৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 24/2023:- 

1. BMI টেষ্টত বিফল ১,৭৪৮ (২.৪৭%) গৰাকী আৰক্ষী।
ছ’চিয়েল মিডিয়াযোগে DGP জি পি সিঙে সদৰী কৰিলে BMI টেষ্টৰ ফলাফল।
পুনৰ ৩ মাহ পাছত BMI টেষ্ট কৰা হ’ব মেদবহুল আৰক্ষীৰ ।

2. শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীত বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।
বটদ্ৰৱাৰ উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। Himanta Biswa Sarma

আনহাতে, বৰপেটাৰোড শাখা সত্ৰত ৩ দিনীয়া কাৰ্যসূচীৰে গুৰুজয়ন্তী উদযাপন কৰে।
গুৰুজয়ন্তীৰ সৈতে সংগতি ৰাখি উলিওৱা ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিৎ দাসে।

3. গুৱাহাটীত অসম দিব্যাংগ জ্যোতি মহোৎসৱ ২০২৩।
অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই।
ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ নগাঁৱৰ চিমু দাসক প্ৰদান কৰা হয় অসম দিব্যাংগ ৰত্ন বঁটা।

4. BTRৰ EM সঞ্জীত তান্তীৰ উদ্যোগত বৃহৎ যোগদান কাৰ্যসূচী।
ওদালগুৰিৰ নোনাই ছেৰফাঙত ৩ হাজাৰ লোকে বিজেপিত যোগদান কৰে।
২৪ত ওদালগুৰিত বিজেপি প্ৰাৰ্থী বিজয়ী হ’ব বুলি মন্তব্য কৰে EM সঞ্জীত তান্তীয়ে।

5. শোণিতপুৰৰ ধেনদাই চাহ বাগিচাত বনৰীয়া হাতীৰ পোৱালী উদ্ধাৰ।
বন্যহস্তীৰ এটা জাকৰ পৰা বিছিন্ন হৈছিল পোৱালীটো।
হাতীৰ পোৱালিটো উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়।

6. তামুলপুৰৰ বগাজুলিত বন্যহস্তীৰ আক্ৰমণ।
হাতীৰ আক্ৰমণত নিহত হয় এজন ব্যক্তি।

7. চেল্যুট ত্ৰিৰংগাৰ অসম প্ৰদেশ সমিতি গঠন।
অনুপ সিনহাক অধ্যক্ষ, বিতুপন দলেক ৰাজ্যিক সংগঠন সচিব, সুশীল তামুলীক ৰাজ্যিক সংযোজকৰ দায়িত্ব প্ৰদান কৰা হয়।

8. অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন।
গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু।
গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ লোক।
আহতকেইজনক AMCHত ভৰ্তি কৰোৱা হয়।
অইলৰ ছাৰ্ভে কোম্পানীত কৰ্মৰত আছিল শ্ৰমিককেইজন।

9. নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বৰপথাৰ আৰক্ষীৰ অভিযান।
বহু লক্ষাধিক টকাৰ ড্ৰাগছসহ আটক কৰে এগৰাকী মহিলাক।
ডিমাপুৰ-তিনিচুকীয়া অভিমুখী এখন নৈশ বাছত অভিযান চলাইছিল আৰক্ষীয়ে।
অভিযানত জব্দ কৰে ১৪টা চাবোনৰ বাকচত ১৭৬ গ্ৰাম হেৰ’ইন।
জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ১৫ লাখ টকা।

10. এছিয়ান গেমছত শ্বুটিঙত ভাৰতৰ ৰূপৰ পদক লাভ।
মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ টীম ইভেণ্টত মেহুলি ঘোষ, ৰমিতা আৰু আচি চ’ক্সিয়ে লাভ কৰে ৰূপৰ পদক।

11. “আমি বিচাৰিলে ভূমিস্খলন হ’ব কংগ্ৰেছত ৷
অলপ ইচ্ছা কৰিলেই কংগ্ৰেছ দল নাইকিয়া কৰিব পাৰোঁ ৷
অলপ চিন্তা কৰিলেই ভূপেন বৰাৰ লগত থকা মানুহকো আনিব পাৰোঁ বিজেপিত ৷
ভূপেন বৰাই জেদ কৰিলে খালি কৰি দিম কংগ্ৰেছ দল” – জাগীৰোডত ভূপেন বৰাক প্ৰত্যুত্তৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।

12. আমিনগাঁৱত অনুষ্ঠিত অতিৰুদ্ৰম মহাযজ্ঞত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
যজ্ঞত চতুৰ্থ দিনা পুৱাই অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
পুৰ্ণাহুতি প্ৰদান কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

13. কলিয়াবৰত দুজনী গাইগৰু সহ এখন হোণ্ডাই i10 বাহন জব্দ।
উলুৱনী আৰক্ষীয়ে জব্দ কৰে বাহন খন।

14. জুৰীয়াৰ আলিটাঙনীত আৰক্ষীৰ অভিযান।
নগাঁও আৰক্ষীৰ অভিযানত জব্দ হয় বহু পৰিমাণৰ ছীম কাৰ্ড।
কুৰিয়াৰ ছাৰ্ভিচৰ নামত প্ৰৱঞ্চনা কৰা ৩ অভিযুক্তক আটক।

15. ড্ৰাগছ সৰবৰাহ কৰি কাছাৰত আৰক্ষীৰ জালত যুৱ কংগ্ৰেছৰ নেতা।
উধাৰবন্ধ সমষ্টিৰ প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভাপতি আজহাৰ উদ্দিনক গ্ৰেপ্তাৰ।
আজহাৰ উদ্দিনৰ পৰা জব্দ কৰে ২ কোটি টকাৰ ১৮ হাজাৰ য়াবা টেবলেট।
মণিপুৰৰ পৰা য়াবা টেবলেটখিনি লৈ অহাৰ সময়ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

16. দুলীয়াজানত গ্ৰেপ্তাৰ হ’ল গৃহৰক্ষী জোৱান।
ভুৱা নথিৰে অসম গেছ কোম্পানীত কাম কৰি থকাৰ অভিযোগত গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান প্ৰশান্ত হাজৰিকা ওৰফে বিপিন কোঁৱৰ।
দীৰ্ঘদিনে অসম গেছ কোম্পানীত কৰ্মৰত আছিল অভিযুক্ত জোৱানজন।

17. ধীৰেৰচৰ তাৰাংগাপুৰত নদীৰ গৰাখনীয়া পৰিদৰ্শন কৰে সমষ্টিৰ বিধায়ক ছামছুল হুদাই।
ৰাইজৰ লগত মত বিনিময়ৰ লগতে এক অসম যাত্ৰাক কটাক্ষ বিধায়গৰাকীৰ।

18. মালিগাঁৱৰ কামাখ্যা ৰে’ল জংচনত নকল সোণসহ গ্ৰেপ্তাৰ এজনক।
দেওঘৰ উইকলী এক্সপ্ৰেছৰ পৰা জব্দ কৰে নাও সদৃশ এটুকুৰা নকল সোণ।
গ্ৰেপ্তাৰ বিহাৰৰ মোহাৰিল কুমাৰ তাণ্টিক নামৰ এজনক।
ৰঙিয়াৰ পৰা দেওঘৰলৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীটো।

19. আজি সৰুসজাইত ISL-ৰ দশম সংস্কৰণৰ প্ৰথমখন খেল।
নৰ্থ ইষ্ট ইউনাইটেড FCৰে মুখামুখি হ’ব মুম্বাই চিটী FC।
সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব খেলখন।

20. চিৰাঙৰ ৰুণীখাটাত প্ৰশাসনৰ উচ্ছেদ অভিযান।
SSBৰ সহযোগত ২৫টা পৰিয়ালক উচ্ছেদ বন বিভাগৰ।
চিৰাং বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত উচ্ছেদ।
৭৫ হেক্টৰ ভূমি বেদখলমুক্ত বন বিভাগৰ।

 

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *