“মনোৰঞ্জন”
“মিছন ৰাণীগঞ্জ”
ভাৰতবৰ্ষত এনে কিছুসংখ্যক সঁচা নায়ক আছে যি সকলে নিজৰ জীৱনক বিপদাপন্ন কৰি মানুহক ৰক্ষা কৰাৰ দায়িত্ব গ্ৰহণ কৰে।
তেনে লোক সকলৰ ভিতৰত এজন হল স্বৰ্গীয় জশৱন্ত সিং গীল।
পেছাত এজন ইঞ্জিনিয়াৰ গীলে নিজৰ জীৱন বিপদাপন্ন কৰি কয়লা খনিত পোত যোৱা লোক সকলক উদ্ধাৰ কৰাৰ কাহিনীৰে নিৰ্মিত হৈছে ”মিছন ৰাণীগঞ্জ”।
চিনেমা খনৰ ট্ৰেইলাৰ ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰিত হৈছে।
চিনেমা খনৰ নাম ভুমিকাত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।
নায়িকাৰ ৰূপত অভিনয় কৰিব অভিনেত্ৰী পৰিণীতি চোপ্ৰাই।
এওঁলোকৰ উপৰিও বহুতো ন- পুৰণি শিল্পীয়ে চিনেমা খনত অভিনয় কৰিব।
চিনেমা খন পৰিচালনা কৰিব নিৰ্দেশক টিনু সুৰেশ দেশাইয়ে।
চিনেমা খনৰ বহু কেইটা গান ইতিমধ্যে সামাজিক মাধ্যমত মুকলি কৰি দিয়া হৈছে।
বহুতো জনপ্ৰিয় কন্ঠশিল্পীয়ে চিনেমা খনৰ গান সমূহত কন্ঠদান কৰিছে।
চিনেমা খনে দৰ্শকৰ সহাৰি পাব বুলি পৰিচালক, নিৰ্দেশক, অভিনেতাকে প্ৰমুখ্য কৰি সকলো আশাবাদী।
“ৰাঘৱ”
অসমীয়া চলচিত্ৰৰ নতুন ধাৰাৰ লগত খোজ মিলাই অভিনেতা যতীন বৰাৰ প্ৰডাকচন হাউচে আগবঢ়াইছে নতুন অসমীয়া ছবি ”ৰাঘৱ”।
ছবি খনৰ নাম ভুমিকাত অভিনয় কৰিছে যতীন বৰাই।
নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে নিশিতা গোস্বামীয়ে।
ইতিমধ্যে চিনেমা খনৰ ট্ৰেইলাৰ বিভিন্ন সামাজিক মাধ্যমত মুকলি কৰা হৈছে আৰু দৰ্শক সকলে ট্ৰেইলাৰ খন আদৰি লোৱা দেখিবলৈ পোৱা গৈছে।
জুবিন গাৰ্গৰ সংগীত পৰিচালনাৰে চিনেমা খনৰ তিনিটা কৈ গান সামাজিক মাধ্যমত মুকলি কৰি দিয়া হৈছে।
অসমৰ বহু কেইজন ন- পুৰণি কলা-কুশলীয়ে অভিনয় কৰা ”ৰাঘৱ’’ এই মাহৰ ২৭ তাৰিখে মুকলি কৰি দিয়া হ’ব। চিনেমা খনৰ সফলতাক লৈ আশাবাদী অভিনেতাৰ লগতে পৰিচালক গোষ্ঠী।