৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 26/2023:- 

1. তামিলনাডুত দ্বিতীয়টো অসম ভৱন।
ভেলোৰৰ ছাথুভাচাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে অসম ভৱন।
২৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে ভৱনটো৷
উদ্বোধনী অনুষ্ঠান উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অশোক সিংহাল আৰু বহু গণ্যমান্য ব্যক্তি।

2. গোলাপী স্বৰ্গ’লৈ পৰিণত হৈছে গোৱালপাৰাৰ আগিয়াস্থিত ঐতিহাসিক উৰপদ বিল।
শীঘ্ৰে উৰপদ বিল সংৰক্ষণ কৰাৰ লগতে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ’ব বুলি সামাজিক মাধ্যমত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

3. IIT গুৱাহাটিৰ অধ্যাপক, নদীবান্ধ বিশেষজ্ঞ কমিটিৰ অন্যতম সদস্য তথা বিজ্ঞানী ড° চন্দন মহন্তৰ দেহাৱসান.

4. বিশিষ্ট লোকশিল্পী, লোকনৃত্যৰ সাধক ভূৱন চন্দ্ৰ ৰায়ৰ মৃত্যু৷
গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ভূৱন চন্দ্ৰ ৰায় ওৰফে ভূৱন কুশানী৷

5. বিশিষ্ট অভিনেত্ৰী ৱাহিদা ৰহমানলৈ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান৷
চলিত বৰ্ষৰ দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা অভিনেত্ৰীগৰাকীলৈ৷
কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে এই কথা ঘোষণা কৰে।

6. GMCHৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰোজগাৰ মেলা।
আজি ৫১ হাজাৰ যুৱক-যুৱতীক নিযুক্তিপত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

7. এছিয়ান গেমছ ২০২৩ত ভাৰতৰ চতুৰ্থটো ৰূপৰ পদক৷
ছেইলিঙত ভাৰতৰ নেহা ঠাকুৰে লাভ কৰে ৰূপৰ পদক৷

8. তাজ ভিভাণ্টাত পৰিবহণ বিভাগ আৰু অট’মোবাইল কোম্পানীৰ কনক্লেভ।
অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

9. জল জীৱন মিছন সন্দৰ্ভত তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পৰ্যালোচনা বৈঠক।
বৈঠকত উপস্থিত থাকে বিধায়ক ৰূপেশ গোৱালা, বিধায়ক পোনাকণ বৰুৱা, জিলা আয়ুক্ত স্বপ্নীল পাল আৰু বিভাগীয় বিষয়া-কৰ্মচাৰী।

10. ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান।
মানাহৰ ক্ষেত্ৰ সঞ্চালক ৰাজেন চৌধুৰীয়ে জনালে এই কথা।
বাৰিষাৰ বাবে ৫ জুনৰ পৰা বন্ধ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান।

11. এছিয়ান গেমছত ভাৰতৰ স্বৰ্ণ জয়।
একুৱেষ্ট্ৰিয়ান ড্ৰেছাজত সোণৰ পদক অৰ্জন ভাৰতীয় টীম এ।
সুদিপ্তি হাজেলা, দিব্যাকৃতি সিং, হৃদয় শ্বেদা, অনুস আগৰৱালাই সোনৰ পদক অৰ্জন কৰে।

12. অসমলৈ দুটাকৈ শিতানত আয়ুস্মান উৎকৃষ্টতা বঁটা।
সৰ্বাধিক সংখ্যক যোগ্য হিতাধিকাৰীৰ বাবে আয়ুস্মান কাৰ্ড সৃষ্টি কৰা, হিতাধিকাৰীৰ মাজত আয়ুস্মান কাৰ্ড বিতৰণত উৎকৃষ্ট কাৰ্যপ্ৰণালী ব্যৱহাৰ কৰাৰ শিতান দুটাত দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰ লাভ কৰে অসমে।
নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াৰ পৰা বঁটা গ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

13. ডিব্ৰুগড়ৰ প্ৰখ্যাত চাহ খেতিয়ক মৃগেন্দ্ৰ জালানক গ্ৰেপ্তাৰ৷
মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰে মৃগেন্দ্ৰ জালানক৷
মৃগেন্দ্ৰক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড মধ্যপ্ৰদেশৰ ইন্দোৰৰ বিশেষ আদালতৰ৷

14. নলবাৰীৰ অতিৰিক্ত জিলা আয়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ দেহাৱসান।
দিল্লীত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।
যকৃত ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ আছিল ব্যক্তিগৰাকী।

15. শীঘ্ৰে দূৰ হ’ব লোডশ্বেডিঙৰ সমস্যা৷
অসমলৈ অতিৰিক্ত ১৭৯ মেগাৱাট বিদ্যুৎ আবণ্টন।
১অক্টোবৰৰ পৰা APDCL এ লাভ কৰিব বিদ্যুৎ।

16. মিজোৰামত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ৪ কোটি ৮২ লাখ টকাৰ হেৰ’ইন।

17. পাঠশালাৰ ৰূপনগৰত অঘটন।
খাদ্যত বিষক্রিয়া হৈ অসুস্থ হয় ৪০গৰাকী লোক।
প্রসাদ খাই শৌচ-বমিত আক্রান্ত হয় লোকসকল।
অসুস্থ লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

18. গোৱালপাৰাৰ লক্ষীপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি৷

19. কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰীৰ গৃহত অভিযান৷
বসন্ত খেতানৰ গৃহ আৰু কাৰ্যালয়ত অভিযান আয়কৰ বিভাগৰ৷
খেতানৰ নিকন পাৱাৰ এণ্ড ইনফ্ৰা লিমিটেডৰ কাৰ্যালয়তো অভিযান চলায়।

20. মাইক্ৰ’ফাইনেন্সৰ ঋণ বিচাৰি তিনিচুকীয়াত প্ৰতিবাদ।
জিলা আয়ুক্তৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী।
২০১৯ বৰ্ষৰ ঋণ ৰেহাই নোপোৱা মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

One thought on “৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *