৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Nov 2/2023:- 

1. লখিমপুৰ জিলাৰ পানীগাঁও ওম প্ৰকাশ দীনোদিয়া মহাবিদ্যালয়ত নৱনিৰ্মিত দুটাকৈ ভৱন ক্ৰমে মেনেজমেন্ট আৰু আই টি জ’ন শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ দত্ত, সমূহ অধ্যাপক-অধ্যাপিকা, পৰিচালনা সমিতিৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰীকে ধৰি স্থানীয় ৰাইজ।

2. গোৱালপাৰাৰ দুধনৈত বিশেষ অনুষ্ঠান৷
৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় শুভ উদ্বোধনী কৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

3. শিৱসাগৰৰ ডিমৌত কংগ্ৰেছৰ ‘চাঙে চাঙে কংগ্ৰেছ’ কাৰ্যসূচী৷
ডিমৌ চাৰিআলিৰ পৰা আৰম্ভ কৰে ‘চাঙে চাঙে কংগ্ৰেছ’ কাৰ্যসূচী৷
উপস্থিত থাকে APCCৰ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰাণা গোস্বামীকে ধৰি কেইবাজনো শীৰ্ষ নেতা।

4. ছত্তীশগড় নিৰ্বাচনী প্রচাৰ চলায় প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে।
কংকেৰত নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী জনসভা সম্বোধন।
৪ নৱেম্বৰত ৩ স্থানত প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

5. হৰদৈত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিশেষ কাৰ্যসূচী।
৫৪১ কোটি টকাৰে নিৰ্মিত ২১৭ টা প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে।
অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও মন্ত্ৰীৰ লগতে বিজেপি নেতা-কৰ্মী।

6. NDAত চামিল হ’ব হাগ্ৰামা মহিলাৰীৰ BPF।
হাগ্ৰামা মহিলাৰীৰ সৈতে বৈঠকত মিলিত হ’ব বিজেপি নেতৃত্ব৷
BPFক NDAত চামিলৰ অৰ্থে দিল্লীত বাহৰ অসম বিজেপিৰ নেতৃত্বৰ৷
BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়েও বাহৰ পাতিছে দিল্লীত৷

7. ২০২৪ৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ৷
সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰিছে তালিকা৷
২০২৪ চনত চৰকাৰী বন্ধ মুঠ ৩৬ দিন, দুদিন থাকিব অৰ্ধ ছুটী৷
১৭ অক্টোবৰত অনুষ্ঠিত কেবিনেটত জনোৱা হৈছিল অনুমোদন৷

8. বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰৰ বিজ্ঞানী।
বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত অসমৰ অধ্যাপকৰ নাম।
তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ ৬ গৰাকীকৈ অধ্যাপকৰ নাম।

9. ITMSৰ CCTVত ধৰা পৰে নিয়ম উলংঘনকাৰী শ শ যান-বাহন৷
ছিট বেল্ট, হেলমেট নিপিন্ধা, ৰঙা লাইটৰ অনুসৰণ নকৰা লোকক জৰিমনা৷
৫ দিনত ৮০ লাখ টকাৰ জৰিমনা সংগ্ৰহ কৰে যান-বাহন আৰক্ষীয়ে।

10. গণেশগুৰিৰ উৰণসেতুৰ তলত আম আদমী পাৰ্টীৰ প্ৰতিবাদ৷
অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন জাৰি কৰাক লৈ প্ৰতিবাদ৷
বিজেপিয়ে I.N.D.I.A. মহাজোঁট ভংগৰ বাবে কূট-কৌশল ৰচাৰ অভিযোগ৷

11. মুকালমুৱাত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ লাট মণ্ডল নয়ণমনি ডেকা।
মাটিৰ নামজাৰিৰ নামত লৈছিল উৎকোচ।

12. শিৱসাগৰ দিচাং মাজগাঁৱত চাঞ্চল্যকৰ ঘটনা৷
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ কৰে যুৱক-যুৱতীৰ মৃতদেহ।
মৃতদেহ দুটাৰ নাম পলাশ গগৈ আৰু লাকী মেচৰ বুলি জানিব পৰা গৈছে।

13. গোলাঘাটৰ শিৱ বস্তিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ।
শিৱ বস্তিৰ এখন ধাননি পথাৰত উদ্ধাৰ কৰে মৃতদেহটো।
মৃত ব্যক্তি গৰাকীৰ
নাম দুলু গোৱলা।

14. চানমাৰিৰ অসম ইঞ্জিনিয়াৰিং কলেজৰ সমীপত আৰক্ষীৰ অভিযান।
অভিযানত ২৫ হাজাৰ টকা মূল্যৰ ৩০টা কৰেক্সৰ বটল জব্দ কৰে।
লগতে এখন বাহনসহ ৪জন লোকক আটক কৰে আৰক্ষীয়ে।

15. ৰহাৰ চাপৰমুখত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
আৰক্ষীয়ে ৩টা হেৰ’ইনভৰ্তি বাকচ জব্দ কৰে।
লগতে গ্ৰেপ্তাৰ কৰে দুই মহিলাক।

16. সোণাপুৰৰ পাটৰকুছিত পুৰুষৰ মৃতদেহ উদ্ধাৰ।
যোৰাবাট-জাগীৰোড অভিমুখী পথত উদ্ধাৰ কৰে মৃতদেহটো।
বাহনৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
মৃত ব্যক্তি গৰাকীৰ নাম আনন্দ মিলি।

17. মাৰ্ঘেৰিটাৰ আৰ্ট মিলৰ সমীপত অগ্নিকাণ্ড।
এগৰাকী ব্যৱসায়ীৰ বাসগৃৰ পৰা জুইৰ সুত্ৰপাত ঘয়।
চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ছটা বাসগৃহ ভস্মীভূত হয়।

18. তেজপুৰৰ লালমাটিৰ ‘স্নেহবন্ধন’ৰ পৰা সন্ধানহীন ৩ গৰাকী কিশোৰী৷
বুধবাৰে বিয়লি খেলিবলৈ যোৱাৰ পৰাই সন্ধান নাই কিশোৰীকেইগৰাকীৰ৷

19. TMC ৰ উদ্যোগত ‘সোৱণশিৰি বচাওক,অসম বচাওক’ অভিযান।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰে এই অভিযান।
গুৱাহাটীৰ পৰা গেৰুকামুখলৈ ৰাওনা হ’ব খোজা বাইকৰ দলক বাধা দিয়ে আৰক্ষীয়ে।
বাধাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ হয়।

20. বামুণীমৈদামৰ আকাশী নগৰত অগ্নিকাণ্ড৷
এটা জাবৰৰ ডেম্পত নিশা সংঘটিত হয় এই ঘটনা৷
কোনো অজ্ঞাত লোকে জাবৰৰ দ’মটোত জুই লগোৱাৰ সন্দেহ ।

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *