Rnewsindia24.com Assam Oct 30/2023:-
1. ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন।
উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু গণ্যমান্য ব্যক্তি।
সমাৱৰ্তনত মুঠ ১১৯৬ গৰাকী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰা হয়।
2. গুজৰাটৰ আম্বাজী মন্দিৰ দৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
দেশবাসীৰ মংগল কামনাৰে মা আম্বাক পূজা-অৰ্চনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
3. প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান।
৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ খৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল শৰৎ বৰকটকী৷
4. কৰ্তব্যৰত সুৰামত্ত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ DGP।
খাকী পোচাকত চেকা লগোৱা আৰক্ষীক শাস্তিৰ নিৰ্দেশনা।
টুইটযোগে সদৰী কৰে DGP জি পি সিঙে।
5. কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ডাউন টাউন বিশ্ববিদ্যালয়ে।
6. তিনিচুকীয়াত আৰক্ষীৰ উদ্যোগত ৰান ফ’ৰ ইউনিটী কাৰ্যসূচী৷
চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষ্যে এই কাৰ্যসূচী৷
ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি ৰান ফ’ৰ ইউনিটী৷
অনুষ্ঠানৰ শুভাৰম্ভণি কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে।
7. ৰাজীৱ ভৱনত উপস্থিত হয় আলফা নেতা অৰবিন্দ ৰাজখোৱা৷
ভূপেন বৰাক সাক্ষাৎ কৰি কৰমৰ্দন কৰে আলফা নেতাগৰাকীয়ে৷
8. সোণাৰিত উপস্থিত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’৷
সোণাৰি চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ বাংলোত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী৷
9. দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন অগ্ৰাহ্য৷
উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰে ছিছ’দিয়াৰ জামিন আবেদন৷
দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে ছিছ’দিয়াক৷
২৬ ফেব্ৰুৱাৰীত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল ছিছ’দিয়াক।
10. উত্তৰ প্ৰদেশৰ বদায়ুত শোকাৱহ দুৰ্ঘটনা৷
এখন স্কুল বাছত খুন্দা দ্ৰুতবেগী ৰে’লৰ৷
ঘটনাত ৪টা শিশুৰ থিতাতে নিহত হয়, ১৫টা শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
নবীগঞ্জৰ হজৰতপুৰ ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা৷
11. মহেন্দ্ৰ সিং ধোনিক SBI ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি প্ৰদান কৰে।
12. নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযান৷
অভিযানত জব্দ কৰে ৩ লাখ ১৭ হাজাৰ টকাৰ নকল নোট।
13. আলফা(স্বাঃ)ত যোগদান কৰে মৰাণৰ বৰপথাৰ দামৈখাটিৰ পলাশ কোঁৱৰে।
২৪ অক্টোবৰত পূজা চাবলৈ বুলি ঘৰৰ পৰা ওলাই যায় পলাশ কোঁৱৰ৷
14. “যতীন বৰাই বিজেপি ত্যাগ কৰিলে ১৫টা বিৰোধী দলে একেলগে চাব ৰাঘৱ।
ৰোধীয়ে চালে ‘ৰাঘৱ’ চাবলৈ আহিব ১ কোটি জনসাধাৰণে- মন্তব্য ভূপেন বৰাৰ।
15. চিৰাঙত আৰক্ষীৰ অভিযান।
অভিযানত মাৰণাস্ত্রসহ এজনক আটক কৰে।
লোকজনৰ পৰা জব্দ কৰে এটা বন্দুক আৰু ২০ জাঁই গুলী।
16. ওদালগুৰিত আছুৰ প্ৰতিবাদী কাৰ্যসূচী।
লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে বিক্ষোভ আছু নেতৃত্বৰ।
শীঘ্ৰেই পথ মেৰামতিৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।
17. বেলতলাৰ ভগদত্তপুৰত STFৰ অভিযান।
অভিযানত দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।ধৃত সৰবৰাহকাৰী ক্ৰমে আকাশ আলী, জয়নাল আলী।
৬৪.৫ গ্ৰাম হেৰ’ইনসহ নগদ ১২ হাজাৰ টকা, ৬টাকৈ ম’বাইল ফোন, এখন পালছাৰ বাহনো জব্দ কৰে।
18. আগমণিত ৰে’ল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজ আৰু দল-সংগঠনৰ।
নিউ মইনাগুড়ি-যোগীঘোপা ৰে’লপথত ক্ৰছিঙৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
দীৰ্ঘদিনে যাতায়াতত দুৰ্ভোগ ভুগি আহিছে দুখনকৈ গাঁৱৰ ৰাইজে।
19. গোৱালপাৰাৰ ধূপধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
যাত্রীবাহী বাছ, বলেৰ’ আৰু স্কুটিৰ মাজত সংঘৰ্ষ।
থিতাতে নিহত হয় বলেৰ’খনৰ চালক।
১৭নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
20. মহানগৰীত পুনৰ উদ্ধাৰ কৰা হয় মৃতদেহ৷
মৃতদেহটো সমৰঞ্জন দাসৰ বুলি চিনাক্ত কৰা হয়।
গীতা মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা৷
Sangita Dutta News Editor Rnewsindia24.com