৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 19/2023:- 

1. জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণসেতু মুকলি।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে উৰণসেতুখন।

2. দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইলত উপস্থিত হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাক৷

3. আজি ১৩ দিনত ভৰি দিলে ইজৰাইল-হামাছৰ যুদ্ধই৷
যুদ্ধত বৰ্তমানলৈ ৪,৯৭৬গৰাকী লোকৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ১৭,৭৭৫ গৰাকী লোক৷

4. অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উদ্যোগত গুৱাহাটীৰ NEDFIত ‘অসম ঋণ নিশ্চয়তা পুঁজি আঁচনি’ৰ সজাগতা সভা।
ৰাজ্যৰ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক ঋণ প্ৰদানৰ বাবে ৰূপায়ন কৰা হয় এই আঁচনি।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

5. পূজাৰ বতৰত কেন্দ্রীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ।
৪ শতাংশ মৰগীয়া বানচ বৃদ্ধি পাব কেন্দ্রীয় কৰ্মচাৰীৰ।
কেন্দ্রীয় কেবিনেটত এই সিদ্ধান্ত।

6. নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়, বিহামপুৰ বাৰোৱাৰী শ্রীশ্রী দুৰ্গা পূজা, ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ দৰ্শন কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
লগতে ধমধমা দুৰ্গা মন্দিৰৰ বাবে ৩০ লাখ টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে।

7. নগাঁৱৰ চামগুৰিত জালত পৰিল দুৰ্নীতিগ্ৰস্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ জলেন বৈশ্য।
বিল মুকলি কৰি দিয়াৰ নামত ধন লৈ হাতে লোটে গ্ৰেপ্তাৰ জলেন বৈশ্যই।

8. উত্তৰ দিশপুৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত নৱনিৰ্মিত বিষ্ণুমন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

9. গুৱাহাটীত 2খনকৈ ৰেলৰ যাত্ৰা মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উদ্বোধন কৰে গুৱাহাটী-দুল্লভচৰা এক্সপ্ৰেছ আৰু আগৰতলা চাব্ৰুম এক্সপ্ৰেছ।

10. মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সমষ্টিয়ে সমষ্টিয়ে মন্ত্ৰী বিধায়কৰ সভা।
বিজেপিৰ সুভাইঝাৰ মণ্ডলৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত দাসে।

11. চ’চলত শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ।
‘মুখ্যমন্ত্ৰীৰ পত্নীলৈ শ শ বিঘা মাটি, আমালৈ একঠাও নাই’ শ্ল’গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।

12. লখিমপুৰত চীনৰ আগ্ৰাসনৰ বিৰূদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
চীনৰ আগ্ৰাসন আৰু চীনা সামগ্ৰী বৰ্জনৰ বিৰুদ্ধে লখিমপুৰ নগৰৰ মাজমজিয়াৰ লখিমী চাৰিআলীত হিন্দু যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত চীনৰ পতাকা জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

13. পুৱা ৬ বজাৰ পৰা গুৱাহাটী -ৰজাদূৱাৰ ঘাটৰ ফেৰী সেৱা বাতিল ।
ডাঠ কুঁৱলীৰ বাবেই ফেৰী সেৱা বাতিল কৰে জল পৰিবহন বিভাগে ।
গুৱাহাটী – মধ্যম খণ্ড ঘাটৰ ফেৰী সেৱা আৰম্ভ হয়।

14. বিলাসীপাৰা উন্নয়ন খণ্ডৰ কাজাইকাটা দ্বিতীয় খণ্ডৰ পাৰঘাটক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ।
বিগত তিনি মাহ ধৰি পাৰঘাটৰ বিভিন্ন পক্ষৰ মাজত সৃষ্টি হৈছে কাজিয়াৰ, ফলত হাৰাশাস্তি ভুগিছে স্থানীয় ৰাইজে।
দালাল চক্ৰৰ দ্বাৰা সপ্তাহৰ মূৰে মূৰে চালক বদলি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

15. “তৰুণ গগৈয়ে ১০ হাজাৰ কোটি টকা ৠণ লোৱা বাবে সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই, তেওঁ এতিয়া ১লাখ ৪০হাজাৰ কোটি টকা ৠণ লৈছে” – মন্তব্য ৰকিবুল হুছেইনৰ।

16. চাইবাৰ অপৰাধত জড়িত আৰু দুজন অভিযুক্তক গ্রেপ্তাৰ।
নিশা ক্রাইম ব্রাঞ্চে গ্রেপ্তাৰ কৰে দুই অভিযুক্তক।অভিযুক্তদ্বয় তৌফিক আলম আৰু ৰূপজ্যোতি তালুকদাৰ।

17. শিলচৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত ৪ কেজি হেৰ’ইন জব্দ।
ড্ৰাগছ সৰবৰাহকাৰী দুই মিজো যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
কলকাতাৰ পৰা মিজোৰামলৈ আনিছিল এই ড্ৰাগছ খিনি।

18. জাগীৰোডৰ নেলী মকৰীয়াত কৰুণ ঘটনা৷
বন্যহস্তীৰ আক্ৰমণত নিহত হয় হৰিপ্ৰসাদ মেধি নামৰ এজন যুৱক৷
ঘৰত শুই থকা অৱস্থাত বন্যহস্তীয়ে আক্ৰমণ কৰে যুৱকজনক৷

19. ছিপাঝাৰ হাজৰিকাপাৰাত শোকাৱহ পথ দুৰ্ঘটনা।
পথৰ দাঁতিত থকা গছত প্ৰচণ্ড খুন্দা মাৰে বাইক আৰোহী গৰাকীয়ে।
থিতাতে নিহত হয় বাইক আৰোহী অপূৰ্ব ডেকাৰ।

20. মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান৷
খানাপাৰা উৰণসেতুৰ তলৰ পৰা জব্দ কৰে ৮৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ৷
ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে ধন ৰাভা, আইনুল শ্বেখ, কেটেপ বড়ো, চুনাবানো বেগমক৷

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *