৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Oct 13/2023:-
1. যোৰহাটৰ ৰাজবাৰীত আহোম ৰজাৰ স্মৃতি বিজড়িত স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
ৰাজবাৰীত আহোমৰ শেষৰজন ৰজাৰ স্মৃতি যুগমীয়া কৰিবলৈ ব্যৱস্থা ল’ব মুখ্যমন্ত্রী গৰাকীয়ে।
2. নগাঁও জিলাত ‘মুখ্যমন্ত্ৰী বিশেষ আঁচনি’ৰ অধীনত চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে মন্ত্ৰী অজন্তা নেওগে।
অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ক্ৰমে- ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, জিলা প্ৰশাসনৰ বিষয়া, আন বিশিষ্ট ব্যক্তি সকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল।
3. নলবাৰীত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
4. শোণিতপুৰ জিলাত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ অনুষ্ঠান।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী অশোক সিংঘাল, সাংসদ পল্লৱ লোচন দাস, বিধায়ক পদ্ম হাজৰিকা, গণেশ লিম্বু ডাঙৰীয়া, পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তান্তী, বহু গণ্য মান্য ব্যক্তি।
5. শিৱসাগৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ কৰে মন্ত্ৰী বিমল বৰাই।
6. কাছাৰৰ শিলচৰত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
উপস্থিত থাকে বিধায়কদ্বয় ক্ৰমে দীপ্যায়ন চক্ৰৱৰ্তী, কৌশিক ৰায় আৰু বহু গণ্যমান্য ব্যক্তি।
7. বিলাসীপাৰাত স্বামী বিবেকানন্দ উদ্যান মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
8. কাইলৈ বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ।
ভাৰতীয় সময় অনুসৰি নিশা ৮.৩৪ বজাত আৰম্ভ হ’ব সূৰ্যগ্ৰহণ আৰু অন্ত পৰিব নিশা ২.২৫ বজাত।
9. ১৫ অক্টোবৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ’ব পৰ্যটকৰ বাবে৷
মুকলিৰ পূৰ্বে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে ৰাষ্ট্ৰীয় উদ্যানখন।
10. ২০২৮ৰ অলিম্পিকৰ বাবে অন্তৰ্ভুক্ত হ’ল ক্ৰিকেট।
আনুষ্ঠানিকভাৱে ঘোষণা কৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে।
লছ এঞ্জেলছত অনুষ্ঠিত হ’ব ২০২৮ৰ অলিম্পিক।
11. তেজপুৰ বায়ুসেনা চাউনীত EAC Annual Commanders Conference ৷
অনুষ্ঠানত উপস্থিত থাকে এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধুৰী আৰু বায়ুসেনাৰ বহুকেইগৰাকীও উচ্চ পদস্থ বিষয়া।
12. চহৰীকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষ উদযাপনৰ উপলক্ষে খোৱাং শিক্ষা খণ্ডৰ অন্তৰ্গত উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ মাজত আন্তঃ বিদ্যালয় প্রাইজমানি ফুটবল প্রতিযোগিতাত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা।
ডিচেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া সামৰণী অনুষ্ঠানৰ প্ৰস্তুতিৰ সম্পৰ্কত বাৰ্তালাপ কৰে মন্ত্ৰী গৰাকীয়ে।
13. গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত মজুত নাই প্ৰয়োজনীয় জীৱনদায়িনী ইন্ধন তথা সামগ্ৰীৰ।
সামগ্ৰীসমূহ জৰুৰীভাৱে প্ৰেৰণ নকৰিলে মানৱীয় বিপৰ্যয় ৰোধত ব্যৰ্থ হ’ব বুলি মন্তব্য কৰে বিশ্ব স্বাস্থ্য সংস্থাই।
14. ইজৰাইলৰ বেন গুৰিয়ন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ হামাছৰ ৰকেট নিক্ষেপ।
উত্তৰ গাজাৰ পৰা ১.১ মিলিয়ন লোকক স্থানান্তৰৰ নিৰ্দেশ ইজৰাইলী সেনাৰ।
15. মণিপুৰৰ চূড়াচান্দপুৰত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ।
জব্দ হয় এটা MP5, ১ টা মেচিনগান , ৩৮.৮কন্দুৱা গেছ।
16. শিলচৰৰ ৰাষ্ট্রীয় ঘাইপথত চলন্ত বাহনত অগ্নিকাণ্ড।
এখন ৰন্ধন গেছ চিলিণ্ডাৰভৰ্তি বাহনত জুই লাগে।
শিলচৰ-হাফলং ৰাষ্ট্রীয় ঘাইপথৰ ময়নাৰবন্দৰত সংঘটিত হয় এই ঘটনা।
17. কলাক্ষেত্ৰৰ ড৹ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত GIT দিৱস উদযাপন।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে।
উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, সাতুৰবিদ এলভিচ আলি হাজৰিকা, কেইবা গৰাকী জেষ্ঠ সাংবাদিকৰ লগতে বহু গণ্য মান্য ব্যক্তি।
18. অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীয়েও পাব চাইকেল।
যাতায়াতৰ অসুবিধাত হোৱা শিক্ষকক দিব স্কুটী।- ঘোষণা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ।
19. গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ ধন।
নগদ এক কোটিতকৈও অধিক ধন জব্দ কৰে দুজন লোকৰ পৰা।
নামনিমুৱা বিবেক এক্সপ্রেছৰ পৰা জব্দ কৰে ৰে’ল আৰক্ষীয়ে।
20. মহানগৰীৰ বেহাৰবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
স্বামীৰ হাতত প্রাণ গ’ল এগৰাকী মহিলাৰ।
নিহত মহিলাগৰাকীৰ নাম হামেদা বেগম।
Sangita Dutta News Editor Rnewsindia24.com