“মনোৰঞ্জন”
Rnewsindia24.com
অ’. এম. জি. ২
অ’. এম. জি. ২- এক বিশেষ বাৰ্তা, সমাজৰ প্ৰতি।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত উশৃংখলতা বৃদ্ধি পোৱাৰ অভিযোগ সততে শুনিবলৈ পোৱা যায়।
বহু কিতাপে- পত্ৰই এই কথাৰ সৰস সমালোচনা হোৱাও দেখা যায়।
কিন্তু এই উশৃংখলতা বৃদ্ধি পোৱাৰ আঁৰৰ কথা বোৰ কোনেও মুকলি কৈ সমাজত প্ৰকাশ কৰিব নোখোজে।
তেনে এক স্পৰ্শকাতৰ বিষয় লৈয়ে নিৰ্মাণ কৰা হৈছে অ’ এম. জি. ২ চিনেমা খন।
অ’. এম. জি. ৰ প্ৰথম ভাগ ধৰ্মান্ধতাৰ বিষয় লৈ নিৰ্মাণ কৰা হৈছিল আৰু সেই চিনেমা খনেও মুক্তিৰ লগে লগে ভাল আৰু বেয়া দুয়ো দিশেৰে বহু চৰ্চিত হৈছিল।
সেই চিনেমা খনৰে দ্বিতীয় ভাগটোৱেও মুক্তিৰ আগতেই বহু বাৰ চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছে।
কাহিনী অনুসৰি ভগৱান শিৱৰ এজন সঁচা ভক্ত কান্তি চৰণ মুদ্গল।
তেওঁৰ ল’ৰা বিবেকক এবাৰ বেয়া আচৰণ কৰাৰ বাবে বিদ্যালয়ৰ পৰা উলিয়াই দিয়ে।
যেতিয়া কান্তিয়ে তেওঁৰ ল’ৰাৰ সেই বিশেষ ”বেয়া আচৰণ” ৰ বিষয়ে অৱগত হ’ল, তেওঁ বুজিব পাৰিলে যে সেই ‘আচৰণ” তেওঁৰ ল’ৰাৰ অজ্ঞানতাৰ বাবেই উৎপন্ন হৈছে।
তেওঁ সেই বিপদৰ পৰা উদ্ধাৰ পাবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ লাগিল।
এজন অচিনাকী মানুহৰ দৰে আহি ভগৱানেও এই বিপদত কান্তি ক সহায় কৰিলে।
এই বিপদৰ পৰা উদ্ধাৰ পাবলৈ কান্তিয়ে কি কৰিলে?
তেওঁ এই বিপদৰ পৰা কেনেদৰে পৰিত্ৰাণ পালে?
বিবেকৰ সমস্যাটো কি আছিল?
স্কুলত আকৌ বিবেকক ভৰ্তি হোৱাৰ অনুমতি দিলেনে?
এই সকলো কথা জানিবলৈ আপুনি চাব লাগিব অমিত ৰাই ৰ নিৰ্দেশিত চিনেমা অ’. এম. জি. ২।
হাঁহিৰ মহঙা দিনত চিনেমা খনে দৰ্শকক হাস্য ৰসৰো সোৱাদ দিছে।
চিনেমা খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা পংকজ ত্ৰিপাঠী(কান্তি চৰণ মুদ্গল) আৰু অভিনেতা অক্ষয় কুমাৰে( ভগৱান)।
চিনেমা খনৰ সফলতাৰ আঁৰত অভিনেতা পংকজ ত্ৰিপাঠীৰ অৰিহণা বেছি বুলি সকলোৱে একেমুখে স্বীকাৰ কৰিছে।
এক বিশেষ চৰিত্ৰত অভিনেত্ৰী য়ামী গৌতমেও চিনেমা খনত অভিনয় কৰিছে।
“ৱান্ডাৰ ৱ’মেন”
২০১৭ ৰ চিনেমা “ৱান্ডাৰ ৱ’মেন”
Wonder Women ২০১৭ চনত নিৰ্মিত এখন চুপাৰহিৰো চিনেমা।
ৱাৰ্নাৰ ব্ৰ’জে পৰিচালনা কৰা চিনেমা খনৰ নাম ভূমিকাত অভিনয় কৰিছে Gal Gadot এ।
শুনা যিয় যে নাম ভুমিকাত অভিনয় কৰা Gal Gadot চিনেমা খন কৰাৰ সময়ত ৭ মাহৰ গৰ্ভৱতী আছিল।
যদি কথাটো সত্য, তেনেহ’লে নিচিন্তকৈ অভিনেত্ৰী গৰাকী বাস্তৱ জীৱনটো এগৰাকী বিস্ময়কৰ নাৰী।
কাহিনী অনুসৰি, বৰ্তমান সময়ৰ পেৰিচ চহৰত বাস কৰা দিয়ানা প্ৰিঞ্চ নামৰ মহিলা গৰাকীয়ে নিজৰ আৰু চাৰিজন অন্য অচিনাকি লোকৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লোৱা এক পুৰণি ছবি লাভ কৰে।
সেই ছবিয়ে তেওঁক অতীতৰ কিছু কথা মনত কৰাত সহায় কৰে।
এনেদৰে আগবাঢ়ে ছবিৰ কাহিনী ভাগ।
দিয়ানা প্ৰিঞ্চ হৈছে আমাজন বাস কৰা এগৰাকী ৰাণীৰ সন্তান।
তেওঁ বাস কৰা ঠাই খনত মানৱ জাতিৰ ৰক্ষাৰ কাৰণে ভগৱানে নাৰী যোদ্ধাৰ নিৰ্মাণ কৰে।
ছবি খনৰ কাহিনী ভাগ বাস্তৱ পৃথিৱীৰ লগত সংগতি নথকা হ’লেও ছবি খনৰ যোগেদি বহুতো শিক্ষণীয় কথা জানিব পাৰি।
যিদৰে আমাৰ কাহিনীবোৰত নাৰীক দুৰ্গা অথবা কালী ৰূপেৰে দেখুওৱা হয়, ঠিক তেনেদৰেই এই কাহিনী ভাগতো এগৰাকী চুপাৰ ৱমেনৰ ৰূপত অভিনেত্ৰী গৰাকীক প্ৰস্তুত কৰা হৈছে।
ক্ষণচৰঃ
ক্ষণচৰঃ ককা আৰু নাতিৰ সম্পৰ্ক
এজন খঙাল মানুহ। বয়সস্থ।
কি পৰিস্থিতিয়ে তেওঁক খঙাল কৰিছে সেই কথা আৰম্ভণিতে স্পষ্ট নহয়।
এদিন এজন ল’ৰাই তেওঁৰ নাতিয়েকক লৈ আহে তেওঁৰ ওচৰলৈ।
তেতিয়া গম পোৱা যায় যে তেওঁৰ পুতেকে কিবা ভুলৰ বলি হৈ জেলত আছিল, যাৰ বাবে তেওঁ পুতেকক বেয়া পায়।
আৰু পুতেকক বেয়া পায় কাৰণে তেওঁ নাতিয়েককো লগত ৰাখিব নোখোজে।
তথাপি একমাত্ৰ আত্মীয় কাৰণে বাধ্যত পৰি তেওঁ নাতিয়েকক লগত ৰাখিব লগীয়া হয়।
ককাক আৰু নাতিয়েকৰ সৰু সৰু কাজিয়াৰ মাজেৰে কাহিনী ভাগ আগবাঢ়িছে।
প্ৰতিবেশী, সৰু- ডাঙৰ সকলোৱেই ”হিটলাৰ” বুলি সম্বোধন কৰা ককাকৰ কোমল ৰূপ দেখা পোৱা অকণমানিটোক দেখিলে আপোনাৰো বুকু ভৰি আহিব।
চিনেমা খন নিৰ্দেশনা কৰিছে সৌৰভ বৈশ্যই।
এখন সামাজিক চিনেমা হিচাপে ”ক্ষণচৰ” এ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
সুকন্যা শইকীয়া, Rnewsindia24.com