৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 31/2023:- 

1. দিল্লীত অমৃত কলহ যাত্ৰাৰ সামৰণি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ।

2. লিঅ’নেল মেছিলৈ ২০২৩ বৰ্ষৰ সন্মানীয় বেলন ডি’অৰ বঁটা।
অষ্টমবাৰৰ বাবে এই বঁটা লাভ কৰে মেছিয়ে।

3. মুম্বাইৰ ৱানখড়ে ষ্টেডিয়ামত কাইলৈ মুকলি হ’ব শচীন তেণ্ডুলকাৰৰ বিশাল প্ৰতিমূৰ্তি।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই মুকলি কৰিব তেণ্ডুলকাৰৰ ২২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি।
অনুষ্ঠানত উপস্থিত থাকিব শচীন তেণ্ডুলকাৰ।

4. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ ২৬টা ৰাষ্ট্ৰীয় ঘাইপথৰ শিলান্যাস কৰে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে।
লগতে অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ বাবে কেইবা হাজাৰ কোটিটকীয়া প্ৰকল্পৰ কথা ঘোষণা কৰে।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত, অজন্তা নেওঁগ আৰু বহু গণ্য মান্য ব্যক্তি।

5. অৱশেষত জামিন পালে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে৷
নাইডুলৈ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ৷
গ্ৰেপ্তাৰৰ ৫২ দিন পাছত স্বাস্থ্যজনিত কাৰণত TDPৰ মুৰব্বী নাইডুলৈ জামিন৷
দক্ষতা বিকাশ আঁচনিৰ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল নাইডুক৷

6. ‘অসমৰ জনসাধাৰণৰ প্ৰতি ২০০ বছৰীয়া সেৱাৰ গৌৰৱোজ্জ্বল ইতিহাস থকা আমাৰ অসম আৰক্ষীক লৈ কটু ভাষা ব্যৱহাৰ নকৰিব।
অনুগ্ৰহ কৰি মই অনুৰোধ কৰিছো’৷
সামাজিক মাধ্যমত এই বিশেষ মন্তব্য DGP জি পি সিঙৰ৷

7. গ্ৰেপ্তাৰ হ’ব অৰবিন্দ কেজৰিৱাল।
সুৰানীতি কেলেংকাৰিৰ গোচৰত কেজৰিৱাললৈ চমন।

8. আজি লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী৷
১৪৮ সংখ্যক জন্মবাৰ্ষিকী উপলক্ষ্যে গুজৰাটত কেন্দ্ৰীয় কাৰ্যসূচী৷
অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আনহাতে, গুৱাহাটীৰ লতাশিল খেলপথাৰতো অসম আৰক্ষীয়ে আয়োজন কৰে জন্মবাৰ্ষিকী।

9. অসম চৰকাৰে প্ৰকাশ কৰিলে চাকৰিৰ বিজ্ঞাপন।
৩য় বৰ্গত ৭৬০০, ৪ৰ্থ বৰ্গৰ বাবে ৫০০০ পদৰ বিজ্ঞাপন প্ৰকাশ কৰে।
১০ নৱেম্বৰৰৰ পৰা www.assamgov.in আৰু sebaonline.org ত আবেদন কৰিব পাৰিব।
আবেদনৰ অন্তিম দিন ২৯ ডিচেম্বৰ ২০২৩ ।

10. ‘২৪ৰ নিৰ্বাচনক লৈ বিজেপি শিবিৰত তৎপৰতা।
দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক।
বৈঠকত আলোচনা কৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

11. ৰাজনীতিলৈ অহাৰ সম্ভাৱনা ২ IPS বিষয়াৰ।
চাকৰি এৰি বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে আনন্দ মিশ্ৰ, আনন্দ প্ৰকাশ তিৱাৰীয়ে।

12. গুৱাহাটী মহানগৰীৰ চন্দ্ৰপুৰত ১০ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিশেষ ধ্যান শিবিৰ।
এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী শিক্ষক সকলক ১০ দিনৰ বিশেষ ছুটীও প্রদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে।

13. ৰাংচাপাৰাত উপস্থিত অভিভাৱক মন্ত্ৰী অশোক সিংহল।
পৰিদৰ্শন কৰে জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি।

14. শীঘ্ৰেই গুৱাহাটীত স্থাপন হ’ব ২০ হাজাৰ ষ্ট্ৰীট লাইট।
৮৪ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হ’ব ষ্ট্ৰীট লাইট।
পুৰণি বিকল ষ্ট্ৰীট লাইটসমূহো কৰা হ’ব মেৰামতি।
CMSৰ সহায়ত নিৰীক্ষণ কৰা হ’ব ষ্ট্ৰীট লাইটসমূহ।
এই কথা জনায় GMCৰ মেয়ৰ মৃগেন শৰণীয়াই।

15. ডিব্ৰুগড়, শোণিতপুৰ, গুৱাহাটী, ধুবুৰী আৰু বৰপেটা লাগে আম আদমী পাৰ্টিক।
বিৰোধী ঐক্য মঞ্চলৈ পত্ৰ প্ৰেৰণ কৰে AAP অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে।

16. গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ ৰহস্যজনক মৃত্যু৷
মালিগাঁৱৰ সানভি ৱেলনেছ চেণ্টাৰত মিত্ৰ টাই নামৰ ২৫ বছৰীয়া যুৱকজনৰ মৃত্যু হয়।
মৃত যুৱকজনৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে।

17. বিলাসীপাৰাত দুৰ্বৃত্তলৈ আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা৷
গুলীবিদ্ধ ছফিকুল ইছলাম নামৰ দুৰ্ধৰ্ষ দুৰ্বৃত্তটো৷
চিৰাকুটাৰ বেতবাৰীলৈ আৰক্ষীয়ে লৈ গৈছিল দুৰ্বৃত্তটোক৷

19. ধেমাজিৰ ডেইলি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
উপায়ুক্তৰ কৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড।
জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি।

20. গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ আক্ৰমণত নিহত মেঘনাথ ক্ষত্ৰিয় নামৰ এজন লোক।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *