শচীন তেণ্ডুলকাৰ

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 4/2023:- 

1. শচীন তেণ্ডুলকাৰক বিশ্বকাপ ক্ৰিকেটৰ গ্ল’বেল এম্বেছাদৰ হিচাপে নিযুক্তি।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আগবঢ়াই এই বিশেষ সন্মান।

2. উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীলৈ সুখবৰ।
২০০ টকাৰ পৰিৱৰ্তে ৩০০ টকাৰ ৰাজসাহায্য লাভ কৰিব হিতাধিকাৰীসকলে।
কেন্দ্ৰীয় কেবিনেটত এই সিদ্ধান্ত গ্ৰহন কৰা হয়।

3. ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা।
৩ বিজ্ঞানীলৈ ২০২৩ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল।
মৌংগী জি বাৱেন্দি, লুইছ ই ব্ৰুছ আৰু এলেক্সি আই একিমুভলৈ ৰসায়ন বিজ্ঞানৰ নোবেল।

4. হাতে-লোটে গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক মেৰাফত আলীক।
লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ SI মেৰাফত আলী।
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক।
অপৰাধীক মুকলি কৰি দিয়াৰ নামত লৈছিল ধন।

5. হাইলাকান্দিত ২ আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ।
ডকাইতিৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ দুয়োকে।
ধৃত কনিষ্টবল দুজন নাৰায়ণ দাস, আইনুল আলী।

6. অভিনেতা ৰনবীৰ কাপুৰলৈ EDৰ চমন।
অনলাইন গেমিং-বেটিং গোচৰত শুকুৰবাৰে জেৰা কৰিব অভিনেতাজনক।

7. জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত CBIৰ দল।
১২ জনীয়া CBIৰ দলটো উপস্থিত হয় জখলাবন্ধাত।
ঘটনাৰ ৰিক্ৰিয়েট কৰিব CBIৰ দলটোৱে।

8. এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰে অসমকন্যা লাভলীনা বৰগোঁহাই এ।

*এছিয়ান গেমছত আৰু এটা স্বৰ্ণ জয় ভাৰতৰ।
আৰ্চাৰীৰ মিক্সড টীম ইভেণ্টত জ্যোতি সুৰেখা-অ’জাছ দেওতালেৰ স্বৰ্ণ দখল।
এই পৰ্যন্ত ভাৰতৰ ১৬টা স্বৰ্ণসহ মুঠ ৭১টা পদক জয়।

9. দুৰ্গা পূজা উপলক্ষে প্ৰশাসনৰ বিশেষ নিৰ্দেশনা।
প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ কৰিব নোৱাৰিব প্লাষ্টিক।
পৰিৱেশ অনুকূলভাৱে প্ৰস্তুত কৰিব লাগিব দেৱীৰ প্ৰতিমা।

10. আলফা (স্বাঃ)ৰ সামৰিক শিবিৰত মৃত্যুদণ্ডৰে দণ্ডিত লাচিত হাজৰিকা আৰু নয়নমণি চুতীয়াৰ মৃতদেহ পৰিয়ালক ঘূৰাই দিয়াৰ দাবীৰে টুইট DGP জি পি সিঙৰ।

11. উত্তৰ ইটালীৰ ভেনিচত ভয়ংকৰ বাছ দুৰ্ঘটনা।
উৰণসেতুৰ পৰা তলত বাগৰি পৰে এখন বাছ।
দুৰ্ঘটনাত ২১গৰাকী পৰ্যটকৰ মৃত্যু হয় ।
গুৰুতৰভাৱে আহত হয় ১৮গৰাকী পৰ্যটক।

12. উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা।
১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে অনলাইনযোগে শিক্ষাৰ্থীয়ে কৰিব পাৰিব প্ৰ-পত্ৰ পূৰণ।
নিয়মীয়া শিক্ষাৰ্থীৰ বাবে মাচুল ধাৰ্য কৰা হৈছে ১,৩০০ টকা।
শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে জাৰি কৰে নিৰ্দেশনা।
২ লাখৰ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে মাচুল ৰেহাইৰ সিদ্ধান্ত।

13. শ্ৰীৰামপুৰত অৰুণাচলী সুৰাসহ বলেৰ’ পিকআপ ভান জব্দ।
আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ অৰুণাচলী সুৰা।
আৰক্ষীয়ে খেদি খেদি জব্দ কৰে সুৰাভৰ্তি বলেৰ বাহনখন।
আৰক্ষীৰ নিৰ্দেশ নামানি পলাবলৈ চেষ্টা কৰিছিল বাহনখনে।

14. ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ ছিকিমত ভয়ংকৰ বান পৰিস্থিতি।
বানত সন্ধানহীন ২৩গৰাকী সেনা জোৱান।
লাচেন ভেলীৰ তিস্তা নৈৰ জলপৃষ্ঠ বৃদ্ধি হয়।

15. নলবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান।
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় কনিষ্ঠ সহায়ক জুনু কলিতা।

16. ‘অমৃত কলহত অমৃত নাই’।
মূল্যবৃদ্ধিৰ নামত ৰাইজে বিষ পান কৰি আছে, অমৃত পান কৰিছে বেলেগে- এই মন্তব্য ভূপেন বৰাৰ।

17. চৰাইদেউত আজি AJPৰ ‘এক অসম যাত্ৰা’।
চৰাইদেউত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে।

18. বিশ্বনাথত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ।
কর্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
গ্রেচুইটী, অৱসৰপ্ৰাপ্ত কর্মী-সহায়িকাক এককালীন সাহায্য দিয়াৰো দাবী।

19. হাইলাকান্দিত বান্দৰ খেদিবলৈ বন বিভাগৰ বিশেষ অভিযান।
এতিয়াৰ পৰা প্ৰতিদিনে দুবাৰকৈ বান্দৰ খেদিবলৈ অভিযান চলাব বন বিভাগে।

20. ভূপেন বৰাই বিধায়কসকলক হিংসা কৰে, সেইকাৰণে শ্ব’কজ দিয়ে।
নিৰ্বাচনত আকৌ হাৰিব ভূপেন বৰা।
দিছপুৰত আহিব নোৱাৰি বাগানত, চৰত ঘূৰি ফুৰিছে- মন্তব্য পীযূষ হাজৰিকাৰ।

 

Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *