“মনোৰঞ্জন”
ক্ৰাইম থ্ৰিলাৰ “জানে জান”
এগৰাকী অকলশৰীয়া মাক আৰু তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী লৈ নিৰ্মিত হৈছে ক্ৰাইম থ্ৰিলাৰ” জানে জান”।
মায়া ডিচুজা এগৰাকী অকলশৰীয়া মহিলা।
তেওঁ নিজৰ একমাত্ৰ ছোৱালী জনীক লৈ কালিম্পঙত এখন কেফে খুলি সুন্দৰভাৱে চলি আছিল।
তেওঁৰে প্ৰতিৱেশী আৰু সেই অঞ্চলৰ শিক্ষক নৰেনৰ তেওঁৰ প্ৰতি থকা দুৰ্বলতাৰ কথা মায়া ডিচুজাৰ অজানা নহয়।
কিন্তু নিজৰ ছোৱালীজনীয়েই হওঁক অথবা আন কাৰণতেই হওঁক তেওঁ নৰেনৰ পৰা এক সৌজন্যমূলক দুৰত্ব বজাই ৰাখিছিল।
সুন্দৰ ভাৱে চলি থকা সংসাৰত এদিন আউল লাগিল।
এজন পুলিচ অফিচাৰ, মায়াৰ স্বামী, এদিন আহি তাইৰ সন্মুখত উপস্থিত হ’ল আৰু তাইৰ ছোৱালীজনীক বলপূৰ্বক লৈ যোৱাৰ চেষ্টা কৰিলে।
হতাহতিত মায়াই তাইৰ পূৰ্বৰ স্বামীক হত্যা কৰিলে।
তাৰ পাছত কি হ’ল?
মায়াক মনে মনে ভাল পাই থকা নৰেনে মায়াক সহায় কৰিলেনে?
ঘটনাৰ তদন্ত কৰিবলৈ অহা পুলিচ অফিচাৰ জনে কি কৰিলে?
মায়া জেললৈ গ’ল নেকি?
এই সকলোবোৰ সামৰি নিৰ্মাণ হৈছে “জানে জান”।
আৰম্ভণিৰে পৰা শেষলৈকে চিনেমা খনে আমাক এক ৰহস্যঘন পৰিৱেশৰ মাজত ৰাখিছে।
পৰিচালক সুজয় ঘোষৰ উৎকৃষ্টতা ছবি খনৰ সমগ্ৰতাত ফুটি উঠিছে।
মূখাৰ্জী দা ৰ বৌঃ
সাধাৰণ কাহিনীৰ মাজৰ অসাধাৰণতা
অদিতিঃ মূখাৰ্জী দা ৰ বৌ।
আনহাতে অদিতি ৰ শাহু মা ও মূখাৰ্জী দা ৰ বৌ।
সকলোৱে কয় নাৰীৰ দুখন ঘৰ।
যিখন ঘৰলৈ বিয়া হৈ যায়, সেই ঘৰ খনো আপোন, নিজৰ মাকৰ ঘৰ খনো আপোন।
কিন্তু সঁচাকৈ জানো নাৰীৰ সেই খন ঘৰ নিজৰ হয়?
অথবা নিজৰ মাকৰ ঘৰ খন?
নে সেই ঘৰ খন চিনাকী হয় তেওঁৰ স্বামী অথবা পুত্ৰৰ নামেৰে?
এনেধৰণৰ সকলো কথাৰ উত্তৰ ”মুখাৰ্জী দা ৰ বৌ”।
সাধাৰণ কাহিনী এটাৰ মাজে মাজে কিছু উপকাহিনী সংযোগ আৰু সেই কাহিনী হৈ পৰে অসাধাৰণ।
বেংগলী চিনেমা মানেই যেন নতুনত্ব।
অদিতি এখন মধ্যবিত্ত ঘৰৰ একমাত্ৰ বোৱাৰী।
সেই ঘৰত অদিতিৰ লগত একেলগে থাকে অদিতিৰ স্বামী আৰু শাহু শোভাৰাণী।
কাহিনী আৰম্ভ হয় আদিতিৰ শহুৰেক ঢুকুৱাৰ পৰা।
তেওঁ ঢুকুৱাৰ পৰা শোভাৰাণী যেন কিছু কিছু সলনি হোৱা আৰম্ভ হয়।
বোৱাৰীয়েকৰ সকলো কথাতে ভুল ধৰাৰ পৰা অবাবত কন্দা- কটা কৰা লৈকে বহুতো অস্বাভাৱিক আচৰণ।
এই সকলো লক্ষ্য কৰি এদিন বোৱাৰীয়েকে তেওঁক এগৰাকী মনোবৈজ্ঞানিকৰ ওচৰলৈ লৈ গ’ল।
এই খিনিৰ পৰাই দুয়োৰে জীৱনৰ দিশ পৰিৱৰ্তন হোৱা আৰম্ভ হয়।
শেষত কি হ’ল?
শোভাৰাণীৰ মনৰ পৰিৱৰ্তন হ’ল নে?
তেওঁৰ অদিতিৰ লগত সম্পৰ্ক কোন দিশে গতি কৰিলে?
দুয়ো শাহু- বোৱাৰীৰ পৰা ভাল বান্ধৱী কি দৰে হ’ল?
সকলো কথাৰ উত্তৰ পাব ”মূখাৰ্জী দাৰ বৌ”ত।
২০১৯ ত মুক্তি লাভ কৰা চিনেমা খনৰ পৰিচালক পৃথা চক্ৰৱৰ্তীয়ে সকলো চৰিত্ৰৰ সুন্দৰ বিশ্লেষণ কৰাত সমৰ্থ হৈছে।
এইখন তেওঁৰ পৰিচালক হিচাপে প্ৰথম চিনেমা আৰু প্ৰথম চিনেমা খনতে তেওঁ সুদক্ষতাৰ পৰিচয় দিছে।
সুকন্যা শইকীয়া Rnewsindia24.com