ৰবি মঞ্চৰ উদ্যোগত নন্দেশ্বৰ শইকীয়া স্মাৰক শাৰদীয় গীত আৰু কবিতাৰ আবেলি।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

শোণিতপুৰ জিলাৰ জামুগুৰি ৰবি মঞ্চৰ উদ্যোগত নন্দেশ্বৰ শইকীয়া স্মাৰক শাৰদীয় গীত আৰু কবিতাৰ আবেলি শীৰ্ষক অনুষ্ঠান ৰূপায়ন।

২৯ অক্টোবৰ দেওবাৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ অন্যতম শাখা জামুগুৰি ৰবি মঞ্চৰ উদ্যোগত জামুগুৰিহাটৰ ৰাজখোৱা চুকৰ বিশিষ্ট চিকিৎসক সাহিত্যিক ডা° হৰেণ শইকীয়াৰ বাসগৃহ ’ চম্পানদী’ত নন্দেশ্বৰ শইকীয়া স্মাৰক শাৰদীয় গীত আৰু কবিতাৰ আবেলি শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰে।

সভাখন আঁত ধৰে কবি মঞ্চৰ সম্পাদক কৃষ্ণ তালুকদাৰে,
সভাপতিত্ব কৰে কবি মঞ্চৰ সভাপতি তৰুণ বৰুৱাই, সভাখন পৰিচালনা কৰে কৰবী শইকীয়াই।
নন্দেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্টা লেখিকা শিক্ষাবিদ ধনদা কলিতাই।

শোণিত কোঁৱৰ গজেন বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে- আদ্ৰিকা শইকীয়া কাশ্যপীশইকীয়া আৰু ৰিয়াঞ্ছ ডেউৰীয়ে পৰিবেশন কৰা বৰগীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

বিশিষ্ট অতিথি নাৰায়ণপুৰৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী উপেন বৰুৱা উপস্থিত থাকি
নন্দেশ্বৰ শইকীয়াৰ বিষয়ে ভালেমান তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰি শ্ৰোতা দৰ্শকক মন্ত্ৰ মুগ্ধ কৰি ৰাখে ৷

পৰিয়ালৰ তৰফৰ পৰা আদৰণি ভাষণ প্ৰদান কৰে নন্দেশ্বৰ শইকীয়াৰ পুত্ৰ ডা°
হৰেণ শইকীয়াই ।

সভাত বৈশাখী দেৱী, বাণী দাস, উৎপল শৰ্মা, স্বপন মৈত্ৰ, সংস্কৃতি প্ৰিয়া কাশ্যপ, বহুকেইজন সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰাৰ উপৰিও প্ৰায় অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰে ৷

উক্ত সভাত উপস্থিত থাকে নাৰায়ণপুৰৰ বিশিষ্ট শিক্ষাবিদ জীৱন ভূঞা, সাহিত্যিক মহেশ্বৰ বৰা, খগেন হাজৰিকা, শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন মৈত্ৰ, পত্ৰিকা সম্পাদক আৰ কে বেজবৰুৱাকে ধৰি বহুকেইজন গণমান্য বক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *