৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Oct 18/2023:-
1. আজিৰে পৰা তিনিদিনীয়াকৈ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙত গুণোৎসৱ।
শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত নিজাববীয়াকৈ গুণোৎসৱৰ আয়োজন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগে।
2. চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ।
সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ ৪% DA বৃদ্ধিত কেন্দ্ৰৰ অনুমোদন।
৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাব মৰগীয়া বানচ।
3. নিউয়ৰ্কৰ বাণিজ্যিক ক্ষেত্ৰত ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰণধীৰ জয়ছোৱালক নিউৰ্য়কৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰৱৰ্তী মুখপাত্ৰ হিচাপে নিযুক্তি প্ৰদান কৰা হয়।
4. বঙাইগাঁৱৰ মাণিকপুৰৰ খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষক নিলম্বন।
PMGAYৰ গৃহ আবণ্টনত খেলিমেলি, দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হয় বিষয়া গৰাকী।
5. ছত্তিশগড়ৰ কৱৰ্ধাত নিৰ্বাচনী প্ৰচাৰ সভা।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জনসভা সম্বোধন।
ছত্তিশগড়ৰ ভূপেশ ৱাঘেল নেতৃত্বাধীন চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
6. জাগীৰোড আৰক্ষীৰ জালত ৩ কিশোৰী অপহৰণকাৰী।
আটক অপহৰণকাণ্ডৰ মাষ্টাৰ মাইণ্ড ঢেকীয়াজুলিৰ বাবুল আলী।
গাড়ীচালক বচিৰ আহমেদ, মৈৰাবাৰীৰ আলী উপাধিৰ এজন ফাৰ্মাচিষ্টক আটক কৰে আৰক্ষীয়ে।
7. তিনিচুকীয়াৰ পেঙেৰীত উদ্ধাৰ হোৱা মৰ্টাৰ নিষ্ক্ৰিয়।
অৱশেষত বোমা বিশেষজ্ঞই নিষ্ক্ৰিয় কৰে 81 MM মৰ্টাৰটো।
মঙলবাৰে তৰাণী গাঁৱৰ দলঙৰ সমীপত উদ্ধাৰ হয় মৰ্টাৰটো।
মৰ্টাৰ উদ্ধাৰৰ পাছতে অঞ্চলটোত সেনাই গঢ়ি তুলিছিল কটকটীয়া নিৰাপত্তা।
উদ্ধাৰ হোৱা 81 MM মৰ্টাৰ আমেৰিকাত নিৰ্মিত।
8. মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ডাম্পাৰ আৰু কণ্টেইনাৰৰ মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত নিহত হয় ডাম্পাৰখনৰ চালক।
আহত আন এজনৰ চিকিৎসালয়ত মৃত্যু হয়।
9. গুৱাহাটীত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু।
মহানগৰীৰ ৰুক্মিণীগাঁৱত উদ্ধাৰ মৃতদেহটো।
এটা এপাৰ্টমেণ্টৰ নলাত উদ্ধাৰ কৰে জ্যোতিষ তালুকদাৰ নামৰ এজনৰ মৃতদেহ।
এপাৰ্টমেণ্টটোত কেয়াৰটেকাৰৰূপে আছিল জ্যোতিষ তালুকদাৰ।
10. বিশ্বনাথত গুলীসহ পিষ্টল উদ্ধাৰ।
পিষ্টল, মেগজিন, ৫টা সক্ৰিয় গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে।
ধূলি চাহ বাগিচাৰ ২৩ নং লাইনৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো।
শুকান কলগছৰ তলৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো।
11. দুলীয়াজানত তিনিটা দুৰ্ধৰ্ষ বাইক চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড পিটি হাজৰিকা ওৰফে সুৰজ।
ডিব্ৰুগড়, তিনিচুকীয়াত বৰ্তমানলৈকে ৭০ খনৰো অধিক বাইক চুৰি কৰে চক্ৰটোৱে।
12. মহানগৰীৰ পাণ্ডু ঘাটত দুদিনীয়াকৈ হ’ব প্ৰতিমা বিসৰ্জন।
আৰক্ষীৰ শীৰ্ষ বিষয়া, বিসৰ্জন কমিটীৰ সৈতে ঘাট পৰিদৰ্শন কৰে জিলা আয়ুক্ত পল্লৱ গোপাল ঝা এ।
13. যোৰহাটৰ পুলিবৰত পিষ্টলসহ ৩জনক আটক কৰে আৰক্ষীয়ে।
গৰু কঢ়িওৱা বাহনৰ পৰা ধন সংগ্ৰহৰ চেষ্টা দুৰ্বৃত্তৰ।
আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে দলটোক।
ধৃত ৰক্তিম দাস, মানস দাস, গণেশ দলে।
14. মহানগৰীৰ হোটেল ৰেডিছন ব্লুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
বৰাগাঁৱত দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত এজন ডাম্পাৰ চালক।
নাম মুকুট আলি।
15. “জোনমণি ৰাভাৰ পৰিয়ালক আমি সহায় কৰিম, CBIৰ তদন্তৰ ৰিপ’ৰ্টলৈ আমি অপেক্ষা কৰিছোঁ”- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
16. মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ।
অনুৰাধা ছবিগৃহৰ সমীপত সংঘটিত হয় ঘটনাটো।
17. জয়ন্ত মল্লবৰুৱাই ভ্রমণ কৰা হেলিকপ্টাৰত যান্ত্রিক বিজুতি।
মাজ আকাশত হেলিকপ্টাৰৰ এটা ইঞ্জিন বিকল হয়।
মানকাচৰৰ পৰা গুৱাহাটীলৈ আহি আছিল মন্ত্রীগৰাকী।
কথমপি প্রাণ ৰক্ষা মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ।
18. সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ প্ৰতিবাদ।
আকাশবন্তি জ্বলাই বিজুলী ভৱনৰ সন্মুখত অস্থায়ী কৰ্মীসকলৰ ৩০ অক্টোবৰৰ ভিতৰত চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
19. জালুকবাৰীৰ শৰাইঘাট নগৰত অভিযান আৰক্ষীৰ।
৮টাকৈ চোৰক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীয়ে।
এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰে চুৰি সোণৰ আ-অলংকাৰ।
৩০ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ ফাৰহাদ আলী, ফুলচান্দ, আলী আকবৰ, জুৰান আলী, খাইবৰ আলী, চাইবুদ্দিন ৰহমান, তবিচুদ্দিন, ৰবিচান্দ।
৩খন বাইক, এখন চাৰিচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে।
20. মাজুলীত শোকাৱহ ঘটনা।
ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি এজন ছাত্ৰৰ।
নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ অঞ্জন পায়েং।
নৈ পাৰ হৈ গাখীৰ আনিবলৈ যাওতে মৃত্যু হয় ছাত্ৰজনৰ।
Sangita Dutta News Editor Rnewsindia24.com