৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Sept 30/2023:-
1. অসম-মেঘালয়ৰ সীমা সমস্যাক লৈ কইনাধৰাত বৈঠক।
বৈঠকত মিলিত হয় দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী।
উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি।
2. দেশৰ NSS স্বেচ্ছাসেৱকসকলক ২০২১-২০২২ বৰ্ষৰ বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে।
অসমৰ ৩গৰাকী সদস্যই লাভ কৰে NSS বঁটা।
3. ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ ঘোষণা।
২০০০ টকীয়া নোট জমা দিয়াৰ অন্তিম সীমা বৃদ্ধি।
৭ অক্টোবৰলৈ বৃদ্ধি নোট জমা দিয়াৰ অন্তিম দিন।
4. উৎকোচ লৈ গ্ৰেপ্তাৰ
নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল দুলাল চন্দ্ৰ বণিয়া৷
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে লাট মণ্ডলজনক৷
5. এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে মোবাইল নিব নোৱাৰিব বিদ্যালয়লৈ, পিন্ধি যাব নোৱাৰিৱ স্মাৰ্ট ঘড়ী৷
এই নিৰ্দেশনা বিদ্যালয় শিক্ষা বিভাগৰ৷
* ২ অক্টোবৰত ৰাজ্যৰ সকলো বিদ্যালয় খোলা থাকিব।
উক্ত দিনটোত সকলো বিদ্যালয়ত ‘অহিংস দিৱস’ হিচাপে পালন কৰা হ’ব৷
বিদ্যালয় খোলা ৰাখিবলৈ বিদ্যালয় শিক্ষা বিভাগে দিছে নিৰ্দেশনা৷
6. সোণাপুৰস্থিত স্প্ৰীংভেলী ৰিজ’ৰ্টলৈ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ অত্যাধুনিক ৰিজ’ৰ্টৰ সন্মান।হিমালয়ন হস্পিতেলিটী আৰু টুৰিজিম ডেভলপমেণ্ট নেচৱৰ্কে প্ৰদান কৰে এই সন্মান।
7. তিতাবৰৰ জালুকনিবাৰীত গুৰু দক্ষিণা অনুষ্ঠান৷
৩ জনকৈ বৰ্ষীয়ান শিক্ষকক বঁটা প্ৰদান কৰে লগতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠানৰ আৰম্ভণি কৰে।
অনুষ্ঠানত উপস্থিত থাকে শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী আৰু বহু গণ্যমান্য ব্যক্তি।
8. বিজেপি SC মৰ্চাৰ বিশেষ পদক্ষেপ।
CIPETৰ জৰিয়তে ১,০০০ যুৱক-যুৱতীক দিব কৰ্মসংস্থাপন ।
যুৱক-যুৱতীক প্ৰশিক্ষণৰ বাবে গুৱাহাটীৰ বাজপেয়ী ভৱনত ‘ৰেঙণি’ শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰে।
9. বৰ্ষাপাৰাত মুষলধাৰ বৰষুণৰ ফলত ভাৰত-ইংলেণ্ডৰ ক্ৰিকেট বিশ্বকাপৰ প্ৰস্তুতি মেচ বাতিল।
ঘূৰাই দিয়া হ’ব মেচৰ অনলাইন টিকটৰ মাচুল।
10. মালিগাঁৱৰ কামাখ্যা মন্দিৰ পথত অঘটন।
চলন্ত গাড়ীৰ ওপৰত বাগৰি পৰিল গছ।
গছ বাগৰি পৰাত ব্যাহত হয় কামাখ্যা মন্দিৰলৈ যাতায়াত।
11. বঙাইগাঁৱৰ মাণিকপুৰত উত্তপ্ত পৰিস্থিতি।
মানিকপুৰক উপ-জিলা ঘোষনাৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদী সমদলকাৰীক আৰক্ষীৰ বাধা প্ৰদান কৰে।
12. ‘মধ্যপ্ৰদেশৰ জনতাই এতিয়া বিজেপিক ঘৃণা কৰে’- মন্তব্য ৰাহুল গান্ধীৰ।
13. সৰ্থেবাৰীত প্ৰতিবাদ
সত্ৰাধিকাৰ-নামঘৰীয়াৰ।
সৰ্থেবাৰীক উপ-জিলা ঘোষণাৰ দাবীৰে কৃষ্টি-সংস্কৃতিৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে
সত্ৰাধিকাৰ-নামঘৰীয়াই।
14. জু-ৰোডৰ উৰণ সেঁতুৰ তলত অঘটন।
নিৰ্মীয়মান উৰণ সেঁতুৰ কামত ব্যৱহৃত টিঙৰ বেৰ বাগৰি আহত হয় দুজন লোক।
15. নীলাচল উৰণসেতুত শিহৰণকাৰী দুৰ্ঘটনা৷
৪খন বাইকক মহটিয়াই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ট্ৰাকে৷
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।
16. কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ।
বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য দাবী প্ৰতিবাদকাৰীৰ।
৩ অক্টোবৰত গণসমাবেশৰ আয়োজনেৰে পুনৰ প্ৰতিবাদ কৰিব এবছুৱে।
17. মেঘালয়ৰ কয়লাখনিত বদৰপুৰৰ দুই শ্ৰমিকৰ ৰহস্যজনক মৃত্যু।
শ্ৰমিক দুজনৰ নাম আব্দুল কাদিৰ আৰু আব্দুল্লা হুছেইন।
18. মহানগৰীত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ।
দক্ষিণগাঁৱৰ পৰা জব্দ কৰে এই ঔষধসমূহ।
মণিপুৰৰ এটা সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ২,২৫৬টা বটল।
19. গোৱালপাৰাৰ লক্ষীপুৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান৷
লক্ষীপুৰৰ ভিন্ন প্ৰান্তত আবকাৰী বিভাগৰ অভিযান৷
অভিযানত কেইবাটাও চুলাই মদৰ ঘাটি উচ্ছেদ৷
20. শিৱসাগৰ পৌৰসভা কাৰ্যালয়ৰ সমীপত অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন চাহৰ দোকান৷
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ হয় জুই৷
Sangita Dutta News Editor Rnewsindia24.com