’ণাল্ড পায়েং বুলি জানিব পৰা গৈছে।
11. নগাঁৱৰ কচুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত ১২টা চাবোনৰ বাকচৰ পৰা জব্দ কৰে প্ৰায় ৪৭৯ গ্ৰাম হেৰ’ইন।
আৰক্ষীৰ জালত পৰে মহিলা ড্ৰাগছ সৰবৰাহকাৰী।
12. লক্ষীপুৰৰ টিকিৰীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় এটি শিশু।
নিহত শিশুটি লক্ষীপুৰৰ টিকিৰীপাৰাৰ লাখাগুণ সূত্ৰধৰ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালক গৰাকী।
13. দুদিনীয়া কাৰ্যসূচীৰে টিংখাঙত কেন্দ্ৰীয় কৰম সন্মিলন।
ৰাজগড় চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলনখন।
14. পশ্চিম কাৰ্বি আংলঙৰ পুটশাৰীত শোকাৱহ ঘটনা।
পুখুৰীত গা ধুবলৈ গৈ ৩ ছাত্ৰীৰ মৃত্যু হয়।
15. শিলচৰ NITত অব্যাহত আছে প্ৰতিবাদ।
ডীন বিনয় কৃষ্ণ ৰায়ৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীয়ে।
পুৱাৰেপৰা অনশন কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীৰ।
16. ‘জি-২০ৰ সফলতা হৈছে দেশৰ ১৪০ কোটি নাগৰিকৰ।
এয়া ভাৰতৰ সফলতা, কোনো ব্যক্তি বা দলৰ নহয়’- সংসদৰ বিশেষ অধিৱেশনত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ।
17. দিহিং পাটকাই ৰাষ্ট্রীয় উদ্যানত গুলীচালনাৰ ঘটনা।
অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত পুনৰ সংঘটিত হয় গুলিয়াগুলী।
বনকৰ্মী-চোৰাং চিকাৰীৰ মাজত হয় এই সংঘৰ্ষ।
18. জি ভি মাভালংকাৰ শ্বুটিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰে অসমৰ শৌৰ্য শৰ্মাই।
19. জোনাইত পুৱাই বন বিভাগৰ লোকে উদ্ধাৰ কৰে এটা লাজুকী বান্দৰ।
জোনাই মহকুমাৰ অন্তৰ্গত ১ নং চন্তপুৰ গাঁৱৰ এঘৰ মানুহৰ ঘৰত।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল লাজুকী বান্দৰটো।
20. খুমটাইৰ ২নং খকন্দগুৰিত ভয়ংকৰ অগ্নিকাণ্ড।
এখন ব্রইলাৰ ফাৰ্মত সংঘটিত হয় এই অগ্নিকাণ্ড।
জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ফাৰ্মখন।
Sangita Dutta News Editor Rnewsindia24.com