৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 24/2023:- 

1. অৰুণাচলৰ টাৱাঙত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
সেনাৰ সৈতে বিজয়া দশমীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজনাথ সিঙে।
বিজয়া দশমী উপলক্ষ্যে অনুষ্ঠিত শস্ত্ৰ পূজাতো অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

2. নাগপুৰত RSSৰ বিজয়া দশমী উৎসৱ উদ্‌যাপন ৷
বিজয়া দশমীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে RSS প্ৰধান মোহন ভাগৱতে৷
লগতে নিৰ্বাচনৰ বাবে ভোটাৰক সতৰ্ক হ’বলৈ আহ্বান জনাই RSS প্ৰধানগৰাকীয়ে৷

3. জ’ বাইডেন, ঋষি চুনাকৰ পাছত ইজৰাইলত উপস্থিত হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন।

4. ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল দুই অসম সন্তান সুৰজ গোৱালা আৰু মোনালী বৰাই।
নেচনেল গেমছত বেডমিণ্টনৰ মিক্সড ডাবোলছত ব্ৰঞ্জৰ পদক লাভ কৰে।

5. গোলাঘাটত হিন্দী স্কুলত আয়োজি দূৰ্গা পূজাত উপস্থিত থাকে কৃষি মন্ত্রী অতুল বৰা।
কছাৰীহাটৰ মহিমামণ্ডিত ট্ৰিশূল মন্দিৰৰ লগতে গোলাঘাটৰ কেইবাভাগ পূজাত দেৱী দূৰ্গাৰ আশীষ লয় মন্ত্রী গৰাকীয়ে।

6. জাগীৰোড সমষ্টিৰ অন্তৰ্গত আহঁতগুৰিৰ আঞ্চলিক শ্ৰীশ্ৰীমন্ত শঙ্কৰ গুৰু কীৰ্ত্তনঘৰ আৰু নাটঘৰৰ মহাৰজত জয়ন্তী উৎসৱ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বহু গণ্য মান্য ব্যক্তি।

7. হানগৰীৰ হাতীগড় চাৰিআলিত পানীৰ পাইপ ফুটি সমগ্ৰ অঞ্চলজুৰি হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।

8. ‘‘আজমল ধাৰ্মিক নহয়, তেওঁ ‘চয়টান’৷
আজমল এজন অহংকাৰী মানুহ’৷
বদৰুদ্দিন আজমলৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খানৰ।

9. বাংলাদেশত শোকাৱহ ৰে’ল দুৰ্ঘটনা৷
দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ১৭জন যাত্ৰীৰ মৃত্যু হয় আৰু আহত হয় ১০০ৰো অধিক যাত্ৰী৷
ভৈৰৱ নামৰ এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা৷

10. মহানগৰীত চাঞ্চল্যকৰ ঘটনা৷
হেঙেৰাবাৰী এল পি স্কুলৰ সমীপত উদ্ধাৰ কৰে মৃতদেহ।
দুৰ্বৃত্তই হানিকুচি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।

11. দুলীয়াজানত অঘটন৷
গৰু এৰাল দিবলৈ গৈ বুঢ়ীদিহিং নৈত পৰি মৃত্যু হয় বামুণ গাঁৱৰ ৰঞ্জিত দাসৰ৷
ৰঞ্জিত দাসৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ৷

12. নেপালৰ কাঠমাণ্ডুত ভূমিকম্পৰ প্ৰবল জোকাৰণি৷
ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা হয় ৪.১ ।

13. মৰাণৰ বামুণবাৰীত শোকাৱহ দুৰ্ঘটনা৷
পূজা চাবলৈ আহি মৃত্যু হয় ১১ বছৰীয়া কিশোৰীৰ৷
খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা বাহনৰ খুন্দা মাৰে ৰশ্মিতা গড় নামৰ কিশোৰীগৰাকীক৷

14. দৰঙৰ খাৰুপেটীয়াত ভূমিকেন্দ্রিক সংঘাতৰ ভয়ংকৰ পৰিণতি।
ভূমি দখল কৰাক লৈ দুই ফৈদৰ মাজত প্রচণ্ড মাৰপিট।
মাৰপিটত থিতাতে নিহত হয় মহিলাসহ দুজন লোক।

15. মহানগৰীৰ ISBTৰ সমীপত মৃতদেহ উদ্ধাৰ।
এটা ট্রান্সফৰ্মাৰৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

16. বিহপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড।
চকুৰ পলকতে জ্বলি চাই হ’ল কনক চৰকাৰ আৰু বাবন চৰকাৰৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ।
দোকানৰ ভিতৰত জ্বলোৱা এগছি চাকিৰ পৰাই সংঘটিত হয় এই অগ্নি কাণ্ড।

17. আমিনগাঁও বজাৰ ক’ল’নীত উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ।
পুৱতি নিশা ব্ৰহ্মপুত্ৰৰ পৰা কাছটো উদ্ধাৰ কৰে দোমা চাহু নামৰ এগৰাকী ব্যক্তিৰ পৰিয়ালে।
কাছটো প্ৰায় ২০ কেজি ওজনৰ বুলি জানিব পৰা গৈছে।

18. অৰুণাচলৰ পৰা ওভতাৰ সময়ত অৰুণাচল-অসম সীমান্তত পথ দুৰ্ঘটনা।
থিতাতে নিহত অসমৰ শ্ৰমিক মকিবুল ইছলাম।
অৰুণাচলৰ পৰা উভতি অহাৰ সময়ত গহপুৰত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা।

19. ৭ ৰাজ্যলৈ IMDৰ সতৰ্কতামূলক জাননী জাৰি।
২৪-২৫ অক্টোবৰত অসম, ওড়িশা, পশ্চিম বংগ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ত বৰষুণৰ আশংকা।
ঘণ্টাত ১৮ কিঃমিঃ গতিবেগত উত্তৰ-পূবলৈ গতি কৰিছে সাগৰীয়া ঘূৰ্ণি হামুনে।

20. বিজনীৰ লাবদাংগুৰীত চাঞ্চল্যকৰ ঘটনা।
দুষ্কৃতিকাৰীয়ে জ্বলালে লাবদাংগুৰী-কলবাৰী সংযোগী পথৰ কাঠৰ দলং।
দলং খন জ্বলাই দিয়াৰ পিছতে দুখন গাঁৱৰ মাজত যাতায়ত সংযোগ বিচ্ছিন্ন ।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *