মনোৰঞ্জনঃ
১, চুটি ছবি “দেৱী”- সমাজৰ নগ্ন স্বৰূপ।
বহু কেইগৰাকী মহিলা বহি থকা এক কোঠা। সকলো নিজ নিজ কামত ব্যস্ত। হঠাতে দুৱাৰত হোৱা কৰাঘাতৰ শব্দত সকলো সচকিত হৈ উঠে।
শব্দটো শুনিয়েই সকলোৱে নিজৰ ভিতৰতে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। কাজিয়াৰ উৎস দুৱাৰৰ বাহিৰত ৰৈ থকা ব্যক্তি বিশেষ। এটা কথা স্পষ্ট হয় যে তেওঁক আশ্ৰয় দিবলৈ বহুতেই ৰাজী নহয়।
কিন্তু আশ্ৰয় দিব নোখোজা মহিলা কেইগৰাকী কোন? আৰু বাহিৰত ৰৈ থকা গৰাকী কোন? কি কাৰণত তেওঁক আশ্ৰয় দিব খোজা নাই?
ওপৰত উল্লেখ কৰা সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ আপুনি চাব লাগিব প্ৰিয়ংকা বেনাৰ্জী পৰিচালিত চুটি ছবি ”দেৱী”।
”দেৱী”ত ধৰ্ষণৰ দৰে এক অতি ভয়ানক সামাজিক সমস্যাক সুন্দৰ ভাৱে ১৩ মিনিটত উপস্থাপন কৰিছে। ছবি খনত সকলোৰে পোছাক তথা বয়সৰ ভিন্নতা দেখুউৱা হৈছে। ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে পোছাক অথবা বয়স- কোনোটোৱেই ধৰ্ষণৰ কাৰণে জগৰীয়া নহয়।
”দেৱী”ত অভিনয় কৰিছে অভিনেত্ৰী কাজল, শ্ৰুতি হাছান, নেহা ধুপিয়াৰ দৰে বহুতো নামী অভিনেত্ৰীয়ে। সকলোৱে নিজৰ অপূৰ্ব অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে।
২, অসমীয়া চুটি ছবি ”দাই”ঃ মানুহৰ ভগৱান।
এজন গাঁৱৰ সহজ সৰল মানুহ। একমাত্ৰ ভতিজী আৰু বিধবা বৌৱেকৰ সৈতে থাকে।আদহীয়া মানুহ জনে মানুহক শুশ্ৰুষা কৰি আনন্দ পায়।তাৰ বাবে কেতিয়াবা বৌৱেকৰ কেটেৰা-জেঙেৰা শুনিলেও বৌৱেক আৰু ভতিজী জনীক লৈয়ে তেওঁৰ সংসাৰ খন।
সংসাৰৰ মানুহে তেওঁৰ পাছ ফালে ঠাট্টা- মস্কৰা কৰিলেও বৰকৈ কাণ নিদিয়ে ”দাই” য়ে। নিজৰ কব লগীয়া খিনি কয়। কৰিবলগীয়া খিনি কৰে। নামঘৰতো তেওঁৰ যুক্তি খন্ডাব পৰা মানুহ খুব কমেই আছে।
ইমান গুণ থকাৰ পাছতো দাই নিজৰ সংসাৰৰ প্ৰতি কিয় উদাসীন? তেওঁৰ মনত কেতিয়াবা ঠাই পাইছিল নে কোনোবাই? কিয় তেওঁ নিজকে ”মদাৰৰ ফুল” ৰ লগত তুলনা কৰে?
এই সকলো কথাৰ উত্তৰ পাবলৈ হ’লে আপুনি চাব লাগিব মনোজ বৰকটকীৰ অসমীয়া চুটি ছবি ”দাই”।
ছবি খনত ”দাই” ৰ নাম ভুমিকাত অভিনয় কৰিছে দেৱী বৰকটকীয়ে। সহজ- সৰল আৰু গ্ৰাম্য অভিনয়েৰে ছবি খন মনোমোহা।
সকলো মানুহৰ মনতে কোনো নহয় কোনো একোণত বিষাদে ঘৰ বান্ধি থাকে। সেই কথা ”দাই” ত কৈ ভালদৰে আৰু কোনে বুজি পাব পাৰে?
৩, The Silent Child : শিশুৰ মনোজাগতিক বিশ্লেষণ।
লিব্বি এজনী মৰম লগা শ্ৰৱণ শক্তি হীন ছোৱালী। কাণেৰে নুশুনা লিব্বিৰ লগত নিজৰ মাক দেউতাকেও কথা পাতিবলৈ বিৰক্তি পায়।
বাহ্যিক পৃথিৱী খনৰ সকলো সুবিধাই লিব্বিৰ বাবে উপলব্ধ। একমাত্ৰ উপলব্ধ নহয় মাক- দেউতাকৰ সহানুভুতি আৰু মৰম।
এদিন এগৰাকী সমাজ সেৱিকা লিব্বিৰ বিষয়ে জানিবৰ কাৰণে তাইৰ ঘৰলৈ আহিল। লিব্বিৰ লগত বন্ধুত্ব গঢ়িলে আৰু তাইক থিক কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলালে। কিন্তু এদিন লিব্বিৰ মাক- দেউতাকে তাইক এখন বেলেগ স্কুললৈ লৈ গ’ল।
তেওঁৰ চেষ্টা সফল হ’লনে? লিব্বিয়ে কথা ক’ব পাৰিলেনে? তেওঁ ভবিষৎতে আৰু লিব্বিক লগ পালেনে?
লিব্বিৰ এই জীৱন কাহিনী সামৰি নিৰ্মাণ হৈছে Chris Overton ৰ চুটি ছবি ”THE SILENT CHILD”।
লিব্বিৰ দৰে সকলো শিশুৱেই বিশেষ। মাথো তেওঁলোকক লাগে এক সুস্থ পৰিৱেশ। মৰম আৰু বন্ধুত্বৰে গঢ়া, মুকলি মুকলি পৰিৱেশ। য’ত সিহঁত মুক্ত মনে বিচৰণ কৰিব পাৰে ।
সুকন্যা শইকীয়া Rnewsindia24.com