৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 21/2023:- 

1. আজি গুৱাহাটী মেডিকেল কলেজৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিৱস।
GMCH ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰতিষ্ঠা দিৱসৰ সভা।
সভাত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বহু গণ্য মান্য ব্যক্তি।

2. মহানগৰীৰ চানমাৰিত জয়ন্ত হাজৰিকা উদ্যানত ওপজা দিনৰ বিশেষ কাৰ্যসূচী।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মেয়ৰ মৃগেন শৰণীয়া, পত্নী মনীষা হাজৰিকা আৰু বহু গণ্য মান্য ব্যক্তি।

3. অসমৰ প্ৰতিখন জিলা আয়ুক্তৰে বৈঠক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
নতুন দিল্লীৰ অসম হাউছত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত হয় এই বৈঠক।
বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনি সন্দৰ্ভত আলোচনা কৰা হয়।
আঁচনিৰ অধীনত ২ লাখ যুৱকক ২ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত।
২৩, ২৪ ছেপ্টেম্বৰৰ পৰা মুকলি কৰা হ’ব পঞ্জীয়ন প্ৰক্ৰিয়া।

4. ৫০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় লখিমপুৰ ৰাজহ চক্ৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্ৰ বৰা।

5. আজিৰে পৰা ৰাজ্যজুৰি ‘অমৃত কলহ যাত্ৰা’।
‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত এই যাত্ৰা।
প্ৰতিটো বাসগৃহৰ পৰা সংগ্ৰহ কৰা হ’ব এমুঠি মাটি।
মাটি দিব নোৱৰা মহানগৰীৰ ফ্লেটৰ পৰা লোৱা হ’ব এমুঠিকৈ চাউল।
প্ৰতিখন গাঁও পঞ্চায়ত, পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডত এই অনুষ্ঠান।
১ অক্টোবৰলৈ চলিব ‘অমৃত কলহ যাত্ৰা’।
২৮ অক্টোবৰত সকলো অমৃত কলহৰ মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।

6. বিদ্যুতৰ সমস্যা সমাধানৰ দাবীত কোকৰাঝাৰৰ APDCL কাৰ্যালয়ৰ সন্মুখত আপৰ প্ৰতিবাদ কাৰ্যসূচী।
লোডশ্বেডিং, বিদ্যুৎ কৰ্তন, বৰ্ধিত বিদ্যুৎ মাছুল হ্ৰাস কৰাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

7. আগন্তুক ৫ দিন ধৰি হ’ব ধাৰাসাৰ বৰষুণ।
২৪ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব বৰষুণ।
এই প্ৰৱল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।

8. বিভিন্ন শিক্ষানুষ্ঠানত খালি হৈ থকা অধ্যক্ষ-প্ৰধান শিক্ষকৰ পদসমূহ পূৰণৰ নিৰ্দেশ।
শেহতীয়া চাকৰি বিধি অনুসৰিয়েই সম্পন্ন হ’ব নিযুক্তি প্ৰক্ৰিয়া।
বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰে এই নিৰ্দেশনা।

9. পুনৰ ১ লাখ নিবনুৱাই পাব চাকৰি।
ছত্তীশগড়ত এখন ৰাজহুৱা সভাত এই ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

10. সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত বয়সৰ সীমা নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ।

11. এতিয়াৰ পৰা ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ অনুমতিৰ বাবে NOC দিয়াৰ বাবদ দিব নালাগে মাচুল ।
এই সেৱা বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ।
সামাজিক মাধ্যমযোগে এই কথা জনাই অসম আৰক্ষীয়ে।

12. বিলাসীপাৰাৰ সাপটগ্ৰামত বাল্য বিৱাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত আৰক্ষীয়ে আটক কৰে তিনিজন লোকক।

13. চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁৱৰ জাজৰি আৰক্ষীৰ আভিযান।
অভিযানত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী ইকবাল হুছেইন।
আৰক্ষীয়ে জব্দ কৰে বহু সংখ্যক ছীমকাৰ্ড।

14. বকোৰ শিংৰাৰ ৰাজপথত চলন্ত বাহনত জুই।
সম্পূৰ্ণৰূপে ভষ্মীভূত হয় যাত্ৰীবাহী মেজিক বাহনখন।
বকো আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ কৰে।

15. কাছাৰৰ কাটিগড়াত চাঞ্চল্যকৰ ঘটনা।
চলন্ত অটোৰ পৰা দুৰ্বৃত্তই পেলাই দিয়ে নাবালিকাক।
আহত নাবালিকাক উদ্ধাৰ কৰি কাটিগড়া মডেল হাস্পতালত ভৰ্তি কৰোৱা হয়।
কাটিগড়াৰ গোবিন্দপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

16. ছাত্ৰীক নিৰ্যাতন চলাই আমগুৰিত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত শিক্ষক।
টিউচনৰ সময়ত ছাত্ৰীৰ সৈতে অশালীন ব্যৱহাৰ শিক্ষকৰ।
অভিযুক্ত শিক্ষকজনৰ নাম আব্দুল চাত্তাৰ।

17. মৰিয়নি-নাগালেণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রাক আৰু টাটা চুমৰ মাজত মুখামুখী সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত হয় ১০গৰাকী যাত্রী।
প্রায় ২০০ ফুট তলত বাগৰি পৰে দুয়োখন বাহন।

18. গণেশ চতুৰ্থীৰ শোভাযাত্ৰাৰ মাজতে ওড়িশাৰ কটকত বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু।
গুৰুতৰভাৱে আহত হয় আন ৪জন

19. বালিপাৰা লখৰাত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ।
মাতৃ আৰু দুই কন্যা শিশু শুই থকা অৱস্থাত সংঘটিত এই ঘটনা।

20. নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ৪ বছৰীয়া কণমানি আহত হয়।
জুইত জাহ গ’ল লক্ষাধিক টকাৰ সা-সম্পত্তি।

 

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *