৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Sept 25/2023:-
1. ভূপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদৰ ৰোড শ্ব’।
মোদীৰ সৈতে ৰোড শ্ব’ত উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।
2. বাৰাণসীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
গোলকীয় সামুদ্ৰিক ভাৰত সন্মিলন, ২০২৩ৰ ৰোডশ্ব’ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
3. জনতা ভৱনত মুখ্যমন্ত্ৰী কাৰ্যালয় প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী অনুষ্ঠান।
‘দীনদয়াল উপাধ্যায় ৰচনা সমগ্ৰ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
4. চত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী।
বিলাসপুৰৰ পৰা ৰায়পুৰলৈ ৰে’লযোগে যাত্ৰা কৰে সাংসদগৰাকীয়ে।
তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু দলৰ প্ৰভাৰী কুমাৰী চেলজাই।
5. এছিয়ান গেমছৰ পদক তালিকাৰ পঞ্চম স্থানত ভাৰত।
ভাৰতে লাভ কৰিছে ১১টা পদক।
২টা সোণ, ৩টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতে।
6. ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
সভাপতিগৰাকীৰ মাতৃৰ বিয়োগৰ খবৰ ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে বুজ ল’লে বেজেৰাৰ নিৰ্মীয়মান অট্টালিকাৰ।
7. দীনদয়াল উপাধ্যায়ৰ জন্মবাৰ্ষিকী উপলক্ষ্যে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বহু গণ্য মান্য ব্যক্তি।
8. উত্তৰপ্ৰদেশৰ গাজিয়াবাদত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
ভাৰত ড্ৰোণ শক্তি-২০২৩ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৰাজনাথ সিঙে।
9. গোলকগঞ্জৰ হালাকুৰা আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন।
ধৰ্ষণকাৰীক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগত নিলম্বন হয় উপ-পৰিদৰ্শক বিশ্বজিৎ ৰাভা।
গোলকগঞ্জ থানাৰ ভাৰপ্রাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ।
10. উমৰাংছ’ৰ গৰমপানীত ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ প্ৰতিষ্ঠা বাৰ্ষিকী।
৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্টিত হয়।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু নন্দিতা গাৰ্লোচা আৰু বহু গণ্য মান্য ব্যক্তি।
11. ওৰাং এবছৰ উদ্যোগত ওদালগুৰিত তৃতীয় বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতা।
আওনাজুলি গ্ৰাম্য খেলপথাৰত ৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে EM দাউবাইছা বড়োৱে।
12. শিলচৰত ৪ কোটি টকাৰো অধিক মূল্যৰ য়াবা টেবলেট জব্দ।
আৰক্ষী-CRPFৰ যৌথ অভিযানত জব্দ কৰে য়াবা টেবলেটখিনি।
আনহাতে, নাজিৰপট্টিৰ JMD লজৰ পৰা জব্দ কৰে ৪০ হাজাৰ য়াবা টেবলেট।
লজখনৰ ৮, ১১ নং ৰূমত বাহৰ পতা ৪ কুকি লোকৰ পৰা জব্দ কৰে।
ইতিমধ্যে মণিপুৰৰ দুগৰাকী মহিলাসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
13. বোকাজানত আৰক্ষীৰ অভিযান।
জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন।
৪৭ টা চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি।
14. মিজোৰামত অসম ৰাইফলছ, নাৰ্কোটিক্স বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে ৪.৮২ কোটি টকাৰ হেৰ’ইন।
৪ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
15. নগৰবেৰাৰ জামলাত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ।
চেনীমাৰাৰ পৰা বন বিভাগে জব্দ কৰে চোৰাং কাঠখিনি।
16. কাছাৰৰ লাইলাপুৰত বিৰল প্ৰজাতিৰ ৭টাকৈ বিদেশী বন্যপ্ৰাণী উদ্ধাৰ কৰে।
মহিলাসহ আৰক্ষীৰ জালত পৰে ৫জনকৈ বন্যপ্ৰাণী সৰবৰাহকাৰী।
17. তামুলপুৰৰ কুমাৰীকাটা-কাউলী-নাগ্ৰীজুলি পথত ৰাইজৰ প্ৰতিবাদ।
অভাৰ লোডিং ডাম্পাৰৰ চলাচলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
তামুলপুৰ প্ৰশাসন, বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ।
18. গান্ধী পৰিয়ালক আগুৱাই লৈ যোৱাটোৱে কংগ্ৰেছ দলৰ মূল কৰ্তব্য।
শেষত কোনো নহ’লে গান্ধী পৰিয়ালৰ কুকুৰ, ছাগলী এইবোৰকে আগুৱাই নিব- মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।
19. তিনিচুকীয়াত RPF ৰ অভিযান।
জব্দ কৰে ১ কুইণ্টল চুপাৰি, ৫০ বাণ্ডিল পেৰিজ চিগাৰেট, ৪৮ বাণ্ডিল উইনচ্ চিগাৰেট।
বিদেশী চিগাৰেটসহ সৰবৰাহকাৰীক আটক কৰে।
২০. নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ সোণাৰিৰ দুই যুৱকৰ মৃতদেহ।
মৃতদেহ দুটা ললিত নাওহলীয়া, উৎপল তাছাৰ বুলি জানিব পৰা গৈছে।
Sangita Dutta News Editor Rnewsindia24.com