৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 3/2023:- 

1. ৰাজ্যত পুনৰ আৰম্ভ বাল্যবিৱাহ বিৰোধী অভিযান।
বৰ্তমানলৈকে ১০৩৯গৰাকী অভিযুক্ত লোকক আটক কৰে আৰক্ষীয়ে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰে এই তথ্য।

2. ২০২৩ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা।
পিয়েৰ আগষ্টিনি, ফেৰেন্স ক্ৰাউজ আৰু এন্নে ল’হুইলিয়াৰলৈ আগবঢ়োৱা হয় এই বিশেষ বঁটাটি।

3. প্ৰশ্নকাকত ফাদিলত জড়িতৰ কাৰাদণ্ডৰ ম্যাদ হ’ব ৫ বছৰ৷
১০ লাখ টকাৰ পৰা ১০ কোটি টকা জৰিমনা হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

4. ‘খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ খবৰে সকলোকে চিন্তিত কৰিছে৷
যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয়, তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব’৷
আলফা (স্বাঃ)ৰ সদস্যক মৃত্যুদণ্ড দিয়াৰ পাছতেই DGP জি পি সিঙৰ এই টুইট।

*‘জংঘলৰ পৰা মৃতদেহবোৰ ঘূৰাই পঠাওক।
পৰিয়ালক অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ দিয়ক।’
আলফা স্বাধীনৰ মৃত্যুদণ্ডক লৈ পুনৰ DGP জি পি সিঙৰ প্ৰতিক্ৰিয়া।

5. আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ভয়ংকৰ ঘটনা৷ সংগঠনটোৰ অন্যতম শীৰ্ষ নেতাক মৃত্যুদণ্ড৷
লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ ছেলিম।
আনহাতে তিনিচুকীয়াৰ বৰ্ণালী অসম নামৰ এগৰাকী সদস্যকো মৃত্যুদণ্ড।

6. দূৰ্গা পূজা আয়োজক সমিতিসমূহলৈ মহানগৰ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা।
কোনো ফুটপাথ, বাইলেন বন্ধ কৰি বনাব নোৱাৰিব পূজা মণ্ডপ।
পূজা সমিতিক অনুমতি দিব স্থানীয় থানাই।
CCTV সংলগ্ন কৰিব লাগিব পূজা কমিটিয়ে।
APDCL অনুমতি নোলোৱাকৈ কৰিব নোলোৱাৰাকৈ কৰিব নোৱাৰিব লাইটিঙৰ ব্যৱস্থা।

7. নলবাৰী পলিটেকনিকত মুকলি কৰে ড্ৰোণ প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ কেন্দ্ৰ।
আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ’ব ড্ৰোণৰ প্ৰশিক্ষণ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বহু গণ্য মান্য ব্যক্তি।

8. বিলাসপুৰ পৰা ৰায়পুৰলৈ ৰেলত যাত্ৰা কৰে সাংসদ ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীক কাষত লগ পাই একাংশ যুৱক যুৱতি উৎফুল্লিত।

9. দিল্লী-NCRসহ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প।
ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৪.৪৬ আৰু ৬.২।
ভূমিকম্পৰ অভিকেন্দ্ৰ নেপাল।
একেৰাহে ৪টাকৈ ভূমিকম্পত নেপালত ব্যাপক ক্ষয়-ক্ষতি হয়।
দিল্লীৰ লগতে উত্তৰাখণ্ডসহ কেইবাখনো ৰাজ্যত অনুভূত হয় জোকাৰণি।
ভূমিকম্পৰ বাবে দিল্লী আৰক্ষীয়ে জাৰি কৰে সতৰ্কতামূলক জাননী।

10. বৰষুণৰ বাবে ইণ্ডিয়া-নেদাৰলেণ্ডৰ প্ৰস্তুতি মেচ বাতিল।
তিৰুৱানন্তপুৰমৰ গ্ৰীন ফিল্ড ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল মেচখন৷

11. এছিয়ান গেমছৰ পুৰুষৰ ১০০০ মিটাৰ ডাবলছ কেন’ত অৰ্জুন সিং আৰু সুনীল সিঙে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
এছিয়াডৰ ইতিহাসত কেন’ ইভেণ্টত ভাৰতৰ এয়া দ্বিতীয় পদক৷
আনহাতে, মহিলাৰ ৫০০০ মিটাৰ দৌৰত সোনৰ পদক লাভ কৰে পাৰুল চৌধুৰীয়ে।

12. মুছলমানক বিদেশী বুলি ভাবুকি দিয়া আৰক্ষী বিষয়া জয়ন্ত কুমাৰ দাসক নিলম্বন।
বিদেশীৰ ভয় দেখুৱাই ধন লোৱাৰ অভিযোগ।

13. পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত আৰক্ষী।
গ্ৰেপ্তাৰ হয় হাইলাকান্দিৰ আব্দুল্লাপুৰ তহলদাৰী আৰক্ষী চকীৰ ASI হিতুশ নাথ।

14. শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা।
কনভয়ৰ বাহনত খুন্দা আন এখন বাহনৰ।
দুৰ্ঘটনাত আহত হয় মহিলাসহ ৭গৰাকী কংগ্ৰেছ কৰ্মী।

15. কৰিমগঞ্জৰ ৰাতাবাৰীত CRPF জোৱানৰ আত্মহনন।
জোৱানজনৰ নাম অজয় সিং।
ছাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰে জোৱানজনে।

16. বাজ্ৰিলত উৎকট গৰমৰ বাবে আমাজন নদীত এসপ্তাহত ১২০টা ডলফিনৰ মৃত্যু হয়।

17. অৰুণাচল প্ৰদেশৰ মাগ’-চোনা সীমান্তত বলীউড অভিনেতা ৰণদ্বীপ হুদা।
মাগ’-চোনা সীমান্তত আয়োজিত ভাইব্ৰেণ্ট ভিলেজ অনুষ্ঠানত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে।
সীমান্তত কৰ্মৰত ভাৰতীয় সেনা আৰু ITBP জোৱানসকলক সন্মান জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হয়।

18. ডিব্ৰুগড়ত সোণোৱাল কছাৰী ছাত্র সন্থা,দেউৰী ছাত্র সন্থা আৰু ঠেঙাল কছাৰী সংগঠনৰ প্ৰতিবাদ।
সোণোৱাল কছাৰী,দেউৰী আৰু ঠেঙাল কছাৰী ভূমিপুত্র জনজাতি জনগোষ্ঠীক ষষ্ঠ অনুসূচী স্বায়ত্বশাসন প্ৰদানৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

19. ডিমৌৰ পাখীমুৰীত অঘটন।
পুখুৰীত জাপ দি আত্মহত্যা কৰে এজন শিক্ষকে।
মৃত শিক্ষকজনৰ নাম ৰাজকাপুৰ পানীক।
পানীক ৰাজমাই কিষাণ প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক।

20. গোৱালপাৰাৰ জলেশ্বৰ শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ।
“আমাক মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰক আৰু অতিৰিক্ত কামৰ বোজা কৰ্তন কৰক” দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *