৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Oct 16/2023:-
1. আজি ৰাজ্যৰ ভিন্ন স্থানত আয়োজন কৰা হয় মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফৰ প্ৰমাণ-পত্ৰ বিতৰণ অনুষ্ঠান।
ডিব্ৰুগড়ত অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
মানকটা খেলপথাৰত সম্বোধন কৰে বিশাল জনসভাক।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, পুণাকন বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,অসম পেট্ৰকেমিকেল্ছৰ অধ্যক্ষ বিকুল ডেকা, জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বহু গণ্যমান্য ব্যক্তি।
2. দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত ৰাহুল গান্ধী৷
চানমাৰিৰ পৰা ৰাজভৱনলৈ পদযাত্ৰাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে৷
3. ধেমাজিৰ নতুন চিচিবৰগাঁও বিধানসভা সমষ্টিত ‘চাঙে চাঙে কংগ্ৰেছ’ কাৰ্যসূচী।
ৰাইজৰ সৈতে নাচি-বাগি সভাত অংশগ্ৰহণ কৰে APCCৰ সভাপতি ভূপেন বৰাই।
4. গুৱাহাটী সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ছাৰ্ভাৰ ডাউন।
চৰকাৰে ধন দিব নোৱাৰাৰ বাবে ছাৰ্ভিচ দিব পৰা নাই AMTRON-এ।
এই তথ্য সদৰী কৰে AMTRONৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
5. চন্দ্ৰযান-৩ আৰু আদিত্য L1ৰ সফলতাৰ পাছত এইবাৰ মিছন ‘গগনযান’ৰ বাবে সাজু ISRO ৷
২১ অক্টোবৰত ‘গগনযান’ৰ প্ৰথম পৰীক্ষণমূলক উৎক্ষেপন৷
মহাকাশচাৰীৰ সৈতে মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব ‘গগনযান’৷
6. ভাৰত-বাংলাদেশৰ যুটীয়া সামৰিক অনুশীলনৰ সামৰণি।
৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ অনুষ্ঠিত হয় অনুশীলন SAMPRITI-XI।
7. ‘দুৰ্গা পূজাত মহানগৰীৰ ১৭৫খন পূজা মণ্ডপক দিয়া হ’ব পুৰস্কাৰ৷
২০ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব পূজা মণ্ডপসমূহৰ স্বচ্ছতা প্ৰতিযোগিতা’৷
সংবাদমেলত ঘোষণা GMCৰ মেয়ৰ মৃগেন শৰণীয়াৰ৷
8. বকোত ঘোচখোৰ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ।
ASI মুকুট আলীক গ্ৰেপ্তাৰ কৰে CM ভিজিলেন্সে।
৩ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় মুকুট আলী।
9. কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত CM ভিজিলেন্সৰ অভিযান।
উৎকোচ লৈ গ্ৰেপ্তাৰ হয় কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা।
চৰকাৰী কামৰ ফাইল ৰখাই ধন দাবী কৰাৰ অভিযোগ।
CM ভিজিলেন্সে হাতে-লোটে গ্ৰেপ্তাৰ কৰে সহকাৰী আয়ুক্তগৰাকীক।
10. ওদালগুৰি জিলা বিজেপিৰ উপ-সভাপতি বীৰদাও বসুমতাৰীৰ পদত্যাগ পত্ৰ।
ওদালগুৰি জিলা বিজেপি কমিটীৰ সভাপতিলৈ পদত্যাগ কৰে পত্ৰ প্ৰেৰণ বীৰদাও বসুমতাৰীয়ে।
আজি BPFত যোগদান কৰে ওদালগুৰি জিলা বিজেপিৰ উপ-সভাপতিগৰাকীয়ে।
11. দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত ৩ বিষয়া ।
৩বিষয়া DFO বিনোদ পায়েং, বনকৰ্মী জিয়াউল ইছলাম, ছাহবাজ চুলতান।
12. হাৰিয়ানাত আন্তঃৰাষ্ট্ৰীয় যোগাসন স্প’ৰ্টছ চেম্পিয়নশ্বিপ-২০২৩।
হোটেল প্ৰেম প্লাজাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
বিভিন্ন শাখাৰ প্ৰতিযোগীতাত অসমে ১৮টাকৈ পদক লাভ কৰে।
13. বজালীৰ সৰুপেটাৰ চাউলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী বলেৰ’ বাহনে মহটিয়াই নিয়ে বাইক আৰোহীক।
দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহীজন।
নাম হামিনুল ইছলাম।
14. তিনিচুকীয়াত ঋণগ্ৰস্ত মহিলাৰ প্ৰতিবাদ।
তিনিচুকীয়াৰ উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ।
মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই নোপোৱাত সাব্যস্ত কৰে প্ৰতিবাদ।
15. তামুলপুৰৰ নবিনগাঁৱৰ বনৰীয়া হাতীৰ আক্রমণত মৃত্যু হয় এগৰাকী বৃদ্ধ।
হাতীৰ আক্রমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল বৃদ্ধগৰাকী।
মৃত বৃদ্ধগৰাকীৰ নাম সত্যেন্দ্র বিশ্বাস।
16. নলবাৰীৰ নিজ পকোৱাত শোকাৱহ ঘটনা।
ফটকা ফেক্টৰীত অগ্নিদগ্ধ হৈ যুৱকৰ মৃত্যু।
ফটকা প্ৰস্তুতৰ সময়তে জুইত মৃত্যু হয় শিৱম নামৰ যুৱকজন।
17. জুৰীয়াৰ তিনিচুকীয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
প্ৰায় ১ কেজি গাঞ্জাসহ আটক এটা সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটো ওমৰ ফাৰুক।
18. ‘অসমৰ জাতি-জনগোষ্ঠীৰ বিষয়ে কংগ্ৰেছৰ কিছু অধ্যয়নৰ প্ৰয়োজন’।
ভূপেন বৰাই চাঙে চাঙে যোৱাৰ পূৰ্বে অসমৰ সভ্যতা-সংস্কৃতিৰ কথা জনা উচিত।
অসমৰ জাতি-জনগোষ্ঠীৰ বিষয়ে কংগ্ৰেছক অধ্যয়নৰ পৰামৰ্শ আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
19. মঙলদৈত শোকাৱহ দুৰ্ঘটনা।
বাহনত গৈ থকা অৱস্থাতে অচেতন হৈ মৃত্যু ছাত্র।
নাম জ্যোতিষ্মান বৰুৱা।
20. বকোৰ আলোকজাৰীত অঘটন।
মৌৰ কামোৰত নিহত হয় এজন লোক।
নিহত লোকজনৰ নাম প্রদীপ বিশ্বাস।
বাইকেৰে আহি থকা সময়ত মৌ বাহ সৰি পৰি সংঘটিত হয় এই অঘটন।
Sangita Dutta News Editor Rnewsindia24.com