Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 22/2023:- 

1. বৰ্তমান ৰাজ্যত আছে ২,৪৪১খন এজনীয়া শিক্ষক থকা বিদ্যালয়।
“এতিয়াৰে পৰা ৰাজ্যত এজনীয়া শিক্ষকৰ কোনো বিদ্যালয় নাথাকিব”।
শিক্ষাসেতুৰ তথ্যৰ ভিত্তিতে এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।
শিক্ষাৰ অধিকাৰ আইন অনুসৰিয়ে গ্ৰহণ কৰা হ’ব এই পদক্ষেপ।

2. ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও ২০২৩ হিচাপে নিৰ্বাচিত হৈছে বিশ্বনাথ ঘাট ।
ভাৰতৰ পৰ্যটন মন্ত্ৰালয়ে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচন কৰে বিশ্বনাথ ঘাটক।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনালে এই কথা।

3. এশিঙীয়া গঁড়ক সুৰক্ষিত কৰি ৰাখিবলৈ অসম পুলিচ প্ৰতিশ্ৰুতিবদ্ধ।
বিশ্ব গঁড় দিৱস উপলক্ষ্যে সামাজিক মাধ্যমত DGP জি পি সিঙে উল্লেখ কৰে এই বিশেষ বাৰ্তা।

4. সংসদত গৃহীত হোৱা নাৰী বন্দন বিধেয়কক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়ত অভিনন্দন কাৰ্যসূচী।
উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। Narendra Modi
বিজেপিৰ মহিলা কাৰ্যকৰ্তাই আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীক।

5. আমিনগাৱত অনুষ্ঠিত হয় অতিৰুদ্ৰ মহাযজ্ঞ।
আজি যজ্ঞৰ দ্বিতীয় দিনা বৈদিক নীতি-নিয়ম অনুসৰি আহুতি প্ৰদান কৰে “Pride East Entertainments”ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই।
উপস্থিত থাকে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, আমিনগাঁৱৰ মহকুমাধিপতি ৰশ্মি প্ৰতাপ আৰু বহু গণ্যমান্য ব্যক্তি।

6. চলিত বৰ্ষত অসম আৰক্ষীয়ে ৪৮০৭গৰাকী কৰ্মীক উচ্চ পদবীলৈ পদোন্নতি কৰিছে।
টুইটযোগে এই তথ্য সদৰী কৰে ডিজিপি জি পি সিঙে।

7. IRCTCৰ উদ্যোগত যাত্ৰীৰ বাবে বিশেষ পৰ্যটন ৰে’ল পেকেজ।
কম মূল্যত ভ্ৰমণ কৰিব পাৰিব দেশৰ চাৰিটাকৈ পৰ্যটনস্থলী।
ভাৰত গৌৰৱ ট্যুৰিষ্ট ট্ৰেইনৰ দ্বাৰা হব এই যাত্ৰা।
১৩ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই বিশেষ ৰে’ল সেৱা।

8. উৎকোচ লৈ বঙাইগাঁৱত গ্ৰেপ্তাৰ হয় আৰক্ষী কনিষ্টবল পংকজ দাস।
লেটিংছিঙা আৰক্ষী চকীত কৰ্মৰত আছিল পংকজ দাস।
পংকজ দাসৰ বিৰুদ্ধে যান-বাহনৰ তালাচীৰ নামত ধন দাবীৰ অভিযোগ।
একাংশ ছাত্ৰৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয়।
পংকজ দাসক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

9. ডবকাৰ আমবাৰীত বন বিভাগৰ অভিযান।
অভিযানত অবৈধভাৱে মজুত কৰি ৰখা কাঠ জব্দ কৰে।
চৈফউদ্দিন নামৰ লোকজনৰ পুখুৰীৰ পৰা জব্দ কৰে কাঠখিনি।

10. মহানগৰীৰ গড়চুকৰ নিজৰাপাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ।
মৃত যুৱকৰজনৰ নাম চানিদুল ইছলাম।
জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ।
ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে গড়চুক আৰক্ষীয়ে।

11. শিলচৰ-আগৰতলা ৰে’লত উদ্ধাৰ দুটাকৈ পিষ্টল, মেগজিন।
ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীতধৰ্মনগৰ ষ্টেচনত জব্দ কৰা হয় অস্ত্ৰকেইটা।
বাংলাদেশলৈ প্ৰেৰণৰ সময়তে আৰক্ষীয়ে জব্দ কৰে অস্ত্ৰকেইটা।

12. নগাঁৱৰ কচুৱাত গ্ৰেপ্তাৰ চিকিৎসক।
মহিলাক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় জুকুটা স্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া প্ৰশান্ত দাস।
ৰহা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক প্ৰশান্ত দাসক।

13. তিনিচুকীয়াত আৰক্ষীৰ জালত পৰে ৪টাকৈ দুৰ্ধৰ্ষ ডকাইত।
বুধবাৰে পেঙেৰীত ডকাইতি কৰিছিল দলটোৱে।
ডকাইতৰ দলটোৰ পৰা বহু আপত্তিজনক সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে।

14. উত্তৰ গুৱাহাটীত কৃত্ৰিম বান।
বানত শোকাৱহ মৃত্যু হয় এগৰাকী মহিলা।
নিহত মহিলাগৰাকী কটাহ বজাৰৰ ৰুক্মিণী বড়ো।
ধাৰাসাৰ বৰষুণৰ বাবে ডুব গৈ আছিল পথ।
পানীৰ গভীৰতা অনুমান কৰিব নোৱাৰি দ গাঁতত পৰি মৃত্যু হয় মহিলাগৰাকী।

15. সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্রাক্তন সাঃ সম্পাদক বিপুল চুতীয়াৰ দেহাৱসান।
বিগত কিছুদিন ধৰি বেমাৰত ভুগি আছিল বিপুল চুতীয়া।

16. বৰপেটা কেন্সাৰ হাস্পতালৰ পৰা আটক এজন দালাল।
চিকিৎসকৰ হৈ ৰোগীৰ আত্মীয় পৰা ধন লৈ হাতেলোটে আটক হয়।
ধৃত দালালটোৰ নাম অমৰজ্যোতি মুদিয়াৰ।

17. নাহৰকটীয়া আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰে ৩ কোটি টকাৰ হেৰ’ইন।
জব্দ হয় ২৯টা হেৰ’ইন ভৰ্তি কনট্ৰেইনাৰ।

18. মহানগৰীৰ জালুকবাৰীৰ এটা ভাৰাঘৰত উদ্ধাৰ মোবাইল ফোনসহ বৃহৎ পৰিমানৰ চুৰি সামগ্ৰী।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান।
আহুজ আলী নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে।
ধৃত আহুজ আলীৰ ঘৰ পশ্চিম বংগত।

19. চেঙা সমষ্টিৰ গণকপাৰাৰ বেদখলীকৃত ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান।
২১ অক্টোবৰৰ ভিতৰত পীড়লা সত্ৰৰ ১১৭টা পৰিয়ালক ভূমি খালী কৰাৰ নিৰ্দেশ।
চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰীমা কৌশিকে জাৰি কৰে এই নিৰ্দেশনা।

20. তামাৰহাটৰ লোহাৰপুলত অঘটন।
দ’ খাৱৈত পৰে AS17P 1947 নম্বৰৰ এখন বাহন।
গাড়ীৰ ভিতৰত থকা চালক আৰু যাত্ৰীৰ কোনো সন্ধান নাই ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *