পঞ্জাব নেচনেল বেংক উত্তৰ-পূৰ্বাঞ্চল কৰ্মচাৰী সন্থাৰ ১৫ সংখ্যক সন্মিলন।
পঞ্জাব নেচনেল বেংকৰ উত্তৰ- পূৰ্বাঞ্চলৰ কৰ্মচাৰী সন্থাৰ ১৫ সংখ্যক সন্মিলনখন অহা ১ আৰু ২ অক্টোবৰ, ২০২৩ তাৰিখে গুৱাহাটীৰ খানাপাৰা স্থিত গ্ৰীনউড ৰিজৰ্টত অনুষ্ঠিত হ’ব।
১ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাৰ উদ্বোধন কৰিব অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গৌৰৱ শৰ্মাই।
সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব পঞ্জাৱ নেচনেল বেঙ্ক কৰ্মচাৰী সন্থাৰ সৰ্ব্বভাৰতীয় সাধাৰণ সম্পাদক পৃথ্বিৰাজ মেহতা।
লগতে উপস্থিত থাকিব পঞ্জাৱ নেচনেল বেঙ্ক কৰ্মচাৰী সন্থাৰ সৰ্ব্বভাৰতীয় সভাপতি মহিন্দৰ পাল সিং প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি।
২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাত পঞ্জাৱ নেচনেল বেঙ্ক, উত্তৰ পূৰ্বাঞ্চলৰ সকলো শাখাৰ প্ৰতিনিধি তথা পৰ্যবেক্ষকে অংশগ্ৰহণ কৰিব।
উক্ত সন্মিলনৰ মুকলি সভাত সমূহ বেঙ্ক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজক উপস্থিত থাকিবলৈ পঞ্জাৱ নেচনেল বেঙ্ক কৰ্মচাৰী সন্থাৰ অভ্যৰ্থনা সমিতিয়ে আহ্বান জনাইছে।
সুকন্যা শইকীয়াৰ প্ৰতিবেদন Rnewsindia24.com