৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 5/2023:- 

1. নৰৱেৰ সাহিত্যিক জন ফছেলৈ ২০২৩ বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা।
নাটক আৰু গদ্যৰ বাবে সাহিত্যিক গৰাকীলৈ আগবঢ়োৱা হয় এই বিশেষ বঁটাটি।

2. বাক্সাৰ মুছলপুৰত জিলা ক্ৰীড়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
প্ৰায় ৪২ কোটি টকা ব্যয় কৰা হ’ব এই আঁচনিত।
আয়ুক্ত কাৰ্যালয় নিৰ্মাণৰ বাবে ২৫ কোটি টকা, আৱৰ্ত ভৱন নিৰ্মাণৰ বাবে ৫ কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

3. ৰাজ্যৰ নিবনুৱাসকললৈ সু-খবৰ।
৭ অক্টোবৰত প্ৰকাশ পাব আৰক্ষী বিভাগত নিযুক্তিৰ বিজ্ঞাপন।
৫৫০০-৫৭০০ পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন।
চলিত মাহতে আন ১৫ হাজাৰ চৰকাৰী পদৰ বাবেও ওলাব বিজ্ঞাপন।

4. ১৩ অক্টোবৰত ২৫ হাজাৰকৈ ঋণ লোৱা মহিলাই পাব NOC।
মাফ কৰি দিয়া হৈছে তেওঁলোকে লোৱা ঋণো।
ভৱিষ্যতে নিজাকৈ পুনৰ ঋণ ল’ব পাৰিব মহিলাসকলে।

5. গুৱাহাটী বিমানকোঠ আৰু মেঘালয় চৰকাৰৰ উদ্যোগত শ্বিলঙৰ হোটেল পাইনউডত ‘শেষ মাইল সংযোগ’ বিষয়ৰ কৰ্মশালা।
উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন উদ্যোগৰ বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত হয় কৰ্মশালা।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মেঘালয়ৰ পৰ্যটনমন্ত্ৰী পল লিংডোসহ বিষয়াই।

6. ছিকিমৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে পশ্চিমবংগৰ ৰাজ্যপালৰ চি ভি আনন্দ বসুৱে।
ভুক্তভোগীৰ সৈতে মত বিনিময় কৰে ৰাজ্যপালগৰাকীয়ে।

7. লখিমপুৰত চাঞ্চল্যকৰ ঘটনা।
৫ ড্ৰাগছ বেপাৰীয়ে মৰিয়াই হত্যা কৰিলে কলেজীয়া ছাত্ৰক।
হত্যা কৰি মৃতদেহ পেলাই দিয়ে সোমদিৰি নদীত।
নিহত ছাত্ৰজন তাবিদ হুছেইন চৌধুৰী।
লখিমপুৰৰ চাপৰি গাঁৱত সংঘটিত হয় এই ঘটনা।
SDRF-এ উদ্ধাৰ কৰে মৃতদেহটো।

8. বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৩৭.৪৭ কোটি টকা মুকলি।
সমগ্ৰ শিক্ষা অভিযানে মোকলাই দিয়ে এই ধনৰাশি।
এই ধনৰাশিৰে লাভান্বিত হ’ব ৰাজ্যৰ ২৮ জিলাৰ ১,৭৭০ খন বিদ্যালয়।

9. গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিস্থিত ভাৰতীয় জনতা পাৰ্টি,অসম ৰাজ্যিক মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী৷
যোগদান কাৰ্যসূচীত অংশ গ্ৰহন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
“উন্নয়নৰ স্বাৰ্থত চাহ জনগোষ্ঠীৰ ৰাইজে বিজেপিক আদৰি লৈছে” বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে।

10. পুনেত এটা মটৰচাইকেল ছাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিদগ্ধ হয় ২৫খনকৈ দুচকীয়া বাহন।

11. মহানগৰীৰ জু-ৰোডত ভূমিস্খলনৰ ঘটনা।
বাসগৃহৰ ওপৰত খহি পৰিল দেৱাল-মাটি।
জু-নাৰেংগী ৰোডৰ ভাস্কৰ নগৰত সংঘটিত হয় এই ঘটনা।

12. লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমছু লখিমপুৰ জিলা সমিতিৰ অৱস্থান ধৰ্মঘট।
আধাৰকাৰ্ডৰ পৰা বঞ্চিত লোকক কাৰ্ড প্ৰদানৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
মুছলমানসকলক বসুন্ধৰা-২ আঁচনিত অন্তৰ্ভুক্ত কৰাৰো দাবী।

13. টীয়কত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় ছাত্ৰী।
আৰক্ষীয়ে আটক কৰে ট্ৰাকৰ চালক-হেণ্ডিমেনক।

14. চামগুৰিৰ নামা-পাঘালিত বোমাতংক।
পথৰ দাঁতিত উদ্ধাৰ কৰে ৮টাকৈ বোমা সদৃশ গোলা।
চামগুৰি আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ কৰে গোলাকেইটা।
হস্তনিৰ্মিত বোমা বুলি সন্দেহ কৰে আৰক্ষীয়ে।

15. যোগীঘোপাৰ বালাপাৰাত পঞ্চায়ত প্ৰতিনিধিৰ পুত্ৰৰ বিৰুদ্ধে বাল্যবিৱাহৰ অভিযোগ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পিয়াৰ আলীক।
পিয়াৰ আলী বালাপাৰা পঞ্চায়তৰ উপ-সভানেত্ৰী পিয়াৰভানৰ পুত্ৰ।

16. ৰুষ্ট প্ৰকৃতিৰ ৰুদ্ৰৰূপত ছিকিমত মৃত্যু হয় ১৪জন লোকৰ।
২২ সেনাৰ জোৱানসহ সন্ধানহীন হয় ১২০ গৰাকী লোক।
ভাৰতীয় সেনাৰ ত্ৰিশক্তি ক’ৰ্পৰ সেনাই চলাই উদ্ধাৰ অভিযান।

17. ডেংগুৱে ভয়ংকৰ ৰূপ লৈচে ডিমা হাচাও জিলাত।
জিলাখনত আক্ৰান্ত হয় ১৪৯ গৰাকীকৈ লোক।
ডেংগুৰ পৰীক্ষা, চিকিৎসা প্ৰদানত সমস্যাৰ সন্মুখীন উমৰাংছ’ চিকিৎসালয়ত।

18. কাছাৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
কালাইনত এখন বাহনৰ পৰা জব্দ কৰে ১,৭০৫ কেজি গাঞ্জা।

19. ছয়গাঁও সাৰ্ব্বজনীন শাৰদীয় দুৰ্গোৎসৱৰ লাইখুঁটা স্থাপন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে ।

20. লাহৰীঘাটত পিষ্টল, সক্ৰিয় গুলীসহ দুজনক গ্ৰেপ্তাৰ।
STF-বন বিভাগৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে আফজাল হক, ৰফিকুল ইছলামক।
চোৰাং চিকাৰত জড়িতৰ সন্দেহত গ্ৰেপ্তাৰ কৰে দুয়োকে।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *