11. আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে চূৰাচান্দপুৰ জিলা বন্ধ ঘোষণা।
কুকি সংগঠন ITLFয়ে কৰে এই ঘোষণা।
২ শিক্ষাৰ্থীৰ অপহৰণ, হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা পৰিস্থিতি।
মণিপুৰ আৰক্ষী-CRPFৰ সহযোগত ৬ অভিযুক্তক গ্ৰেপ্তাৰ CBIৰ।
অভিযুক্তৰ ভিতৰত আছে ৩গৰাকী নাবালিকাও।
12. মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন।
সদিলাপুৰৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু।
‘Loving Hands Wellness Society’ নামৰ নিচামুক্তি কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ।
13. দুলীয়াজানৰ ১নং বৰপথাৰ তিনিআলিত শোকাৱহ পথ দুৰ্ঘটনা।
ডাম্পাৰ আৰু স্কুটিৰ সংঘৰ্ষত নিহত হয় এহাল যুৱক-যুৱতী।
গুৰুতৰভাৱে আহত আন এজন ব্যক্তি।
14. দক্ষিণ মেক্সিকোৰ চিয়াপাছত শোকাৱহ পথ দুৰ্ঘটনা।
ৰাজপথত বাগৰি পৰে যাত্ৰী কঢ়িয়াই নিয়া এখন ট্ৰাক।
দুৰ্ঘটনাত প্ৰায় ১০ গৰাকী কিউবাৰ প্ৰব্ৰজনকাৰী নিহত হয় আৰু গুৰুতৰভাৱে আহত হয় ২৫গৰাকী লোক।
15. গোৱালপাৰাৰ ধনুভাঙাত পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে বাহনখন।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৮জনকৈ লোক।
আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।